Logo
image

এইবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট নাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জানুৱাৰীঃ ‘এইবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট নাথাকে৷ অসমৰ প্ৰতীকপটে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত স্থান লাভ নকৰিলে৷’– এই ঘোষণা ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ৷ 



দেওবাৰে গুৱাহাটীত এক সংবাদ মেলত সাংবাদিকৰ আগত এই কথা সদৰি কৰি বৰাই কয়– ‘গণৰাজ্য দিৱসৰ বাবে প্ৰতীকপটৰ বিষয়বস্তু গৃহীত নহ’ল৷ ২০২৪ত আমাৰ প্ৰতীকপটে স্থান লাভ কৰিছিল৷ পুনৰ ২০২৬ ত আমাৰ প্ৰতীকপট স্থান লাভ কৰিব৷ সাধাৰণতে এৱাৰ স্থান লাভ কৰিলে পিছৰবাৰ বাচনি নহয়৷ প্ৰতীকপট নাথাকিলেও ৰেডফৰ্ডত আমাৰ ডিছ’প্লে থাকিব৷ ২৩-৩১ জানুৱাৰীলৈকে এই ডিছপ্লে প্ৰদৰ্শিত হ’ব৷’ 

উল্লেখ্য যে এইবাৰ গণৰাজ্য দিৱসত যে অসমৰ প্ৰতীকপট নাথাকে এই সন্দৰ্ভত ডিচেম্বৰতে ‘আমাৰ অসম’ত বিস্তৃতভাৱে প্ৰকাশ পাইছিল৷ মন্ত্ৰীৰ ভাষ্যই আমাৰ অসমৰ বাতৰিৰ সত্যতা প্ৰমাণিত কৰিলে৷