![image](https://aamarasom.com/uploads/posts/fghgfhhh.jpg1736338108.jpg)
পঢ়ুৱৈৰ অভিলেখ সঁহাৰিৰ মাজতে খানাপাৰাত গ্ৰন্থমেলাৰ সামৰণি
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৮ জানুৱাৰীঃ সাহিত্য-সংস্কৃতি, ভাষাতত্ত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে বিগত বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা চলি থকা বাৰদিনীয়া অসম গ্ৰন্থমেলাৰ মঙলবাৰে নিশা সামৰণি পৰে৷ এইবেলি গ্ৰন্থমেলাত পঢ়ুৱৈৰ অভিলেখ সমাগম তথা সঁহাৰিৰ লগতে প্ৰায় জ্জ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰো এক অভিলেখ স্থাপন হয়৷ নিশা ১০ বজাত গ্ৰন্থমেলাৰ সফল সামৰণিৰ পাছতে নিজম পৰিল খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজিত কৰা গ্ৰন্থমেলাৰ মঙলবাৰে বিয়লি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড॰ সচ্ছিদানন্দ যোশীয়ে ভাষণত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সফলতাৰে আয়োজন কৰা অসম গ্ৰন্থমেলাত মানুহৰ সোঁত দেখিবলৈ পাই অভিভূত হৈ পৰিছোঁ৷
গ্ৰন্থমেলাত জনসমাগম হোৱা, কিতাপ বিক্ৰী হোৱাটো সমাজৰ বাবে আনন্দৰ বতৰা৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়া স্থান৷ গ্ৰন্থমেলাত জ্জ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাটো যথাৰ্থতে চমকপ্ৰদ৷ অসমীয়া ভাষাই ২০২৪ বৰ্ষত ধ্ৰুপদী মৰ্যাদা লাভ কৰাটো গৌৰৱৰ বিষয়৷ মাতৃভাষাৰ উত্তৰণ মানেই জাতিৰ উত্তৰণ৷ নিজৰ ঠাইৰ বাহিৰত কাৰোবাৰ মুখত মাতৃভাষা শুনিলে মন আনন্দৰে ভৰি উঠে৷ ভাৰতবৰ্ষত পৃথিৱীৰ সবাটোকৈ অধিক প্ৰাচীন পাণ্ডুলিপি আছে৷ ইয়াৰ দ্বাৰা আমাৰ হাজাৰ বছৰীয়া সভ্যতাৰ বিষয়ে জানিব পৰা যায়৷ আনহাতে ভাষণৰ মাজতে ড॰ যোশীয়ে এটি চিন্তা উদ্দীপক কবিতা পাঠ কৰি সকলোকে মোহাৱিষ্ট কৰে৷ আন এগৰাকী বিশিষ্ট অতিথি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ-গৱেষক ড॰ ননীগোপাল মহন্তই কয় যে গ্ৰন্থ মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু৷ কিতাপে মানুহৰ মনৰ দুৱাৰ মুকলি কৰে ৷ সুস্থ সমাজ এখন গঢ়াত গ্ৰন্থৰ ভূমিকা অপৰিসীম৷ অসম গ্ৰন্থমেলায়ো বৌদ্ধিক আন্দোলনৰ জৰিয়তে সুন্দৰ সমাজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বহন কৰা বুলি অনুভৱ হৈছে৷ অসম গ্ৰন্থমেলা এতিয়া অন্য এক জাতীয় অনুষ্ঠান হৈ পৰিছে৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক মনোৰম ৰূপ দিছে আৰু আস্থাশীল কৰি তুলিছে৷ ভাৰতৰ পৰম্পৰা হৈছে জ্ঞানৰ পৰম্পৰা৷ দক্ষিণ-পূৱ এছিয়াৰ ইতিহাসলৈ দৃষ্টি দিলেই এয়া পৰিস্ফুট পৰে৷ ব্ৰিটিছে এসময়ত মেকলেই চাহাবক আনি আমাৰ দেশৰ জ্ঞান পৰম্পৰাৰ ভেটিটো ভাঙি দিছিল৷ মবাইল ফোন এতিয়া প্ৰাত্যহিক দুৰ্বৃত্ত হৈ পৰিছে৷ আমি ইয়াৰ দাসত্ত্ব স্বীকাৰ কৰাৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব৷ কিতাপেই আমাক সেই শক্তি প্ৰদান কৰিব৷ অনুষ্ঠানত সভাপতিত্ব কৰা বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ভাষণত কয় যে গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি আনন্দ লাগিছে৷ ইয়ালৈ আহি সকলোৱে কিতাপৰ সান্নিধ্য লাভ কৰিছে৷ ইয়াৰ ফলত অধ্যয়নৰ পৰিৱেশ গঢ়ি উঠিব বুলি বিশ্বাস হৈছে৷ ইয়াত বহু লেখক-সাহিত্যিক, গুণী-জ্ঞানী ব্যক্তিৰ সমাৱেশ ঘটিছে৷ আনহাতে আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ যৌথ উদ্যোগত অসম গ্ৰন্থমেলা আয়োজন কৰাৰ উদ্দেশ্য হৈছে গ্ৰন্থ আন্দোলনক সমৃদ্ধ কৰা৷ লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ ৰাইজৰ সহযোগত এই কাৰ্যসূচী সফল হোৱা বুলি ক’ব পাৰি৷ গ্ৰন্থমেলা মানে কেৱল সাহিত্যৰ কিতাপৰ মেলা নহয়৷ ইয়াত ভিন ভিন বিষয় আৰু লক্ষ্য থাকে৷ সেয়েহে অসম গ্ৰন্থমেলাত সাহিত্য-সংস্কৃতি, ইতিহাস-ঐতিহ্য, জ্ঞান, ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থমেলাত জড়িত কৰোৱা হৈছে৷ যোৱা ১২ দিনত প্ৰায় ৫ লক্ষাধিক গ্ৰন্থপ্ৰেমীয়ে ইয়াত ভিৰ কৰিছে৷ বিভিন্ন প্ৰকাশনৰ মুঠ ১১৮টা গ্ৰন্থ বিপণী ইয়াত আছে৷ যোৱা ১২ দিনত গ্ৰন্থৰ বিক্ৰীয়ে প্ৰায় জ্জ কোটিৰ ঘৰ স্পৰ্শ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু জিলাই জিলাই গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে৷ অসমবাসীৰ বাবে এয়া অতি আনন্দৰ বতৰা৷ অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক হৰেন কলিতা প্ৰমুখ্যে আন আন বিষয়ববীয়া সকল উপস্থিত থাকে৷ শিল্পী তন্ময়ী বৰাই শাস্ত্ৰীয় নৃত্যৰ আধাৰত পৰিৱেশন কৰা এটি শিৱ বন্দনা পৰিৱেশনেৰে অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়৷ সামৰণি অনুষ্ঠানৰ পাছত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷
সভাত শিশুৰ দিন উপলক্ষে যোৱা ৫ জানুৱাৰীত অসম গ্ৰন্থমেলা, গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটাসমূহ বিতৰণ কৰা হয়৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ ‘ক’ শাখাত বিকিৰাজ কাশ্যপে প্ৰথম, অদ্ভিক বিজিতে দ্বিতীয়, নিবিড় ৰাজবংশীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে ভাৰ্গৱী ৰাজবংশী, হৃয়ান কলিতা, নিনাদ ছেত্ৰীয়ে৷ ‘খ’ শাখাত মানস প্ৰতীম ডেকাই প্ৰথম, নিজুৰ্মন বৰাই দ্বিতীয়, আৰুচি আফ্ৰিনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে অভিজ্ঞান শৰ্মা, তৃষ্ণা নাথ, নিভৃতি পাঠকে৷ 'গ' শাখাত এনি কাশ্যপে প্ৰথম, নিষ্ঠা প্ৰিয়ম শৰ্মাই দ্বিতীয়, মুক্তিস্নাতা বৰ্মনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে শিল্পা বৰা, চিন্ময় দাস, ধৃতিমা ডেকাই৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ 'ক' শাখাত পুৱাঞ্চী দাসে প্ৰথম, প্ৰীতিষা কাশ্যপ, শ্ৰুতি মাধুৰ্যই যুটীয়াভাৱে দ্বিতীয়, ৰাগিনী কাশ্যপ, মঞ্জিতা হাজৰিকাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে অক্ষিতা কাশ্যপ, শ্ৰেয়াংশ্ৰী ডি. এম. শইকীয়া, আত্মিষা প্ৰজ্ঞা হাজৰিকাই৷ ‘খ’ শাখাত বকুল প্ৰাণ ভূঞাই প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, গাৰ্গী কাশ্যপে তৃতীয় পুৰস্কাৰ লাভ কৰিছে৷ উদগনি বঁটা লাভ কৰিছে হিমজ্যোতি কুমাৰ, অংশ্ৰুতা লক্ষ্মী গোস্বামী, মূৰ্চনা শৰ্মাই৷ আনহাতে সাংস্কৃতিক প্ৰতিযোগিতাৰ বিদ্যালয় শাখাত কাহিলীপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুলে প্ৰথম, বৰ্ষাপাৰাৰ চাউথ পইণ্ট স্কুল আৰু লখৰাৰ এন পি এচ ইণ্টাৰনেচনেল স্কুলে যুটীয়াভাৱে দ্বিতীয়, বিষ্ণুপথৰ শংকৰদেৱ বিদ্যা নিকেতনে তৃতীয় আৰু নামনি কামাখ্যাৰ নীলাচল জাতীয় বিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰিছে৷ মহাবিদ্যালয় শাখাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে প্ৰথম, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ে দ্বিতীয়, কটন বিশ্ববিদ্যালয়ে তৃতীয় আৰু মিৰ্জাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে চতুৰ্থ স্থান লাভ কৰিছে৷ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক ড॰ সমুদ্ৰগুপ্ত কাশ্যপ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মনে৷
উল্লেখ্য যে মঙলবাৰ অন্তিম দিনালৈ প্ৰায় ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই৷ অন্তিম দিনা সন্ধিয়াৰ পৰা মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ৷ সাংস্কৃতিক অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে৷ এইবাৰ গ্ৰন্থমেলাত আন আন গ্ৰন্থৰ লগতে সাহিত্যিক মনীষা শৰ্মাৰ ৰেখা প্ৰকাশনৰ পৰা প্ৰকাশিত ভেম আৰু বনলতা প্ৰকাশনৰ পৰা হাতী আৰু ফান্দী উপন্যাস দুখন গ্ৰন্থপ্ৰেমী ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য সন্ধিয়া পঢ়ুৱৈৰ ৰূপত আহি গ্ৰন্থমেলাৰ বিপণী পৰিদৰ্শন কৰে অসম চৰকাৰৰ পশুপালন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু ৰায়ে৷ মন্ত্ৰী ৰায়ে গ্ৰন্থমেলাৰ কাৰ্যালয়ত উদ্যোক্তাসকলৰ সৈতেও মত-বিনিময় কৰি এইবাৰৰ গ্ৰন্থমেলাক সৰ্বশ্ৰেষ্ঠ গ্ৰন্থমেলা বুলি ব্যক্ত কৰে৷