Logo
image

৩৮৫বিধ চৰায়ে ভিৰ কৰিছেহি মৰিগাঁৱৰ জলাশয়ত

মৰিগাঁৱৰ পৰা বাবুমণি শৰ্মাঃ শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে ৰাজ্যখনৰ লগতে সমগ্ৰ মৰিগাঁও জিলা৷ নৈ-বিল, জান-জুৰিৰ পাৰত পৰিভ্ৰমী চৰাইৰ কলৰৱত প্ৰকৃতিৰ লগতে মানুহৰ মনবোৰো এতিয়া ৰোমাণ্টিক কৰি পেলাইছে৷ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ লগতে চাৰণবিল, হাডুকবিল, সোণাই, সোণডুবা বিলৰ লগতে বিভিন্ন প্ৰান্তত থকা দ জলাশয়সমূহত শীতৰ আগমনত দেশ-বিদেশৰ ৩৮৫ বিধ বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ দেশী-বিদেশী পক্ষীৰ জলকেলিত এতিয়া সকলো বিভোৰ হৈ পৰাৰ লগতে বিল, পুখুৰী, নৈ আদিৰ দৰে দ জলাশয়সমূহত এইদৰে আলহী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰিছে৷ জিলাখনৰ বিভিন্ন পথৰ দাঁতিত থকা বিল, জলাশয়, পুখুৰী, আদিত অচিনাকি নানাৰঙৰ পক্ষীৰ সৌন্দৰ্য আৰু নান্দনিক জলকেলিক প্ৰতিজন লোকে নয়নভৰি উপভোগ কৰাৰ দৃশ্যই সঁচাকৈ এক অনাবিল আনন্দ প্ৰকাশ কৰে৷ শীতপ্ৰধান দেশ নিউজিলেণ্ড, অষ্টে˜লিয়া, চাইবেৰিয়া, মংগোলিয়া, দক্ষিণ আফ্ৰিকা আদিৰ পৰা পৰিভ্ৰমী ভিন্ন পক্ষীয়ে চাৰণবিল, পবিতৰা, হাডুকবিল, সোণাই বিল আদিৰ দৰে দ জলাশয়সমূহৰ বক্ষ শুৱনি কৰাৰ উপৰিও পাহাৰৰ গছ-গছনি আদিতো পক্ষীৰ বিচৰণে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে৷ কাম চৰাইৰ ৰঙা ঠোঁট তাতে দিলে দীঘল ফোঁট, পিতাই দূৰলৈ নিদিবা মোক বিয়াগীত আদিত জনপ্ৰিয় গীতফাঁকিত উল্লিখিত কাম চৰাইয়েই নহয় হাড়গিলা, শামুকভঙা, কামচৰাই, ঢেক, কণামুচৰি, শৰালি, মণিয়ৰি, বগলী, ঘিলাহাঁহ, পানীকাউৰী, দৈকলা, উকহ, বৰতালি হাঁহ, খেৰি হাঁহ, ৰঙামুৰী হাঁহ, মুগী হাঁহ গধাকুলি আদি বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱত মুখৰিত হৈছে সমগ্ৰ মৰিগাঁও জিলা৷ মৰিগাঁৱৰ চাৰণবিল, পবিতৰা দ জলাশয়, হাডুক বিল, সোণডুবা বিল, মৰাকলং, মৰিবিল আদিৰ দৰে দ জলাশয় আদিত থিতাপি লৈছেহি হাজাৰ-হাজাৰ দেশী-বিদেশী পক্ষীকুলে৷ পক্ষীকুলৰ নয়নাভিৰাম জলকেলিৰ দৃশ্য, শৃংখলিত উৰণ আৰু কলৰৱত প্ৰাণ পাই উঠিছে বিল-জলাশয়সমূহৰ দৃশ্য আৰু পৰিৱেশ৷ উল্লেখ্য, বছৰি নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ মৰিগাঁও জিলাৰ বিলসমূহৰ পাৰত অসংখ্য পৰিভ্ৰমী চৰাইৰ লগতে বগলী আৰু পানী কাউৰীৰে ভৰি পৰে৷


বিলৰ কাষত পৰা পক্ষীয়ে খাদ্যৰ অনুসন্ধান কৰাৰ লগতে দেহত ৰ’দৰ তাপ লয়৷ পাখি জোকাৰি জোকাৰি ৰ’দৰ তাপ লোৱাটো এক সুন্দৰ দৃশ্য প্ৰত্যক্ষ কৰি পক্ষী প্ৰেমীসকলে এক অনাবিল আনন্দ উপভোগ কৰে৷ বিভিন্ন ৰঙীণ পাখিৰ চৰাইয়ে ভৰি থকা জলাশয় আৰু পাৰৰ পৰা ঘনে ঘনে উৰি উৰি অহা-যোৱা কৰা পক্ষীৰ জাকে সৌন্দৰ্য বহন কৰাৰ প্ৰকৃতিৰ শোভা বঢ়াইছে৷ দেশ-বিদেশৰ পৰা আহি মুক্ত বিচৰণ কৰা পক্ষীকুলৰ কোনোৱে যদি বাহ সাঁজিছে, আন কোনো পক্ষীয়ে উমনিত বহিছে৷ শীতৰ ৰোমাণ্টিক বতৰত এতিয়া আৰু পক্ষীকুলৰ ব্যস্ততাৰ অন্ত নাই৷ পক্ষীকুলৰ মুক্ত বিচৰণে জিলাখনৰ জলাশয়, বিল আদিৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে এক অনন্য নৈসৰ্গিক পৰিৱেশ সৃষ্টি কৰাটো অৰিহণা যোগাইছে৷ ইফালে, বনজ সম্পদ ধবংসই পক্ষীৰ আশ্ৰয়স্থলী কমি গৈছে৷ মানুহৰ বাবে ঠাই থাকিলেও পক্ষীৰ বিচৰণস্থলী লাহে লাহে নোহোৱা হৈ যোৱাৰ উপক্ৰম ঘটিছে৷ বিল আৰু বিলৰ পাৰৰ সৌন্দৰ্য বহন কৰি প্ৰকৃতিৰ শোভাবঢ়োৱা ঈশ্বৰৰ সৃষ্টি বগলী আৰু পানীকাউৰীৰ লগতে দেশী-বিদেশী পৰিভ্ৰমী চৰাই জাকৰ বিচৰণস্থলীৰ অভাৱ হ’লে সিহঁতে ক’ত যাব আৰু ক’ত বিচৰণ কৰিব, সেয়া এতিয়া এক চিন্তনীয় বিষয় হৈ পৰিছে৷ তদুপৰি, দিনে-নিশাই গাড়ীৰ শব্দ আৰু বনভোজস্থলীত উচ্ছচৰত গীত-মাতত জিৰণি ল’বলৈ ভয় কৰি বহুত পক্ষী আন ঠাইলৈকে উৰি গৈছে৷ পাহাৰ, খাল, বিলবোৰ একাকাৰ কৰি পথ নিৰ্মাণেৰে মানুহে নিজৰ নিজৰ অভাৱবোৰ পূৰণ কৰিছে যদিও চৰাই-চিৰকটিৰ বাবেও এবাৰ মাত্ৰ ভাবি চোৱাৰ চিন্তা মানুহৰ মনত নাইকিয়া হৈছে৷ পক্ষীবোৰৰ বিচৰণস্থলী সুৰক্ষিত হৈ থাকিলেহে নয়নাভিৰাম জলকেলিৰ দৃশ্য, শৃংখলিত উৰণ আৰু কলৰৱত প্ৰাণ পাই থাকিব বিল-জলাশয়সমূহৰ নান্দনিক দৃশ্য আৰু পৰিৱেশ৷ অন্যথা চিৰদিনৰ বাবে হেৰাই যাব দেশী-বিদেশী পৰিভ্ৰমী চৰাই জাকৰ কলৰৱত প্ৰকৃতি লগতে মানুহৰ মন ৰোমাণ্টিক কৰি তোলাৰ উৎস৷