Logo
image

বিহুৰ পূৰ্বেই ৰাইজক পানী খুৱাবলৈ মন্ত্ৰীৰ নিৰ্দেশ বিষয়াক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ জানুৱাৰীঃ কেতিয়া গুৱাহাটীবাসীয়ে লাভ কৰিব ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী? প্ৰতিশ্ৰুতিৰ পাছত প্ৰতিশ্ৰুতি দি এখনৰ পাছত এখন চৰকাৰ আৰু এজনৰ পাছত আন এজন মন্ত্ৰী সলনি হৈছে যদিও গুৱাহাটীবাসীয়েহে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও পানী যোগানৰ বাৰম্বাৰ ডেডলাইন বান্ধি দিছে যদিও বাস্তৱত গুৱাহাটীবাসীৰ বাবে খোৱা পানী সুদুৰ পৰাহত৷ খাৰঘুলিৰ জল বিস্ফোৰণৰ পাছতেই এইবাৰ গুৱাহাটীবাসীক পানী যোগানৰ বাবে সাৰ পাইছে ৰাজ্য চৰকাৰে৷ পূৰ্বৰৰ নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালৰ ব্যৰ্থতাৰ পাছত এইবাৰ নৱ নিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ব’হাগ বিহুৰ পূৰ্বে গুৱাহাটীবাসীক পানী যোগানৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ 



খাৰঘুলিৰ নামঘৰ চ’কত জাইকাৰ পানীৰ পাইপ ফাট মেলি জল বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই দেওবাৰে জলব’ৰ্ডৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ বিজেপিয়ে বিগত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ব’হাগ বিহুৰ পূৰ্বে সমগ্ৰ গুৱাহাটীবাসীক খোৱাপানী যোগান নিশ্চিত কৰাৰ বাবে জলব’ৰ্ডৰ বিষয়াসকলৰ লগতে ঠিকাদাৰক কঠোৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীজনে৷ জলব’ৰ্ডৰ শীৰ্ষ বিষয়াসকলৰ লগতে মধ্য গুৱাহাটী পানী যোগান প্ৰকল্পৰ জাপানৰ এন জে এছ নামৰ পি এম চিটো কতৃৰ্ত্বশীল বিষয়াৰ লগতে ঠিকাদাৰী সংস্থাসমূহৰ প্ৰতিনিধি উপস্থিত থকা বৈঠকখনত পানী যোগান প্ৰকল্পটোৰ লেহেমীয়া কাম-কাজক লৈ খৰ্গহস্ত হৈ পৰে মন্ত্ৰী জয়ন্ত মল্ল৷ ক্ষুব্ধ মন্ত্ৰীজনে বিহুৰ পূৰ্বে পানী যোগান নিশ্চিত কৰিবলৈ সময়সীমা বান্ধি দি কোন সময়ত কি কি কাম সম্পূৰ্ণ কৰিব লাগিব তাৰ কাৰ্যসূচী প্ৰস্তুত কৰি আগবঢ়াৰ বাবেও হুমকি প্ৰদান কৰে বিষয়াসকলক৷ আনহাতে জাইকাৰ পানী যোগান পাইপত দুটাকৈ ভয়ংকৰ জল বিস্ফোৰণ সংঘটিত হোৱাত আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ ৰ পৰামৰ্শৰ ভিত্তিত পানীৰ পাইপৰ সংযোগ স্থান সমূহৰ ৱেল্ডিঙৰ বিসংগতি পৰীক্ষাৰ বাবে ৰবটিক ছাৰ্ভেৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে৷ পৰ্যালোচনা বৈঠকত জলব’ৰ্ডৰ বিষয়াসকলে জাইকাৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ পাইপ পোতাৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ নথি পত্ৰ যোগান কৰিব নোৱৰাত ক্ষুব্ধ হৈ পৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সংবাদ মাধ্যমৰ আগত পূৰ্বৰ প্ৰজেক্ট মেনেজমেণ্ট কনছালটেন্সীৰ কামৰ নথি পত্ৰ অন্তধান হোৱাৰ অসহায় স্বীকাৰোক্তি প্ৰদান কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়–বিশেষকৈ যিটো ট্ৰেন্সমিছন লাইনত দুবাৰকৈ দুৰ্ঘটনা সংঘটিত হ’ল, সেই পানীৰ পাইপৰ লাইনটোত আমি ৰবটিক ছাৰ্ভে কৰিব বিচাৰিছো৷ এই ৰবটিক ছাৰ্ভেৰ জৰিয়তে পানীৰ পাইপ লাইনটোত কি গণ্ডগোল আছে তাক ধৰিব পাৰিম৷ আই আই টি গুৱাহাটীয়ে দিয়া পৰামৰ্শৰ ভিত্তিতেই ৰবটিক ছাৰ্ভে কৰা হ’ব৷ চলিত জানুৱাৰী মাহতে পানী পৰিশোধন কেন্দ্ৰৰ পৰা ৰামছা শিললৈ পাম্পিং কৰি ৰবটিক ছাৰ্ভৰ জৰিয়তে কৰ’বাত জইণ্ট বা ৱেলডিঙত কিবা অসুবিধা আছে নেকি তাক ধৰা পেলাব পাৰিম৷ ঠিক তেনেদৰে মূল ট্ৰেন্সমিচন লাইনত মাৰ্চ মাহৰ ভিতৰত হাইড্ৰল’জীকেল পৰীক্ষা কৰাৰ বাবেও নিৰ্দেশ দিছো৷ গুৱাহাটীবাসীক যি ধৰণে প্ৰতিশ্ৰুতি দিছিলো– সেইদৰে ব’হাগ বিহুৰ সময়ত পানী দিয়াৰ ব্যৱস্থালৈ যাব পাৰো নেকি তাৰ বাবে কোন সময়ত কি কাম সম্পূৰ্ণ কৰিব লাগিব উক্ত লক্ষ্যত কৰ্মসূচী তৈয়াৰ কৰিবলৈকো নিৰ্দেশ দিছো৷ য’ত য’ত অসুবিধা আছে, সেই অসুবিধা দূৰ কৰিবলৈ বিভাগীয় বিষয়া, পি এম চি আৰু ঠিকাদাৰসকলকো নিৰ্দেশ দিছো৷ ভৱিষ্যতে যাতে জল বিস্ফোৰণৰ অসুবিধা নহয়, তাৰ বাবে চেষ্টা কৰিছোঁ৷