ভিটামিন C আৰু D যুক্ত খাদ্যই ডিমেনচিয়াৰ প্ৰৱণতা কমায়
ভাৰতত প্ৰায় ৪০ লাখ লোক ডিমেনচিয়াজনিত অসুখত আক্ৰান্ত হয়৷ বিশ্বত প্ত কোটিৰো অধিক লোক ইয়াৰ গ্ৰাসত পৰিছে৷ প্ৰথম অৱস্থাত এই ৰোগত আক্ৰান্তজনে যিকোনো কথাই সহজে পাহৰি যায়৷ দিন যোৱাৰ লগে লগে তেওঁ গুৰুতৰ ডিমেনচিয়াত আক্ৰান্ত হয়৷ দৈনন্দিনৰ কথাবোৰো পাহৰিবলৈ আৰম্ভ কৰে৷ এটা সময়ত দিন-ৰাতিৰ পাৰ্থক্যও ধৰিব নোৱাৰা হয়৷ মগজুৰ পৰা সকলো স্মৃতিয়েই যেন হেৰাই যায়৷ ই এক জটিল ৰোগ৷ অন্য ৰোগৰ দৰে ইয়াৰ কোনোধৰণৰ আগতীয়া উপসৰ্গই দেখা নিদিয়ে৷ সাধাৰণভাৱে কথা পাহৰাৰ পৰাই এই ৰোগ আৰম্ভ হয়৷ ডিমেনচিয়া প্ৰতিৰোধৰ বাবে আগতীয়াকৈ সাৱধান হোৱা উচিত৷ এইক্ষেত্ৰত খাদ্যভাস অত্যন্ত গুৰুত্বপূৰ্ণ৷
ব্লু-বেৰীঃ ব্লু-বেৰীয়ে ডিমেনচিয়া প্ৰতিৰোধক ৰূপে কাম কৰে৷ ব্লু-বেৰীত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ যাৰ বাবে ব্লু-বেৰী খালে মগজুৰ স্বাভাৱিক কাৰ্যক্ষমতা অটুট থাকে৷
শাকঃ যিকোনো সেউজীয়া শাকেই স্বাস্থ্যৰ বাবে উপকাৰী৷ সেউজীয়া শাক-পাচলিত থকা পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে৷ বিশেষকৈ পালেং শাক, গাজৰ নিয়মীয়াকৈ খালে ডিমেনচিয়া প্ৰতিৰোধত সহায় হয়৷ পালেং শাকতো প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট উপলব্ধ৷
হালধিঃ হালধিত কাৰকিউমিন নামৰ এবিধ উপকাৰী উপাদান থাকে৷ এই কাৰকিউমিনে ডিমেনচিয়া প্ৰতিৰোধ কৰাত সহায় কৰে৷ বিভিন্ন ৰন্ধনত হালধিৰ প্ৰয়োগ হয় যদিও প্ৰয়োজনত কেঁচা হালধিৰ ৰস গাখীৰৰ সৈতে মিহলাই খালে সুফল পাব পাৰি৷
ভিটামিন ‘চি’: ভিটামিন ‘চি’ সমৃদ্ধ শাক-পাচলি বা ফলমূল নিয়মীয়াকৈ খালে স্মৃতিশক্তি অটুট থাকে৷
ভিটামিন ‘ই’: ডিমেনচিয়া প্ৰতিৰোধৰ বাবে ভিটামিন ই সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয়৷ বিশেষকৈ সুৰুজমুখী তেল, কাজু, চীনা বাদাম আদিত প্ৰচুৰ পৰিমাণে ‘ই’ ভিটামিন পোৱা যায়৷ সেয়েহে কাজু বাদাম নিয়মীয়াকৈ খালেও ডিমেনচিয়া প্ৰতিৰোধত সহায়ক হয়৷
ভিটামিন ‘ডি’: শৰীৰত ভিটামিন 'ডি'ৰ অভাৱ হ’লেও ডিমেনচিয়াৰ আশংকা বৃদ্ধি পায়৷ সেইবাবে প্ৰতিদিনে কমেও পুৱাই দহমিনিটমান সময় ৰ’দ ল’ব লাগে৷
স্বাস্থ্যকৰ ফেটঃ শৰীৰ নিৰোগী কৰি ৰখাৰ বাবে স্বাস্থ্যকৰ ফেট সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে৷ জলফাই তেল, কণী, ওমেগা-৩ ফেটি এচিদ সমৃদ্ধ খাদ্য খাব লাগে৷ এই উপকাৰী ফেটি এচিদে ডিমেনচিয়া প্ৰতিৰোধ কৰিব পাৰে৷
জিংকযুক্ত খাদ্যঃ প্ৰতিদিনে জিংকযুক্ত খাদ্য গ্ৰহণ কৰিলে ডিমেনচিয়া প্ৰতিৰোধ কৰিব পাৰি৷ কোমোৰাৰ গুটি, ডাৰ্ক চকলেট, ৰাজমাহ, মটৰ আদিত প্ৰচুৰ পৰিমাণে জিংক পোৱা যায়৷ সেয়ে এনেধৰণৰ জিংকসমৃদ্ধ দ্ৰব্য খালে যথেষ্ট সুফল পাব পাৰি৷