
আমেৰিকালৈ অসমৰ জাপিঃ নলবাৰীৰ দুই ভাতৃয়ে তৈয়াৰ কৰি উলিয়ালে 'ফ'ল্ডিং' জাপি
'আমাৰ অসম', বৰভাগ, ৮ জানুৱাৰীঃ অসমৰ কুটীৰ শিল্পৰ ক্ষেত্ৰখনত নলবাৰীৰ জাপি শিল্পই অনবদ্য অৱদান আগবঢ়াই থকা সময়তে নলবাৰীৰ কৰ্দৈতোলা গাঁৱত বিশেষভাৱে তৈয়াৰ কৰা এটা জাপিয়ে সুদূৰ আমেৰিকাত বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ জিলাখনৰৰ কৰ্দৈতোলা গাঁৱৰ নিৱাসী জাপি শিল্পী ,দুই ভাতৃ মোহন কলিতা আৰু প্ৰতুল কলিতাই অশেষ কষ্টৰ অন্তত তৈয়াৰ কৰি উলিয়াইছে জপাই থব পৰা (ফ'ল্ডিং) জাপি৷
উল্লেখ্য যে আমেৰিকাত কৰ্মৰত প্ৰবাসী অসমীয়া পাৰ্থপ্ৰতীম মিশ্ৰই ৩৬ ইঞ্চি আকাৰৰ জপাই থব পৰা জাপিটো ক্ৰয় কৰি নিয়াত আমেৰিকানসকলে জাপিটো চাই মুগ্ধ হোৱা বুলি জানিব পৰা গৈছে। জাপি শিল্পী মোহন কলিতাই এই বিষয়ে জানিবলৈ দি কয় যে বিভিন্ন সভা-সমিতি, মেলাৰ বাবে দেশ-বিদেশৰ বিভিন্ন ঠাইৰ পৰা প্ৰায়ে বৃহৎ আকাৰৰ জাপি নিৰ্মাণৰ বাবে অনুৰোধ আহে যদিও ইমান দিনে ডাঙৰ জাপি ইঠাইৰ পৰা সিঠাইলৈ নিবলৈ অসুবিধাৰ সম্মুখীন হ'বলগীয়া হৈছিল৷ যাৰ বাবে শিল্পী মোহন কলিতাই উদ্ভাৱন কৰি উলিয়ালে ফ'ল্ডিং জাপি৷ আমেৰিকাত কৰ্মৰত প্ৰবাসী অসমীয়া পাৰ্থপ্ৰতীম মিশ্ৰই শিল্পীগৰাকীক উদ্গনি দি এই জাপি ক্ৰয় কৰি বিদেশতো অসমীয়াৰ স্বাভিমান জাপিৰ সৌৰভ বিলাই দিয়াত স্বাভাৱিকতেই জাপি শিল্পীসকল আনন্দিত হৈ পৰিছে৷
জাপি শিল্পী দুগৰাকীৰ প্ৰতিভাক উৎসাহিত কৰিবলৈ নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাইও অলপতে দুই শিল্পীক অভিনন্দন জনাইছে। বৃহৎ আকাৰৰ জপাই থব পৰা ফুলাম জাপিয়ে বিদেশৰ মাটিতো নলবাৰীৰ জাপি শিল্পৰ সৌৰভ বিলোৱাৰ এক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰিব পাৰি। এই ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ যথোপযুক্ত পদক্ষেপে অসমৰ গৌৰৱ জাপি শিল্পৰ ক্ষেত্ৰখনক বিশ্ব দৰবাৰত সবলভাৱে উপস্থাপন কৰিব পাৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে৷