নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে অসম গ্ৰন্থমেলাত ব্যাপক ভিৰঃ ১০ দিনত ৫কোটি ৮০লাখ টকাৰ গ্ৰন্থ বিক্ৰী
ডিজিটেল সংবাদ, গুৱাহাটী, ৫ জানুৱাৰীঃ ২০২৫ৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশ ঘটে অসম গ্ৰন্থমেলাত৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হয় জনস্ৰোত ৷ সন্ধিয়াৰ ভাগত লোকাৰণ্যত পৰিণত হয় গ্ৰন্থমেলাৰ বাকৰি৷
পুৱা ৯-৩০ বজাৰ পৰা অনুষ্ঠিত কৰা 'শিশুৰ দিন'ত কণ-মইনাহঁতৰ কলকলনিত আকৰ্ষণীয় হৈ পৰে অসম গ্ৰন্থমেলা প্ৰাংগণ৷ 'শিশুৰ দিন' উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী, বিশিষ্ট সমাজসেৱী, লেখিকা মৃণালিনী দেৱীয়ে৷ শিশুসকলক লৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয়, “গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো আনন্দদায়ক৷ আমাৰ শিশুসকল বিভিন্ন প্ৰতিভাৰ আকৰ৷ তেওঁলোকৰ প্ৰতিভা বিকাশ আৰু প্ৰসাৰৰ বাবে এনে এখন মঞ্চ অতি প্ৰয়োজনীয় ৷ শিশু সকলেই দেশখনৰ ভৱিষ্যত৷ সাহিত্য-সংস্কৃতি, ক্ৰীড়া-বিজ্ঞান, ৰাজনীতি-বাণিজ্য সকলো ক্ষেত্ৰৰে ভৱিষ্যৎ নিৰ্ভৰ কৰিব আজিৰ শিশুসকলৰ ওপৰত।” তেওঁ অভিভাৱক আৰু শিশু-কিশোৰসকলক উদ্দেশ্যি কয় যে কিতাপ পঢ়াৰ অভ্যাস আৰম্ভণিৰে পৰা গঢ়ি তোলা দৰকাৰ৷ আগ বয়সত পঢ়া কথাবোৰ সদায় স্মৃতিত খোদিত হৈ ৰৈ যায়৷ ইয়াৰ শুভফল পৈনত বয়সত লাভ কৰা যায়৷ অধ্যয়নশীলতাই শিশুসকলৰ অনাগত দিনবোৰ সুন্দৰ আৰু সুৰক্ষিত কৰে ৷ অসম গ্ৰন্থমেলাৰ এই অনুষ্ঠানে শিশুসকলক নিশ্চয়কৈ উৎসাহ যোগাব৷
উল্লেখ্য যে শিশুৰ দিন উপলক্ষে আজি গ্ৰন্থমেলাত অনুষ্ঠিত কৰা হয় চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ 'ক' শাখাত বিকিৰাজ কাশ্যপে প্ৰথম, অদ্ভিক বিজিতে দ্বিতীয়, নিবিড় ৰাজবংশীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে ভাৰ্গৱী ৰাজবংশী, হৃয়ান কলিতা, নিনাদ ছেত্ৰীয়ে৷ 'খ' শাখাত মানস প্ৰতীম ডেকাই প্ৰথম, নিৰ্জুমন বৰাই দ্বিতীয়, আৰুচি আফ্ৰিনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে অভিজ্ঞান শৰ্মা, তৃষ্ণা নাথ, নিভৃতি পাঠকে৷ 'গ' শাখাত এনি কাশ্যপে প্ৰথম, নিষ্ঠা প্ৰিয়ম শৰ্মাই দ্বিতীয়, মুক্তিশান্তা বৰ্মনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে শিল্পা বৰা, চিন্ময় দাস, ধৃতিমা ডেকাই৷কবিতা আবৃত্তি প্ৰতিযোগিতাৰ 'ক' শাখাত পূৱাঞ্চী দাসে প্ৰথম, প্ৰীতিষা কাশ্যপ, শ্ৰুতি মাধুৰ্যই যুটীয়াভাৱে দ্বিতীয়, ৰাগিনী কাশ্যপ, মঞ্জিতা হাজৰিকাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে অক্ষিতা কাশ্যপ, শ্ৰেয়াংশ্ৰী ডি. এন. শইকীয়া, আত্মিষা প্ৰজ্ঞা হাজৰিকাই৷ 'খ' শাখাত বকুল প্ৰাণ ভূঞাই প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, গাৰ্গী কাশ্যপে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে হিমজ্যোতি কুমাৰ, অংশ্ৰুতা লক্ষ্মী গোস্বামী, মূৰ্চনা শৰ্মাই৷ অহা ৭ জানুৱাৰীৰ বিয়লি গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত এই প্ৰতিযোগিতাসমূহৰ বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ উল্লেখ্য যে আজি দুপৰীয়া ১২ বজাৰ পৰা বৈশ্য ষ্টাডি চেন্টাৰৰ সঞ্চালক, শৈলেন বৈশ্যৰ পৰিচালনাত অনুষ্ঠিত মুকলি কুইজত শতাধিক লোকে অংশগ্ৰহণ কৰে৷
উল্লেখ্য যে বিদ্বৎ সমাজ, সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ ক্ৰয় কৰি বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে৷ আজি দশম দিনালৈ ৫ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তা সকলে৷ ইপিনে আজি গ্ৰন্থমেলাৰ বকৰিত 'বিস্ময়' আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰয়াত শশী ফুকনৰ সোঁৱৰণত অনুষ্ঠিত হয় 'অসমত পঢ়ুৱৈ সৃষ্টিত শশী ফুকনৰ অৱদান' শীৰ্ষক আলোচনা সত্ৰ৷ শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহতে অনুষ্ঠিত হোৱা এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি পঢ়ুৱৈ সৃষ্টিত প্ৰয়াত ফুকন আৰু 'বিস্ময়' আলোচনীৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে বিশিষ্ট সাংবাদিক, নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপ, বিশিষ্ট লেখক হেম চন্দ্ৰ দলে, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, প্ৰকাশ আলোচনীৰ সম্পাদকহমিহিৰ দেউৰী, বিশিষ্ট সাহিত্যিক ড° উপেন ৰাভা হাকাচাম, বিশিষ্ট লেখক কমল লোচন দাস, বিশিষ্ট লেখক ড° ছাইদুল ইছলাম, জ্যেষ্ঠ সাংবাদিক-লেখক ৰূপম বৰুৱা, নৱ ঠাকুৰীয়া, প্ৰবাল খাউণ্ড, অপৰাজিতা পূজাৰী, চম্পক শৰ্মা, প্ৰবাল ফুকন আদিয়ে ৷ বিস্ময় গোষ্ঠীৰ সৌজন্যত আয়োজন কৰা সত্ৰখনৰ আঁত ধৰে লেখক-আলোচক প্ৰণৱ কুমাৰ শৰ্মাই ৷