Logo
image

চৌৰ্যবৃত্তিত চিকিৎসক ছাত্ৰঃ কম্পিউটাৰ চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল দুই ছাত্র

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জানুৱাৰীঃ চৌৰ্যবৃত্তিত মেডিকেল কলেজৰ ছাত্ৰ৷ কম্পিউটাৰ চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল নগাঁও মেডিকেল কলেজৰ দুজন ছাত্ৰ৷ নগাঁও মেডিকেল কলেজত শুকুৰবাৰে নিশা এক চুৰিৰ ঘটনা সংঘটিত হয়। এই চুৰিকাৰ্যত চিকিৎসা মহাবিদ্যালয়খনৰ দুজন ছাত্ৰ জড়িত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷



নগাঁও মেডিকেল কলেজ হাস্পতালত অধ্যয়নৰত অভিজ্যোতি চন্দা আৰু মহম্মদ আচিক নামৰ ছাত্র দুজনে যোৱা নিশা চিকিৎসা মহাবিদ্যালয়খনৰ পৰা ৭টা ডেক্সটেপসহ ৭ টা চিপিইউ  চুৰি কৰিছিল। ছাত্র দুজনে চিকিৎসা মহাবিদ্যালয়ৰ এই চুৰি সামগ্ৰীখিনি এএছ ০১ বিকিউ ৯৭২১ নম্বৰৰ গাড়ীখনত ভৰাই বাহিৰলৈ সৰবৰাহ কৰাৰ সময়তে চিকিৎসালয়খনৰ টহলদদাৰী আৰক্ষীয়ে চুৰি সামগ্ৰীসহ বাহনখন জব্দ কৰে৷ আৰক্ষীয়ে দুই চোৰৰ লগতে বাহনখনৰ চালকজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা বাহনখনৰ চালকজনৰ নাম নাজিমুদ্দিন। আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত ধৃত চোৰকেইটাক জেৰা চলোৱাৰ অন্তত নগাঁও আদালতত হাজিৰ কৰায়৷