কংগ্ৰেছ বাস্তৱলৈ ঘূৰি আহক! হীৰেন গোহাঁইৰ পৰামৰ্শ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জানুৱাৰী: কংগ্ৰেছে যদি পঞ্চায়ত নিৰ্বাচনত আমাৰ লগত মিত্ৰতা নকৰে, ২০২৬ ত আমি কংগ্ৰেছক সহায় নকৰোঁ৷ আমি কংগ্ৰেছক কৈছোঁ– পঞ্চায়ত নিৰ্বাচনৰ পৰাই আমি একেলগ হ’ব লাগে৷ এই ভাষ্য ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ৷ বুধবাৰে দলৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাগ লোৱাৰ পাছত তেওঁ সংবাদ মাধ্যমৰ আগত কয়– কংগ্ৰেছে নিৰ্বাচনত আমাৰ ভোটটো ল’ব, তেওঁলোকৰ ভোট নিদিয়ে৷ তৃণমূল পৰ্যায়লৈ যাতে মিত্ৰতাৰ ধাৰণাটো সোমাই যায় তাৰ বাবে পঞ্চায়ত নিৰ্বাচনতো আমি মিত্ৰতা কৰাটো বিচাৰিছোঁ৷ ২০২৬ত ১৬টা ৰাজনৈতিক দলে একেলগে আগবাঢ়ি যাব লাগে৷
কিন্তু দুৰ্ভাগ্যজনক কথা যে এইটো কথা বুজিবলৈ চেষ্টা নকৰে কংগ্ৰেছে৷ কংগ্ৰেছে এই কথা বুজি পাব বুলি আশা কৰিছোঁ৷ কিন্তু আমাৰ স্পষ্ট কথা পঞ্চায়ত নিৰ্বাচনত যদি তেওঁলোকে নিজেই শক্তি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰে তেওঁলোকক সহায় কৰিবলৈ নাহোঁ– এয়া খাটাং৷ ইফালে, বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁয়ে কংগ্ৰেছক বাস্তৱলৈ ঘূৰি অহাৰ পৰামৰ্শ দি কয়– বিজেপিক হৰুৱাম বুলি কংগ্ৰেছে আকাশত চাংপাতি বহি থাকিলে নহ’ব৷ ৰাইজৰ দল বা অন্যান্য ক্ষুদ্ৰ দলসমূহে জানিব লাগে তেওঁলোকৰ ক্ষমতাও সীমিত৷ কিন্তু তেওঁলোক নতুন দল৷ সন্মুখত পথাৰ মুকলি আছে আগবাঢ়িব পাৰিব৷ বৰ্তমানৰ পৰিস্থিতি তেওঁলোকে ভালকৈ বুজি পায়৷ নতুন প্ৰজন্মৰ আশা-আকাংক্ষা তেওঁলোকে বুজি পায়৷ যিটো হয়তো পুৰণি দলবোৰে বুজি নাপায়৷ প্ৰতিটো দলৰে নিজৰ দুৰ্বলতা আছে৷ কংগ্ৰেছৰ দুৰ্বলতা হৈছে আত্মসন্তুষ্টি৷ তেওঁলোকে ভাবিছে যে আমি আগতে শাসনৰ ভাগ পাইছোঁ; আৰু পাম৷ কিন্তু ইমান সহজ নহয়৷ পৃথিৱীৰ পৰিবৰ্তন হৈছে৷ ৰাইজৰ দলেও এইবোৰ কথা বুজিব লাগিব৷ সংৰক্ষণৰ নীতিৰ দৰে তেওঁলোককো বৃহৎ দলে কিছু সুবিধা দিব লাগিব৷ সংখ্যালঘু ৰাইজ ইমান বুৰ্বক নহয়৷ উল্লেখ্য, বিশিষ্ট বুদ্ধিজীৱী ড॰ গোহাঁয়ে বুধবাৰে ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসত ভাগ লৈ দলটোক কেতবোৰ পৰামৰ্শ দিয়ে৷