অসমত ১০মহীয়া শিশুৰ শৰীৰত ধৰা পৰিল HMP ভাইৰাছ
'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১১ জানুৱাৰীঃ মহামাৰী ক'ৰ'না ভাইৰাছৰ পাছতে এইবাৰ হিউমেন মেটানিউমো ভাইৰাছ চমুকৈ এইচ এম পি ভাইৰাছৰ আতংকই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দেশজুৰি আতংকৰ সৃষ্টি কৰা এই ভাইৰাছত আক্ৰান্ত অসমত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছে৷ দেশৰ দুখনমান ৰাজ্যত ইতিপূৰ্বে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছত দেশজুৰি এলাৰ্ট জাৰি কৰাৰ পাছত অসমত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ অনাহকত এক আহুকলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে৷
জানিব পৰা অনুসৰি, HMP ভাইৰাছত আক্ৰান্ত হৈছে এটি ১০মহীয়া শিশু৷ শিশুটিৰ ঘৰ লখিমপুৰত৷ সম্প্ৰতি ১০ মহীয়া এই শিশুটি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। শিশুটি বৰ্তমান বিপদমুক্ত বুলি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰিছে। অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰবজ্যোতি ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে যোৱা ৮ জানুৱাৰীত HMP ভাইৰাছত আক্ৰান্ত হোৱা এটি লখিমপুৰৰ শিশু অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল। প্ৰথমাৱস্থাত শিশুটিৰ স্বাস্থ্যৰ সকলো পেৰামিটাৰ অলপ উৰ্দ্ধত আছিল যদিও এতিয়া ক্ৰমান্বয়ে সকলো কমিছে আৰু বৰ্তমানলৈ সম্পূৰ্ণ সুস্থ অৱস্থাতে সুকীয়াকৈ ৰখা হৈছে। লগতে সুক্ষ্মভাৱে সকলো নিৰীক্ষণত আছে। আক্ৰান্ত শিশুটিৰ পৰিয়ালৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই বুলিও উল্লেখ কৰে অধীক্ষক ভূঞাই।
সাধাৰণতে এই ভাইৰাছত আক্ৰান্ত লোকৰ সাধাৰণ জ্বৰ, পানী লগা ইত্যাদি উপসৰ্গই দেখা দিয়ে। মানৱ শৰীৰত ইমিউন চিষ্টেম দুৰ্বল হোৱাৰ লোকক এই ভাইৰাছে সহজতে আক্ৰমণ কৰে। শিশু আৰু বৃদ্ধ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এয়া কোনো নতুন ভাইৰাছ নহয়। ক'ভিডৰ সময়তেই এই ভাইৰাছ উদ্ভৱ হৈছিল আৰু ২০১৪ চনৰে পৰা এনে পৰিপ্ৰেক্ষিতত অসম মেডিকেল কলেজত নিয়মীয়াকৈ ইয়াৰ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে বুলি অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই সদৰী কৰি কোনো লোককে আতংকিত নহ'বলৈ পৰামৰ্শ দিয়াৰ লগতে সকলোকে কেৱল সজাগ হ'বলৈ আহ্ৱান জনাইছে। তেওঁ আৰু কয় যে আমি ক'ভিডৰ সময়ত পালন কৰা সকলো নীতি-নিয়ম নিয়াৰিকৈ মানি চলিলে এনে ৰোগৰ পৰা হাত সাৰিব পাৰি। স্বাভাৱিকতে ৰাজ্যত প্ৰথমটো এনে ৰোগৰ আৱিৰ্ভাৱে অনাগত দিনবিলাকত কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া হ'ব লক্ষনীয়৷