জিডিপি কমিব, স্বয়ং কেন্দ্ৰৰেই ঘোষণা
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জানুৱাৰী: বিগত বিত্তীয় বৰ্ষৰ তুলনাত এইবাৰ দেশৰ জিডিপিৰ উন্নয়নৰ হাৰ অস্বাভাৱিকভাৱে হ্ৰাস পাব৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ‘নেচনেল ষ্টেটিষ্টিক্স অফিচে’ প্ৰকাশ কৰা পূৰ্বাভাষ অনুসৰি ২০২৫ বিত্তীয় বৰ্ষত দেশত ডিজিপিৰ হাৰ ৬ শতাংশলৈ অৱনমিত হ’ব৷ বিগত বিত্তীয় বৰ্ষত জিডিপিৰ উন্নয়নৰ হাৰ আছিল ২ শতাংশ৷
এন এছ অ’ৰ পৰিসংখ্যাত কোৱা হৈছে– ‘এইবাৰ দেশৰ প্ৰকৃত জিডিপিৰ হাৰ হ’ব ৬ শতাংশ৷ বিগত সময়চোৱাত অৰ্থনৈতিক উন্নয়নৰ গতি লেহেমীয়া হোৱাৰ বাবেই জিডিপিৰ অৱনমন ঘটিব৷’ এন এছ অ’ৱে আগবঢ়োৱা জিডিপিৰ পূৰ্বাভাষ ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰা পূৰ্বানুমানতকৈও কম৷ ৰিজাৰ্ভ বেংকৰ পূৰ্বাভাষ আছিল ৬.৬ শতাংশ৷ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ বিত্তীয় বছৰৰ তৃতীয় ত্ৰৈমাসিকত দেশৰ জিডিপি পতন ঘটাৰ বাবেই এই বিত্তীয় বৰ্ষৰ জিডিপিৰ পতন ঘটা নিশ্চিত হৈছে৷ জিডিপিৰ পূৰ্বানুমান বাজেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অপৰিহাৰ্য কাৰক হৈ পৰে৷ এইবাৰ জিডিপিৰ পতন ঘটাৰ ভৱিষ্যবাণবব কৰাৰ লগে লগে মোদী চৰকাৰে বাজেট প্ৰস্তুত কৰোঁতেও অধিক হিচাপী হ’ব লাগিব