বিনা প্ৰতিদ্বন্দ্বিতাৰেই বিচিচিআইৰ সচিব পদত দেৱজিৎ শইকীয়া
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ জানুৱাৰীঃ অসমৰ ক্ৰিকেট কৰ্মকৰ্তাই পৰিচালনা কৰিব দেশৰ সবাতোকৈ প্ৰভাৱশালী ক্ৰীড়া সংগঠন বিচিচিআই, অৰ্থাৎ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড৷ বিশ্বৰ সবাটোকৈ ধনাঢ্য আৰু দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বাধিত গ্লেমাৰপূৰ্ণ ক্ৰীড়া সংগঠন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) শীৰ্ষ পদবীলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে অসমৰ এসময়ৰ ৰঞ্জী ক্ৰিকেটাৰ দেৱজিত শইকীয়া নিৰ্বাচিত হোৱাৰ লগে লগে বছৰৰ আৰম্ভণিতে ৰাজ্যলৈ আহিছে এই সুখবৰ ৷ সম্প্ৰতি বিচিচিআইৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্বত থকা দেৱজিত শইকীয়াই শনিবাৰে ব’ৰ্ডৰ সচিবৰ পদৰ বাবে মনোনয়নপত্ৰ দাখিল কৰে৷ সম্পাদকৰ পদলৈ মনোনয়নপত্ৰ দাখিল কৰা দেৱজিত শইকীয়াই একমাত্ৰ প্ৰাৰ্থী হোৱাৰ বাবে তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে সেই পদ লাভ কৰাটো নিশ্চিত হৈ পৰে৷ অহা ১২ জানুৱাৰীত বিচিচিআইৰ বিশেষ সাধাৰণ সভা আৰু বিষয়বাছনি সভা অনুষ্ঠিত হ’ব, য’ত ব’ৰ্ডৰ খালী হৈ থকা পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷
যিহেতু দেৱজিত শইকীয়াৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী থিয় হোৱা নাই, সেয়ে ১২ জানুৱাৰীৰ এই বিষয়বাছনি সভা কেৱল আনুষ্ঠানিকতাহে হ’ব৷ একেদিনাই প্ৰভতেজ ভাটিয়া বিচিচিআইৰ কোষাধ্যক্ষৰ পদলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে৷ কিয়নো সেই পদতো ভাটিয়াৰ বাহিৰে আন কোনেও প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়নপত্ৰ দাখিল নকৰিলে৷ অহা ১২ জানুৱাৰীৰ এই নিৰ্বাচন দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জটিয়ে পৰিচালনা কৰিব৷ যিহেতু ভোটদান অথবা নিৰ্বাচনৰ কোনো কথা নাই, সেয়ে নিৰ্বাচনী বিষয়াই কেৱল সচিব আৰু কোষাধ্যক্ষ নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈহে বাকী৷ প্ৰভতেজ ভাটিয়াই চণ্ডীগড় ক্ৰিকেট সন্থাৰ প্ৰতিনিধি হিচাপে কোষাধ্যক্ষৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ আনহাতে দেৱজিত শইকীয়াই সচিবৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ ফলত তেওঁ দায়িত্বত থকা বিচিচিআইৰ যুটীয়া সম্পাদকৰ পদ খালী হ’লেও সেই পদৰ নিৰ্বাচন সন্দৰ্ভত ব’ৰ্ডে কোনো মন্তব্য কৰা নাই৷ অহা ছেপ্টেম্বৰ পৰ্যন্ত দেৱজিত শইকীয়াই সচিব আৰু প্ৰভতেজ ভাটিয়াই কোষাধ্যক্ষৰ দায়িত্ব চম্ভালিব৷ ছেপ্টেম্বৰত ব’ৰ্ডৰ নিয়মিত সাধাৰণ সভা৷ দেৱজিত শইকীয়াই ছেপ্টেম্বৰত হ’বলগীয়া নতুন কমিটীৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব৷
ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণত শোচনীয় প্ৰদৰ্শন আগবঢ়োৱাৰ সময়তে দায়িত্ব লোৱা দেৱজিত শইকীয়াই এই মুহূৰ্তত বহু আক্ৰমণ চম্ভালিবলগীয়া হ’ব৷ পাঁচখনীয়া টেষ্ট শৃংখলাত আজি দেওবাৰে ভাৰতীয় দলটোৱে শেষ টেষ্টত পৰাজিত হৈ শৃংখলাটো ৩-১ মেচৰ ব্যৱধানত হেৰুৱালে৷ একে ফলাফলৰ জৰিয়তে টীম ইণ্ডিয়া টেষ্ট ক্ৰিকেটৰ ফাইনেলৰ পথৰ পৰাও বিতাড়িত হ’ল৷ অথচ এই শৃংখলা আৰম্ভ হোৱাৰ আগলৈকে টীম ইণ্ডিয়াৰ টেষ্ট ক্ৰিকেটৰ ফাইনেল খেলাৰ সম্ভাৱনা উজ্জ্বল হৈ আছিল৷ ইপিনে অন্তিম টেষ্টত অধিনায়ক ৰোহিত শৰ্মাক আঁতৰাই যশপ্ৰীত বুমৰাক নেতৃত্বৰ ভাৰ প্ৰদান কৰাৰ দৰে অগতানুগতিক ঘটনাও সংঘটিত হ’ল৷ ফৰ্মবিহীন আৰু অপমানিত ৰোহিত শৰ্মাই এই মুহূৰ্তত অৱসৰ ঘোষণা কৰে নে তেওঁ অধিক ধৈৰ্য্যৰে পুনৰ ফৰ্ম ঘূৰি অহালৈ অপেক্ষা কৰে, সেয়াও ভাৰতীয় ক্ৰিকেটৰ বাবে এই মুহূৰ্তত তাৎপৰ্যপূৰ্ণ ঘটনা৷ আনহাতে বিৰাট কোহলিয়ে ভাৰত এৰি লণ্ডনত স্থায়ীভাৱে থাকিবলৈ ল’ব বুলি জল্পনা-কল্পনা চলি আছে৷ ঘাইকৈ ভাৰতীয় ক্ৰিকেট দলটোৰ টেষ্টমেচত শোচনীয় প্ৰদৰ্শনৰ সন্ধিক্ষণত বিচিচিআইৰ সচিবৰ দায়িত্ব লাভ কৰা দেৱজিত শইকীয়াই কিদৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সেয়া তাৎপৰ্যপূৰ্ণ হৈ পৰিব৷ কিয়নো ক্ৰিকেট উন্মাদ অনুৰাগীৰে ভৰি থকা ভাৰতত টীম ইণ্ডিয়াই বেয়া প্ৰদৰ্শন কৰিলে যিদৰে দলটোৰ অধিনায়ক সকলোৰে শত্ৰু হৈ পৰে, ঠিক সেইদৰে তেনে পৰিস্থিতিত বিচিচিআইৰ সচিবো প্ৰচণ্ড আক্ৰমণৰ সন্মুখীন হয়৷ তেনে উদাহৰণ অলেখ আছে৷ সেই হিচাপত দেৱজিত শইকীয়াই দায়িত্ব গ্ৰহণ কৰা সময়টো অতি তাৎপৰ্যপূৰ্ণ বুলি চৰ্চা হৈছে৷
এসময়ত অসম ক্ৰিকেট সন্থাৰো সম্পাদকৰ দায়িত্ব পালন কৰা দেৱজিত শইকীয়া বিচিচিআইৰ সচিবৰ পদলৈ উন্নীত হোৱাৰ পূৰ্বে একেখন কমিটীৰ যুটীয়া সম্পাদক আছিল৷ ব’ৰ্ডৰ সভাপতি ৰ’জাৰ বিন্নীয়ে বিচিচিআইৰ তেওঁৰ সাংবিধানিক অধিকাৰ ব্যৱহাৰ কৰি যোৱা ৮ ডিচেম্বৰত দেৱজিত শইকীয়াক ভাৰপ্ৰাপ্ত সচিব হিচাপে নিয়োগ কৰিছিল৷ ব’ৰ্ড সচিব জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কমিটীৰ (আইচিচি) অধ্যক্ষ নিৰ্বাচিত হোৱাত এই পদ খালী হৈ আছিল৷ যোৱা ১ ডিচেম্বৰত জয় শ্বাহে আনুষ্ঠানিকভাৱে আইচিচিৰ অধ্যক্ষৰ দায়িত্ব লয়৷ ফলত অনতিবিলম্বে এই পদ পূৰণ কৰা অপৰিহাৰ্য হৈ পৰে৷ বিচিচিআইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে ব’ৰ্ডৰ সংবিধানৰ ৭ (১) ধাৰাৰ অধিকাৰ প্ৰয়োগ কৰি দেৱজিত শইকীয়াক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল৷ দেৱজিত শইকীয়ালৈ দিয়া পত্ৰত তেওঁ লিখিছিল– ‘ব’ৰ্ডৰ কোনো গুৰুত্বপূৰ্ণ পদ খালী হৈ থাকিলে বৰ্ডৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে সভাপতিয়ে সেই পদ পূৰণ কৰাৰ সাংবিধানিক দায়িত্ব থাকে৷ সেই অনুসৰি মই আপোনাক ব’ৰ্ডৰ খালী হৈ থকা সচিবৰ পদ পূৰণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিলো৷ মই নিশ্চিত যে, আপুনি দায়িত্ব সহকাৰে আপোনাৰ কৰ্তব্য পালন কৰিব৷’ সভাপতিয়ে ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ এমাহ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বিচিচিআইৰ জেনেৰেল বডিৰ অনুমোদন সাপেক্ষে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সেই অনুসৰি শনিবাৰে একমাত্ৰ প্ৰাৰ্থী হিচাপে সচিবৰ পদত মনোনয়ন দাখিল কৰি দেৱজিত শইকীয়া অহা ছেপ্টেম্বৰ পৰ্যন্ত বিচিচিআইৰ সচিবৰ দায়িত্ব কান্ধত লোৱাটো নিশ্চিত হয়৷
অসমৰ মহাধিবক্তাৰো দায়িত্বত থকা দেৱজিত শইকীয়াই ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ পদ লাভ কৰাটো অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ কিয়নো, টীম ইণ্ডিয়াৰ অধিনায়কৰ দৰে বৰ্ডৰ সচিবৰ পদটোও ‘হট ছিট’ হিচাপে গণ্য কৰা হয়৷ বিশ্ব ক্ৰিকেটৰ সকলোবোৰ দেশৰ ব’ৰ্ডৰ ভিতৰত বিচিচিআই শক্তিশালী আৰু ধনাঢ্য৷ সেয়ে আইচিচিত ভাৰতীয় ভাৰতীয় ব’ৰ্ডৰ্ৰ কতৃৰ্ত্ব অপৰিসীম৷ এনে পৰিপ্ৰেক্ষিততে দেৱজিত শইকীয়াৰ এই পদ লাভ একে সময়তে গৌৰৱ আৰু কতৃৰ্ত্ব অৰ্জনৰো পৰিচায়ক৷ এই পদৰ ক্ষেত্ৰত দেশৰ কেইবাজনো ক্ৰিকেট কৰ্মকৰ্তাৰ নাম সমানে উচ্ছাৰিত হৈছিল৷ প্ৰয়াত বিজেপি নেতা অৰুণ জেটলীৰ পুত্ৰ তথা দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলী, গুজৰাট ক্ৰিকেট সন্থাৰ সচিব অনিল পেটেলৰ নামো দেৱজিত শইকীয়াৰ সৈতে উচ্ছাৰিত হৈছিল৷ উল্লেখ্য, নিয়ম অনুসৰি সচিব বা ব’ৰ্ডৰ আন শীৰ্ষ পদ খালী হ’লে ৪৫ দিনৰ ভিতৰত পূৰণ কৰা হয়৷ সেই অনুসৰি দেৱজিত শইকীয়াই ব’ৰ্ডৰ সভাপতিৰ মনোনীত ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে ১৪ জানুৱাৰীলৈকে সচিবৰ দায়িত্ব চম্ভলাতো নিশ্চিত আছিল৷ সংবিধান অনুসৰিয়েই সভাপতিয়ে এইবাৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰি সচিব আৰু কোষাধ্যক্ষৰ খালী পদৰ বাবে নিৰ্বাচন ঘোষণা কৰে৷ ব’ৰ্ডৰ কাৰ্যকালৰ সামৰণি পৰিব অহা ছেপ্টেম্বৰত৷ আশা কৰা হৈছে, অহা ছেপ্টেম্বৰ পৰ্যন্ত বৰ্ড সচিবৰ দায়িত্ব পালন কৰিবলগীয়া দেৱজিত শইকীয়াই পৰৱৰ্তী কাৰ্যকালৰ বাবেও ব’ৰ্ড সচিবৰ দায়িত্ব লাভ কৰিব৷ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব হিচাপে দেৱজিত শইকীয়াৰ কান্ধতো গুৰুদায়িত্ব থাকিব৷