
আতংকিত ৰাইজঃ খাদ্যৰ সন্ধানত জনাঞ্চলত বনৰীয়া হাতীৰ বিচৰণ
'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ , ৮ জানুৱাৰীঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে। বুধবাৰে পুৱাই এটা বনৰীয়া হাতীয়ে জিলাখনৰ ননৈ শ'লমাৰী অঞ্চলত স*ন্ত্ৰা*সৰ সৃষ্টি কৰে।
নিশা বনৰীয়া হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হোৱা এটা হাতীয়ে তাণ্ডৱ চলোৱাত ৰাইজ আতংকিত হৈ পৰে। পিছত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোক খেদি পঠিওৱাৰ চেষ্টা কৰে। হাতীটোৱে ননৈৰ ওচৰত চাৰিলেনযুক্ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ কন্দলী পাহাৰৰ দিশে আগুৱাই যায়। ৰাষ্ট্ৰীয় পথৰে হাতীটো পাৰ হৈ যোৱাৰ সময়ত যান-বাহনৰ চলাচল কিছু সময়ৰ বাবে বন্ধ হৈ পৰে। উল্লেখ্য, বিগত দুমাহ ধৰি বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত অঞ্চলটোত বিচৰণ কৰি আছে।