Logo
image

বিশ্ব পৰ্যটনৰ মানচিত্ৰত অসম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ জানুৱাৰীঃ বিশ্বৰ পৰ্যটন মানচিত্ৰত সগৌৰৱেৰে জিলিকি উঠিছে অসম৷ আমেৰিকাৰ বিখ্যাত ‘দ্য নিউয়ৰ্ক টাইম্‌ছ’ সংবাদপত্ৰই বিশ্বৰ ৫২টা পৰ্যটনস্থলীৰ ভিতৰত ৪ নম্বৰত স্থান দিছে অসমক৷ শেহতীয়াকৈ ইউনেস্ক’ৱে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া আহোম ইতিহাস বিজড়িত চৰাইদেউ মৈদামক বিশ্বৰ নৱতম পৰ্যটনৰ গন্তব্যস্থল হিচাপে চিহ্নিত কৰিছে বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰখনে৷ উল্লেখ্য, আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰখনে ২০২৫ বৰ্ষত ভ্ৰমণ কৰিব পৰা বিশ্বৰ মুঠ ৫২টা পৰ্যটনস্থলীৰ এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে৷ 



উক্ত তালিকাত ভ্ৰমণৰ গন্তব্যস্থল হিচাপে বিশ্বৰ ভিতৰত চতুৰ্থ স্থানতে অসমক সন্নিৱিষ্ট কৰিছে৷ নিউয়ৰ্ক টাইম্‌ছে ভাৰতৰ এটা চুকত অৱস্থিত প্ৰাচীন সমাধিস্থল বিশ্ব ঐতিহ্য চৰাইদেউ মৈদামক পৰ্যটকসকলৰ বাবে গন্তব্যস্থান হিচাপে বাছি লোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে৷ এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰখনে উল্লেখ কৰিছে যে ম্যানমাৰ আৰু বাংলাদেশৰ সীমান্তৱৰ্তী অসম এখন পাহাৰীয়া ৰাজ্য৷ অসমে দীৰ্ঘদিনে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে পৰিচিত হৈ আহিছে৷ যিটো অঞ্চল দুৰ্গম, সাংস্কৃতিকভাৱে সুকীয়া বিশেষত্ব থকাৰ লগতে  তুলনামূলকভাৱে ভিৰমুক্ত৷ এতিয়া এই অঞ্চলটোৱে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০২৪ চনত চৰাইদেউ মৈদাম তথা অসমৰ পিৰামিডক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে খোদিত কৰা হৈছে৷ এই প্ৰাচীন সমাধিস্থলক ১৩শৰ পৰা ১৯ শতিকাৰ ভিতৰত আহোম ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল৷ ই ৰাজকীয় উত্তৰাধিকাৰ আৰু আধ্যাত্মিক সত্তাৰ অনন্য পৰিচয় বহন কৰিছে৷ পৰ্যটকসকলে অসমত বিশ্বপ্ৰসিদ্ধ চাহ বাগিচা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো ভ্ৰমণ কৰিব পাৰে৷ য’ত বিলুপ্তপ্ৰায় এশিঙীয়া গঁড় পোৱা যায়৷ আন্তঃগাঁথনিৰ উন্নয়ন আৰু নতুন বাট-পথে অসমৰ পৰ্যটনস্থলীসমূহ লৈ যোৱাটো সহজ কৰি তুলিছে৷ 

তদুপৰি ৰাজ্যখনৰ প্ৰধান চহৰ গুৱাহাটীলৈ বিমানসেৱাও উপলব্ধ আছে৷’ নিউয়ৰ্ক টাইম্‌ছৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰই অসমৰ পৰ্যটনৰ সন্দৰ্ভত এনে ইতিবাচক সমীক্ষা প্ৰকাশ কৰা কাৰ্যই স্বাভাৱিকতেই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে৷ এককথাত এতিয়া বিশ্ববন্দিত অসমৰ পৰ্যটনক্ষেত্ৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতেই আহোম ইতিহাস বিজড়িত চৰাইদেউ মৈদামে ইউনেস্ক’ বিশ্ব ঐতিহ্যক্ষেত্ৰত স্বীকৃতি লাভ কৰাৰ পাছতেই সমগ্ৰ বিশ্বৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে অসম৷ যাৰ বাবে নিউয়ৰ্ক টাইম্‌ছৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰই ২০২৫ চনত ভ্ৰমণ কৰিবলগীয়া বিশ্বৰ ৫২টা স্থানৰ ভিতৰত অসমক চতুৰ্থ স্থানত অন্তৰ্ভুক্ত কৰিছে৷