উপযুক্ত খাদ্য-চিকিৎসা নাইঃ জংঘলৰ পৰা চোৰাং কাঠ টানিবলৈ ব্যৱহাৰ কৰা হৈছে ঠেং ভঙা হাতীক
'আমাৰ অসম', তেজপুৰ, ৯ জানুৱাৰীঃ খাদ্য আৰু বাসস্থানৰ অভাৱত বিপৰ্যয়ৰ সন্মুখীন হোৱা বনৰীয়া হাতীয়েই নহয়, একাংশ ঘৰচীয়া হাতীও এতিয়া সন্মুখীন হৈছে জীৱশ্ৰেষ্ঠৰ অত্যাচাৰৰ৷ বনৰীয়া হাতীয়ে জনাঞ্চলৰ লগতে কৃষিপথাৰত বিচৰণ কৰিবলৈ লোৱাত সৰ্বসাধাৰণ যথেষ্ট সমস্যাৰ সন্মুখীন হ’লেও অধিকাংশ লোকেই এই প্ৰকাণ্ড স্থলচৰ জীৱ বিধৰ অনিষ্ট হোৱাটো কামনা নকৰে৷ কাৰণ হিন্দু ধৰ্মাৱলম্বী লোকে হাতীক পূজা কৰি আহিছে ভগৱান গণেশৰ ৰূপত৷ কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ ৰাজ্যৰ বন বিভাগৰ শিথিলতাৰ বাবেই বহু পোহনীয়া হাতীৰ ওপৰত গৰাকীয়ে চলাইছে অমানুষিক অত্যাচাৰ৷
হাতীক কেৱল ধন ঘটাৰ আহিলা হিচাপে লৈছে একাংশ গৰাকীয়ে৷ উপযুক্ত খাদ্য-চিকিৎসাৰ পৰা বঞ্চিত কৰাই নহয়, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতীৰ প্ৰতিও সামান্যতম সহানুভূতি নেদেখুৱাই তিলতিলকৈ মৃত্যুৰ মুখলৈ থেলি দিছে একাংশই৷ একোটা অসুস্থ আৰু গুৰুতৰভাৱে আহত হাতীক ব্যৱহাৰ কৰা হৈছে জংঘলত চোৰাং কাঠ টানিবলৈ৷ এইদৰে ৰাজ্যত ঘৰচীয়া হাতীয়ে ভোগ কৰা মৰ্মান্তিক অৱস্থাৰ জীয়া ছবি সংবাদ মাধ্যমৰ আগত দাঙি ধৰি তেজপুৰত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বন্যপ্ৰাণী প্ৰেমী দিলীপ নাথে৷
দিলীপ নাথে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত তথ্যসহ প্ৰকাশ কৰে যে ৰাজ্যখনৰ গোলাঘাট জিলাৰ মেৰাপানী, হালোৱাটিং, চৰাৰ গাঁৱকে ধৰি বিভিন্ন অঞ্চলত এনেদৰে প্ৰায় ১০টা ঘৰচীয়া হাতীৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ পৰিণতিত হাতীকেইটাই এতিয়া মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে৷ নাথে সংবাদ মাধ্যমৰ আগত কয় যে শেহতীয়াকৈ তেওঁ এইবোৰ অঞ্চল ভ্ৰমণ কৰি ঘৰচীয়া হাতীবোৰৰ এনে শোকলগা অৱস্থা দেখা পোৱাৰ লগতে ইয়াৰ সবিশেষ তথ্য সংগ্ৰহ কৰিছে৷ অকথ্য নিৰ্যাতনৰ পৰিণতিত অসুস্থ হৈ পৰা এনে হাতীৰ শাৰিৰীক অৱস্থা শোচনীয় হৈ পৰাৰ লগতে হাঁড়ে-ছালে লগা এনে একোটা হাতীৰ নেজৰ অংশ ছিঙি পৰিছে নাইবা কোনোটো হাতীৰ আগ ঠেং বা পিছ ঠেংখন ভাঙি গৈছে৷ এনে প্ৰায় ছয়-সাতটা হাতীৰ ভিডিঅ' আৰু আন কেইবাটাৰো আলোকচিত্ৰ তেওঁ সংগ্ৰহ কৰাৰ বিষয়ে প্ৰকাশ কৰি নাথে কয় যে যন্ত্ৰণাত চটফটাই থকা বা সঠিকভাৱে খোজকাঢ়িব নোৱৰা হাতীৰ প্ৰতিও দয়া-মমতা প্ৰদৰ্শন নকৰি হাতীবোৰক কামত ব্যৱহাৰ কৰা হৈছে৷ এনেবোৰ বিপৰ্যস্ত হাতীৰ অধিকাংশ গৰাকী গোলাঘাটৰ আৰু একোজন বিয়াগোম ব্যক্তি হিচাপে পৰিচিত৷ নাথে লগতে কয় যে এনে ঘৰচীয়া হাতীবোৰৰ অধিকাংশকে জংঘলৰ ভিতৰৰ পৰা চোৰাং কাঠ টনাৰ বাবেই ব্যৱহাৰ কৰা হয়৷ বিশেষকৈ গোলাঘাটৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত হাতীবোৰক ব্যৱহাৰ কৰা বুলি তেওঁ দাবী কৰে৷ গৰাকীৰ অত্যাচাৰৰ বাবেই এইদৰে আঘাত আৰু অনাহাৰৰ বাবেই ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ আগবঢ়া এই ঘৰচীয়া হাতীবোৰৰ ওপৰত চলা অত্যাচাৰৰ বিষয়ে একাংশ বন বিষয়াও অৱগত বুলি অভিযোগ কৰে নাথে৷ তেওঁ কয় যে হাতী ওপৰত এনে অত্যাচাৰ চলোৱা গৰাকীৰ বিৰুদ্ধে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ নাথে লগতে প্ৰকাশ কৰে যে এই হাতীবোৰৰ বিষয়ে ৰাজ্যৰ মুখ্য বন সংৰক্ষকৰ ওচৰত তেওঁ ইতিমধ্যে অভিযোগ দাখিল কৰিছে৷ তেওঁৰ অভিযোগৰ পাছত একাংশ বন বিষয়াই হাতী জংঘলত থাকিলেও মৰিব, মানুহৰ হাতত থাকিলেও মৰিব চূড়ান্ত উপলুঙাসূচক মন্তব্য কৰিছে৷ নাথে হাতীৰ গৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে৷
নাথে লগতে কয় যে এইদৰে ৰাজ্যৰ আন প্ৰান্ততো ঘৰচীয়া হাতীৰ ওপৰত নিৰ্যাতন চলাৰ বিষয়ে নুই কৰিব নোৱাৰি৷ এনে ক্ষেত্ৰত গোলাঘাটৰ এই মুমূৰ্ষুপ্ৰায় হাতীৰ গৰাকীৰ বিৰুদ্ধে যদিহে বিভাগীয়ভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহ'লে ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকৰ বিৰুদ্ধে তেওঁ আদালতৰ দ্বাৰস্থ হ’ব বুলি জানিবলৈ দিয়ে৷