Logo
image

প্ৰিয়ংকাৰ গালৰ দৰে নিমজ ৰাস্তা বনাব বিজেপি নেতাই!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ জানুৱাৰীঃ কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীৰ গালৰ দৰে নিমজ পথ নিজৰ সমষ্টিত নিৰ্মাণ কৰিব বুলি নিৰ্বাচনী প্ৰচাৰ চলাই দেশজোৰা বিতৰ্কৰ সৃষ্টি কৰিছে বিজেপিৰ কালকাজীৰ প্ৰাৰ্থী ৰমেশ বিধুৰিয়ে৷ কেৱল মহিলাৰ প্ৰতি এই অপমানজনক মন্তব্য কৰিয়েই ক্ষান্ত থকা বিজেপিৰ প্ৰাৰ্থী বিধুৰি, তেওঁ এই মন্তব্যৰ আত্মপক্ষ সমৰ্থনো কৰিছে বহুবছৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদবে কৰা মন্তব্য উদ্ধৃত কৰি৷ বিৰোধী দল কংগ্ৰেছকে ধৰি দল-মত নিৰ্বিশেষে সকলোৱে বিজেপিৰ নেতাজনক ধিক্কাৰ দিলেও তেওঁ দমি যোৱা নাই, বৰং প্ৰতিশ্ৰুতি ৰক্ষা কৰি দিল্লীৰ ওখলা আৰু সংগম বিহাৰৰ পথৰ দৰে কালকাজীৰ পথো প্ৰিয়ংকা গান্ধীৰ গালৰ দৰে মিহিকৈ নিৰ্মাণ কৰিবই বুলি দাবী কৰিছে৷ তেওঁ কৈছে–‘লালুপ্ৰসাদ যাদবে এবাৰ দাবী কৰিছিল, তেওঁ বিহাৰৰ পথ ড্ৰিমগাৰ্ল হেমামালিনীৰ গালৰ দৰে নিমজ কৰি নিৰ্মাণ কৰিব৷ কিন্তু তেওঁ প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হ’ল৷ কিন্তু মই সকলো ভোটাৰকে আশ্বস্ত কৰি কৈছো, ওখলা আৰু সংগম বিহাৰৰ দৰে মই কালকাজীৰ পথো প্ৰিয়ংকা গান্ধীৰ মিহি গালৰ দৰেই মিহিকৈ বনাই দিম৷



ৰমেশ বিধুৰিক কংগ্ৰেছ দলৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাতেই এক অসভ্য আৰু নাৰীবিদ্বেষী বিজেপি নেতা বুলি অভিহিত কৰিছে৷ তেওঁ কয়, ৰমেশ বিধুৰিৰ বক্তব্যই বিজেপি দলটোৰ নাৰী-বিদ্বেষ প্ৰতিফলিত কৰিছে৷ বিধুৰিৰ মন্তব্য লজ্জাজনক, লেতেৰা বুলি তেওঁ মন্তব্য কৰে৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াই কয়, বিধুৰিৰ এই বক্তব্যই আৰ এছ এছৰ ‘আদৰ্শ’ প্ৰতিফলিত কৰিছে৷ কংগ্ৰেছৰ উপৰি আপৰ নেতায়ো ৰমেশ বিধুৰিৰ এই বক্তব্য নিন্দা কৰিছে৷

দেশজুৰি তীব্ৰ বিতৰ্ক, নিন্দাৰ জোৱাৰ উঠা সত্ত্বেও বিজেপিৰ প্ৰাৰ্থীজনে হাৰ নামানি সজোৰে আত্মপক্ষ সমৰ্থন কৰিছে৷ তেওঁ লালুপ্ৰসাদ যাদবে এসময়ত হেমামালিনীৰ গালৰ দৰে বিহাৰৰ পথ নিৰ্মাণ কৰিব বুলি কোৱা প্ৰসংগলৈ আঙুলিয়াই কয়–‘মোৰ বক্তব্যত দুখ পোৱা কংগ্ৰেছে হেমামালিনীৰ প্ৰতি কৰা বক্তব্যত আঘাত পোৱা নাছিল কিয়? তেতিয়া তেওঁলোকে কিয় হেমামালিনীক ক্ষমা বিচৰা নাছিল? তেওঁ চেলেব্ৰিটী শিল্পী, ভাৰতলৈ হেমামালিনীয়ে প্ৰিয়ংকা গান্ধীতকৈ অধিক গৌৰৱ কঢ়িয়াই আনিছে৷ তেওঁ মহিলা নহয় নেকি? হেমামালিনী প্ৰিয়ংকাতকৈ বহুগুণে ওপৰত৷ যদি লালুপ্ৰসাদ যাদব ভুল আছিল, তেন্তে ময়ো ভুল৷’