বেংকত বেছি ধন জমা থাকিলেই বিপদ
নতুন দিল্লী, ১০ জানুৱাৰী ঃ বেংকত টকা জমা ৰখাৰ কথা ভাবিছে নেকি? তেতিয়াহ’লে সাৱধান হওক৷ বেংকত বেছি ধন জমা থাকিলে বিপদতো পৰিব পাৰে৷ ছেভিংছ একাউণ্টত এতিয়াৰে পৰা ১০ লাখ টকাতকৈ অধিক ধন জমা ৰাখিলে আয়ৰ উৎস জনাব লাগিব৷ নতুন বছৰটোৰ আৰম্ভণিতে আয়কৰ বিভাগে ধাৰ্য কৰিছে এই নতুন নিয়ম৷ আয়ৰ উৎস প্ৰমাণত ব্যৰ্থ হ’লে ৬০ শতাংশলৈকে আয়কৰ কৰ্তন হ’ব৷ এই সন্দৰ্ভত আয়কৰ বিভাগে জাৰি কৰিছে নিৰ্দেশনা৷ উক্ত নিৰ্দেশনা অনুসৰি ছেভিংছ একাউণ্টত ধন জমা দিয়াৰ সময়ত গ্ৰাহক বা জমাকাৰীজনে কোন উৎসৰ পৰা ধনখিনি অৰ্জন কৰিছে সেই বিষয়ে উল্লেখ কৰাৰ লগতে পানকাৰ্ডৰ সবিশেষ জনাব লাগিব৷ কোনো কাৰণত আয়ৰ উৎস প্ৰমাণ কৰাত ব্যৰ্থ হ’লে বা ফাঁকি দিলে জমা ধনৰ ওপৰত ৫০ শতাংশতকৈও অধিক পৰিমাণৰ কৰ আদায় দিব লাগিব৷
কৰ্তন কৰিব লগা কৰৰ পৰিমাণ ৬০ শতাংশলৈকে হ’ব পাৰে৷ উল্লেখ্য, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিয়ম অনুসৰি এটা বিত্তীয় বৰ্ষত বেংকত ১০ লাখ টকাতকৈ অধিক ধন জমা ৰাখিলে পানকাৰ্ডৰ সবিশেষ জনোৱাটো বাধ্যতামূলক৷ পূৰ্বে জমা ধনৰ এই পৰিমাণ আছিল ৫০ হাজাৰ টকা৷ পাছত ইয়াৰ পৰিমাণ বৃদ্ধি কৰি ২.৫ লাখ টকা কৰা হয়৷ এইবাৰ এই সীমা ১০ লাখ টকালৈকে বৃদ্ধি কৰা হৈছে৷ অৱশ্যে আয়কৰ ৰিটাৰ্ণ জমা দিলে এই নিয়মৰ পৰা ৰেহাই পোৱা যাব বুলি নিৰ্দেশনাটোত কোৱা হৈছে৷ তদুপৰি আয়ৰ উৎস বৈধ হ’লে সমস্যা নাই৷ উল্লেখ্য, ক’লা ধনৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে৷