Logo
image

অসমত আন্দোলন বিবৰ্জিত পৰিৱেশ অব্যাহত থাকিব বুলি বিনিয়োগকাৰীক আশ্বস্ত কৰিব লাগিব ৰাইজেঃ মুখ্যমন্ত্ৰী

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১০ জানুৱাৰীঃ "এটা আন্দোলন বিবৰ্জিত পৰিৱেশ, হত্যা-হিংসাৰ পৰা এখন সমাজ আঁতৰি আহিলে সেই সমাজখনে যে আকাশ চুব পাৰে, সি আকৌ এবাৰ প্ৰমাণ হ’ল৷ অসমবাসীক এই নতুন বছৰত লাভ কৰা কৃতিত্বৰ বাবে মই অভিনন্দন জনাইছো৷” — বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান নিউয়ৰ্ক টাইমছৰ সমীক্ষাত পৰ্যটন পৰামৰ্শ তালিকাত ৫২টা পৰ্যটন স্থানৰ ভিতৰত অসমে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হোৱাত শুকুৰবাৰে কাজিৰঙাত অনুষ্ঠিত হোৱা ফুলৰ মেলাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ 



বিগত তিনিটা বছৰে আমি অসমবাসীয়ে অসমত আন্দোলন বৰ্জন, হত্যা-হিংসা আদি আঁতৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱা আৰু মাজুলী, কাজিৰঙা, মানাহ, কামাখ্যা মন্দিৰ, বৰদোৱা, বিহু এই সকলোবোৰ বিশ্ব মানচিত্ৰত লৈ যোৱাৰ যি প্ৰয়াস আছিল এই সকলোবোৰে আজি কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্তব্য আগবঢ়ায়৷ এতিয়া অসমৰ পৰ্যটন ক্ষেত্ৰক অধিক আকৰ্ষণীয়কৈ সজাই-পৰাই তোলা আমাৰ দায়িত্ব হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব৷ ইফালে ‘এডভাণ্টেজ অসম’ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিনিয়োগৰ ক্ষেত্ৰত মই কিমান আশাবাদী তাৰ ওপৰত নহয়, অসমৰ মানুহে বিনিয়োগকাৰীক কিমান আশ্বস্ত কৰিব পাৰিব তাৰ ওপৰতহে বিনিয়োগ নিৰ্ভৰশীল৷ অসমৰ মানুহে যিমানে আশ্বস্ত কৰিব পাৰিব যে অসম শান্তিত থাকিব, অসম সকলো ফালৰ পৰা বিনিয়োগ সুচল ৰাজ্য হৈ থাকিব৷ তাৰ ওপৰতে বিনিয়োগ নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিনিয়োগকাৰীসকলৰ অসম সন্দৰ্ভত অভিমত কি সেয়া ‘এডভাণ্টেজ অসম’ত গম পাম৷ 

উল্লেখ্য, কাজিৰঙাত অনুষ্ঠিত দেশৰ আভ্যন্তৰীণ জল পৰিবহন উন্নয়ণ কাউঞ্চিলৰ দ্বিতীয় পূৰ্ণাংগ অধিবেশন উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মা কাজিৰঙাত উপস্থিত হয়৷ ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলা, বোকাখাত সমজিলা প্ৰশাসন আৰু বোকাখাত উন্নয়ণ খণ্ডৰ তৰফৰ পৰা কাজিৰঙাৰ কহঁৰাত পৰ্যটকক আকৰ্ষণ কৰিবলৈ অনুষ্ঠিত কৰা ভোগালীৰ বতৰত ফুলৰ মেলা শীৰ্ষক অনুষ্ঠান পৰিদৰ্শন কৰি পিঠা, লাৰুৰ সোৱাদ লৈ আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰে৷