শীত কালত ছালৰ সৌন্দৰ্য বজাই ৰাখিব কেনেকৈ?
আমি সকলোৱে নিজকে ধুনীয়া কৰি ৰাখিবলৈ বিচাৰো৷ কিন্তু শীতকালত মুখমণ্ডলকে ধৰি দেহৰ বিভিন্ন অংশ শুকান হৈ পৰাৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে৷ আমি হয়তো ক্ৰীম বা ময়েশ্বৰাইজাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ সমাধান কৰিব পাৰো, কিন্তু ইয়ে যথেষ্ট নহয়৷ আমি এইক্ষেত্ৰত খাদ্যৰ ওপৰতো গুৰুত্ব দিয়া প্ৰয়োজন৷ তলত উল্লেখ কৰা খাদ্যবোৰ নিয়মীয়াকৈ খাই ছালৰ লগতে মুখমণ্ডলৰ সৌন্দৰ্য বজাই ৰখাৰ চেষ্টা ঘৰতে কৰিব পৰা যায়৷
বাদামঃ বাদামত বিভিন্ন এণ্টি অক্সিডেণ্ট, ভিটামিন-ই আৰু গুৰুত্বপূৰ্ণ ফেটি এচিদ থাকে৷ এইবোৰ উপাদানৰ বাবে বাদাম খালে আমাৰ ছাল ভিতৰ আৰু বাহিৰৰ অংশ উভয়তে ময়েশ্বৰাইজ হৈ থাকে৷ ফলস্বৰূপে ছাল ফটাৰ সমস্যা নহয় আৰু মুখমণ্ডলৰ লগতে দেহৰ ছাল সুন্দৰ হৈ থাকে৷
মাছঃ মাছ বহুতৰে প্ৰিয়৷ মাছত বহু স্বাস্থ্য উপকাৰী গুণ থাকে৷ সুস্বাস্থ্যৰ ক্ষেত্ৰতো মাছ উপকাৰী৷ ওমেগা-থ্ৰীৰ প্ৰধান উৎস হৈছে মাছ৷ সুন্দৰ আৰু স্বাস্থ্যৱান ছালৰ বাবে যিহেতু ওমেগা-থ্ৰী অতি গুৰুত্বপূৰ্ণ, সেয়ে মাছ খাই আমি সতেজ আৰু সুস্থ ছালৰ গৰাকী হ’ব পাৰো৷
ছয়াবিনঃ নিৰামিষ খাদ্যাভ্যাসত ছয়াবিনৰ গুৰুত্ব অপৰিসীম৷ ছয়াবিনত যথেষ্ট পৰিমাণে আইচভেলভন থাকে৷ আইচভেলভনে কোলাজন উৎপাদন কৰে৷ ফলস্বৰূপে ছাল কোছ খোৱা সমস্যা নহয় আৰু বয়সৰ চাপ নপৰে৷
কণীঃ আপুনি কণী ভাল পায়নে? পায় যদি ই আপোনাৰ ছালৰ সুন্দৰতা অটুত ৰখাত যথেষ্ট উপকাৰী৷ কাৰণ কণীত ছালফাৰ আৰু নেটাইন যথেষ্ট পৰিমাণে থাকে৷ এই দুয়োবিধ উপাদানে ছালৰ আদ্ৰৰ্তা বজাই ৰাখে, লগতে ছালৰ সুস্বাস্থ্য বৰ্তাই ৰখাত সহযোগিতা আগবঢ়ায়৷
বিলাহীঃ বতৰৰ ফল বিলাহীও ছালৰ সুস্বাস্থ্যৰ বাবে আশাপ্ৰদ ফলদায়ক৷ বিলাহীত ভিটামিন -চি আৰু এণ্টি অক্সিডেণ্ট থাকে৷ ফলত বিলাহী খালে ছালৰ সুন্দৰতা আৰু সুস্থতা বজাই ৰখাত সহায়ক হয়৷ বিলাহীয়ে ছালৰ ওপৰত বয়সৰ চাপ পৰাতো বাধা দিয়ে৷ এনে খাদ্যাভ্যাসেৰে আমি ছালৰ ঘৰুৱা যতন ল’ব পাৰো৷