আজিৰ পৰা আৰম্ভ বড়ো সাহিত্য সভা
দৈমুনগৰৰ পৰা দ্বীপেন ডেকা (আমাৰ অসম) : আজিৰ পৰা আৰম্ভ বড়ো সাহিত্য সভা বৰ্ণিলভাৱে চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে৷ পাঁচশ বিঘা মাটিকালিত বিশাল আয়োজন বড়ো সাহিত্য সভাৰ৷ প্ৰতিদিনে ৩১খন উপ-সমিতিৰ সহস্ৰাধিক কৰ্মীয়ে দিনে-নিশাই শ্ৰমদান কৰি চিৰস্মৰণীয় কৰিবলৈ প্ৰয়াস কৰিছে৷ উল্লেখ্য, ডিমাকুছিৰ সকলো জাতি-উপজাতিৰ প্ৰচেষ্টাত ৬৪সংখ্যক বড়ো সাহিত্য সভা প্ৰস্তুতি তুংগত৷ তিনিকোটি টকা ব্যয় হ’বলগীয়া বড়ো সাহিত্য সভাত অৰ্ধশতাধিক গ্ৰন্থ উন্মোচন, দুখনকৈ আগশাৰীৰ বড়ো থিয়েটাৰৰ বিনামূলীয়া প্ৰদৰ্শন, সেনা বাহিনীৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন, বিজ্ঞানৰ আৱিষ্কাৰৰ সঁজুলিৰ উপৰিও বড়ো জনগোষ্ঠীৰ অস্থায়ী বাথৌ থানচালি, নৱ দম্পতীৰ পৰিয়াল, প্ৰদৰ্শনীত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ থলুৱা খাদ্য সম্ভাৰ, প্ৰাকৃতিক ছেল্ফী কেন্দ্ৰ, বাণিজ্য মেলা, বিশাল ভোজনালয়, পাঁচখনকৈ বিভিন্ন অনুষ্ঠানৰ মঞ্চ, তদুপৰি, মূল গেটত ‘খেংখ্ৰাই’ নামৰ শুভাংকৰ মেছকট সাজি উলিয়াইছে৷ উল্লেখ্য, সাহিত্য সভালৈ আহি যিসকলে অনৈতিক কাৰ্য কৰি ধৰা পৰিব তেওঁলোকৰ বাবে এটি অস্থায়ী বাঁহেৰে কাৰাগাৰ সাজু কৰি ৰাখিছে৷ মুঠতে ডিমকুছিৰ বড়ো সাহিত্য সভা হৈ পৰিছে উদুলি-মুদুলি৷ কাৰ্যসূচী অনুসৰি ৯ জানুৱাৰীত ওদালগুৰি জিলাৰ অধিৱেশন হ’ব৷ প্ৰথম দিনা পুৱা মুখ্য তোৰণ উন্মোচন কৰিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ [কেকোৰা] মেছকট উন্মোচন কৰিব সাহিত্য অকাদেমি বঁটাপ্ৰাপক ড॰ ৰীতা বড়োৱে৷ বড়ো লিটাৰেৰী পাইয়’নাৰ পাৰ্ক উদ্বোধন কৰিব সাহিত্য অকাদেমি বঁটাপ্ৰাপক নৱীন মল্ল বড়োৱে৷ প্ৰথম দিনটোত উদ্ঘাটনসমূহ সম্পন্ন কৰা হ’ব৷
১০ জানুৱাৰীত অনাবড়ো লোকৰে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা আৰু ভাষাটোৰ মৰ্যাদা সম্পৰ্কে আলোচনা-চক্ৰ৷ বড়ো সাহিত্য সভাৰ সভাপতি ড॰ সুৰথ নাৰ্জাৰীয়ে সঞ্চালনা কৰিবলগীয়া ব্যতিক্ৰমী আলোচনা-চক্ৰখন উদ্বোধন কৰিব স্থানীয় বিধায়ক বিশ্বজিত দৈমাৰীয়ে৷ অনাবড়ো হৈয়ো বড়ো ভাষা সাহিত্যত অগাধ দখল থকা কেইবাজনো সমল ব্যক্তি হিচাপে অংশ ল’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ইছমাইল হুছেইন৷ বিটিচিৰ ই এম অৰূপ কুমাৰ দে, প্ৰাক্তন প্ৰশাসনিক বিষয়া দেবৰাজ উপাধ্যায় আদিয়ে৷ ১২.৩০বজাত ‘ডিমাকুছি’ নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব কেন্দ্ৰীয় মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই৷ দিনৰ ৰ বজাৰ পৰা মতবিনিময় অনুষ্ঠান৷ নেপাল, বাংলাদেশৰ উপৰিও বহুৰাজ্যৰ প্ৰতিনিধিৰে মত বিনিময় হ’ব৷ উক্ত কাৰ্যসূচী উন্মোচন কৰিব নেপালৰ প্ৰতিনিধি ৰূপেশ মেছে৷ ৩ বজাৰ পৰা কবি সন্মিলন৷ উদ্বোধন কৰিব সাহিত্য অকাদেমি বঁটাপ্ৰাপক নন্দেশ্বৰ দৈমাৰীয়ে৷ সন্ধিয়া ৬ বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভাৰ প্ৰথম দিনা সামৰণি পৰিব৷ ১১ জানুৱাৰীৰ দিনা পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, ১০বজাৰ পৰা সাহিত্য সভাৰ বঁটাপ্ৰাপক প্ৰদৰ্শন৷ মুখ্য অতিথিৰূপে উপস্থিত থাকিব মন্ত্ৰী ডাঃ ৰণোজ পেগু৷ আমন্ত্ৰিত অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ সম্পাদক ড॰ উপেন্দ্ৰজিত শৰ্মা, ডিমাচা সাহিত্য সভাৰ সভাপতি ৰমেশ থাওচেন, গাৰো সাহিত্য সভাৰ সম্পাদক জন কেৰি চাংমা আৰু মিচিং সাহিত্য সভাৰ সম্পাদক সোমেশ্বৰ পাকতাক৷ ১২.৩০বজাৰ পৰা আলোচনা-চক্ৰ৷ ২ বজাৰ পৰা ৰাষ্ট্ৰীয়পৰ্যায়ৰ শিক্ষামূলক আলোচনা-চক্ৰ হ’ব৷ ৬ বজাৰ পৰা দ্বিতীয় প্ৰতিনিধি সভা৷ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিটিচিৰ ই এম দাওবাইছা বড়োৱে৷ ১২জানুৱাৰীৰ পুৱা ১০বজাৰ পৰা বিভিন্ন জনগোষ্ঠীৰ নৃত্যানুষ্ঠান, ১২ বজাৰ পৰা হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব বিটিচিপ্ৰধান প্ৰমোদ বড়োৱে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুকলি সভাত মুখ্য আমন্ত্ৰিত অতিথি হিচাপে ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, টেলেংগানাৰ ৰাজ্যপাল যিষ্ণুদেৱ বাৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমচিং তামাং আদিৰ উপৰিও অসমৰ বিশিষ্ট ৰাজনীতিবিদ, সাহিত্যিক, ছাত্ৰ নেতা আদিয়ে অংশগ্ৰহণ কৰিব৷ নিশা দৈমু নগৰ সাংস্কৃতিক নাইট উদ্বোধন কৰিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ অসমৰ বিশিষ্ট নৱীন-প্ৰৱীণ শিল্পীসকলে গীত-নৃত্য পৰিৱেশন কৰিব৷