শীতকালত ওজন কমাবলৈ এইবোৰ খাদ্যাভাস ত্যাগ কৰক
আজিকালি অনিয়মিত জীৱন-যাপন, অনিয়ন্ত্ৰিত খাদ্যাভাসৰ লগতে অনেক কাৰণত কম বয়সতে বিভিন্ন ৰোগে দেখা দিয়ে৷ ইয়াৰ ভিতৰত ওজন বৃদ্ধি হ’ল এটা প্ৰধান সমস্যা৷ শীতকালত প্ৰচণ্ড ঠাণ্ডাৰপৰা সকাহ পাবলৈ আমি গৰম কাপোৰ ব্যৱহাৰ কৰাৰ লগতে কেক, কফি, পিঠা, ক্ষীৰ আদি সুস্বাদু আহাৰ গ্ৰহণ কৰো৷ তাতে বিয়া-সবাহ আদি অনুষ্ঠানৰ নিমন্ত্ৰণ থাকেই৷ ফলত খাদ্যবস্তু বহুপৰিমাণে খোৱা যায়৷ প্ৰচলিত ধাৰণা অনুসৰি শীতকালত ওজন কমোৱাটো খুব কঠিন৷ সেয়ে আমি শীতকালত ওজন কমাবলৈ কিছুমান সুস্বাদু খাদ্য সামগ্ৰী এৰাই চলাটো অভ্যাস কৰিব লাগে৷
- ঠাণ্ডা দিনত শৰীৰ সুস্থ কৰি ৰখাটো এক প্ৰত্যাহ্বানস্বৰূপ৷ এই সময়ত ডায়েটৰ ওপৰত বিশেষ দৃষ্টি দিয়াটো অতি জৰুৰী৷ খাদ্য তালিকাৰ পৰা যিমান পাৰে মেদ বৃদ্ধি কৰা খাদ্য খোৱাৰ পৰা এৰাই চলাটো ভাল৷
- শীতকালত বিয়া-সবাহেই হওক, পাৰ্টী কিম্বা পিকনিকত সাধাৰণতে তেলত ভজা খাদ্য, স্নেক্স আদি খোৱা হয়৷ যাৰ বাবে কলেষ্টেৰ’ল বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ লগতে বৃদ্ধি পায় মেদবহুলতাৰ আশংকা৷
- শীতকালত সাধাৰণতে সঘনাই চাহ-কফি খোৱা হয়৷ বিশেষকৈ ঠাণ্ডাৰ দিনত কফি খোৱাৰ প্ৰৱণতা বাঢ়ে৷ কিন্তু অত্যধিক কফি খোৱাটো শৰীৰৰ কাৰণে ক্ষতিকাৰক৷ কাৰণ কফিত কেফেইন জাতীয় পদাৰ্থ থাকে৷ যি শৰীৰক ডিহাইটেড কৰিব পাৰে৷ শীতকালত সাধাৰণতে পানী কমকৈ খোৱা হয়৷ ফলত অধিক পৰিমাণে কফি খালে ডিহাইড্ৰেছনৰ সম্ভাৱনা বৃদ্ধি পায়৷
- শীতকালত বেছি পৰিমাণে নিমখ আৰু তেল খোৱাৰ পৰা বিৰত থকাটো ভাল৷ যি খাদ্যৰ পুষ্টিগুণ নষ্ট কৰি পেলায়৷ যাৰ ফলত শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে৷
- শীতকালত ক’ল্ড ড্ৰিংকছকে ধৰি কোনোধৰণৰ ঠাণ্ডা পানীয় খোৱাটো উচিত নহয়৷ কাৰণ এইবিলাক পানীয়ত চেনিৰ পৰিমাণ অধিক থাকে৷ যাৰ বাবে ওজন বৃদ্ধি পোৱাৰ প্ৰৱল সম্ভাৱনা থাকে৷
- কেক, পিঠা, পায়স এইবিলাক মিঠাজাতীয় খাদ্য শীতকালত বহু পৰিমাণে খোৱা হয়৷ যাৰ ফলত ওজন বাঢ়ি যায়৷ লগতে ডায়েবেটিছসহ বিভিন্ন ৰোগে গা কৰি উঠা দেখা যায়৷ গতিকে শীতত এইবিলাক খাদ্য কম পৰিমাণে খোৱা উচিত৷