![image](https://aamarasom.com/uploads/posts/ghjghjghj.jpg1736169730.jpg)
গুৱাহাটীত গ্ৰন্থমেলাৰ স্থায়ী ঠিকনা হ’ব খানাপাৰা
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৫ জানুৱাৰীঃ গুৱাহাটীৰ জজ খেলপথাৰত চাৰি দশক পূৰ্বে আৰম্ভ হোৱা গ্ৰন্থমেলাখন গুৱাহাটীবাসীৰ লগতে বৌদ্ধিক সমাজৰ এক এৰাব নোৱাৰা অংগৰ দৰে হৈ পৰিছিল৷ পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত গ্ৰন্থ মেলাৰ স্থান জজ খেলপথাৰৰ পৰা মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰ আৰু চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ স্থানান্তৰিত হয়৷ ইফালে গুৱাহাটী গ্ৰন্থমেলাৰ পৰিৱৰ্তে নাম সলনি হৈ হয়গৈ অসম গ্ৰন্থমেলা৷
২০২২ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত চানমাৰিত অনুষ্ঠিত হৈ অহা অসম গ্ৰন্থমেলাখন উৰণীয়া সেতু নিৰ্মাণকে ধৰি বিভিন্ন কাৰণত এইবেলি খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়খনৰ খেলপথাৰলৈ স্থানান্তৰিত কৰাহয়৷ সম্প্ৰতি ২৭ ডিচেম্বৰৰ পৰা খানাপাৰা খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ ৭ জানুৱাৰীৰ দিনা নিশা সামৰণি পৰিব৷
ইফালে আগন্তুক বৰ্ষৰ পৰা খানাপাৰা খেলপথাৰতে অসম গ্ৰন্থমেলা আৰম্ভ হ’ব বুলি সদৰী কৰিছে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ শনিবাৰে অসম গ্ৰন্থমেলাৰ এটা অনুষ্ঠানত ভাগ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আগন্তুক বৰ্ষৰ পৰা খানাপাৰা খেলপথাৰেই অসম গ্ৰন্থমেলাৰ স্থায়ী ঠিকনা হ’ব পাৰে বুলি ইংগিত দিছে৷ তেনেদৰে দেওবাৰে অসম গ্ৰন্থমেলাত এটা অনুষ্ঠানত ভাগ লৈ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকায়ো সকলো ফালৰ পৰা যোগাযোগৰ উপযুক্ত স্থান হিচাপে পৰিচিত খানাপাৰাৰ খেল-পথাৰখন অসম গ্ৰন্থমেলাৰ বাবে উপযুক্ত স্থান বুলি সদৰী কৰে৷ ইফালে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থায়ো যোগাযোগৰ উপযুক্ত স্থান আৰু যান-বাহন ৰাখিবৰ বাবে পৰ্যাপ্ত পাৰ্কিং থকা বাবে খানাপাৰা খেলপথাৰখন গ্ৰন্থমেলাৰ বাবে উপযুক্ত বুলি ব্যক্ত কৰিছে৷ কিয়নো খানাপাৰাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত চানমাৰীৰ তুলনাত গ্ৰন্থপ্ৰেমীৰ সংখ্যায়ো যথেষ্ট বৃদ্ধি পাইছে৷ একেদৰে গ্ৰন্থৰ বিক্ৰীয়ো চানমাৰিৰ তুলনাত ভাল হৈছে৷ আনকি চানমাৰীত গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ সময়ত অঞ্চলটোৰ প্ৰধান পথত প্ৰচণ্ড যান-জঁট সৃষ্টি হোৱাৰ বিপৰীতে খানাপাৰাত চলি থকা গ্ৰন্থকেইখনে প্ৰধান পথত যান-জঁটৰ সৃষ্টি কৰা নাই৷