মনত ভোগালী, বজাৰত কঙালী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জানুৱাৰীঃ কাইলৈ উৰুকা৷ ৰাজ্যৰ গাঁৱে-ভূঞে, নগৰে-চহৰে চলিছে ভোগালীৰ বৃহৎ আয়োজন৷ বিশেষভাৱে ৰাজ্যৰ গ্ৰামাঞ্চলত এতিয়া ৰাইজৰ অপৰিসীম ব্যস্ততা৷ এফালে যদি ডেকাডাম পথাৰ, নামঘৰ, মুকলি স্থানত ভেলাঘৰ, মেজি সজাত ব্যস্ত আনফালে পাকঘৰত আইসকল ব্যস্ত পিঠা-পনা বনোৱাত৷ গাঁৱে গাঁৱে চলিছে ভিন্ন আৰ্হিৰ ভেলাঘৰ প্ৰস্তুতিৰ প্ৰতিযোগিতা৷ বাপতি সাহোন ভোগালীক আদৰাৰ বাবে গুৱাহাটী মহানগৰীতো চলিছে ব্যাপক প্ৰস্তুতি৷
গুৱাহাটীৰ অলিয়ে-গলিয়ে ভোগালী মেলা চলি থকাৰ লগতে পৰম্পৰাগতভাৱে মাঘ বিহু উদ্যাপন কৰিবলৈ মহানগৰবাসীয়ে বিহুৰ পিঠা-পনাৰ লগতে মেজি-ভেলাঘৰ আদি সজা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ বিভিন্ন প্ৰান্তত চিৰা-পিঠা, আখৈ, হুৰুমেই নহয় ৰেডিমেড খেৰ-কাঠৰ মেজি, ভেলাঘৰৰো বিক্ৰীৰ বাবে সাজু কৰি ৰখা হৈছে৷ গুৱাহাটীৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ পৰা কৃষক ৰাইজে এই ৰেডিমেড ভেলাঘৰসমূহ নিৰ্মাণ কৰি বিক্ৰীৰ বাবে আনিছে৷ বিশেষকৈ খানাপাৰা, কাহিলীপাৰা, গণেশগুৰি, লখৰা আদি স্থানত খেৰৰ মেজি বিক্ৰী হৈছে৷ এনে খেৰৰ মেজিৰ দাম ৫০০ টকাৰ পৰা তিনি হাজাৰ টকা পৰ্যন্ত উঠিছে৷ ইয়াৰ উপৰি গ্ৰাহকৰ অৰ্ডাৰ অনুযায়ী মহানগৰীৰ বিভিন্ন স্থানত কাঠৰ মেজিও উপলব্ধ হৈছে৷ ২-৩ ফুট উচ্ছতাৰ এনে সৰু কাঠৰ মেজি ১০০০-১৫০০ টকাত, ৩-৪ ফুট উচ্ছতাৰ ডাঙৰ কাঠৰ মেজি ২০০০-৩৫০০ টকা পৰ্যন্ত দাম নিৰ্ধাৰণ কৰা হৈছে৷
একেদৰে ভোগালীৰ মেলাসমূহত পিঠা, লাড়ু, চিৰা-মুৰি, সান্দহ, মাহকৰাই, হুৰুম, দৈ, মাখন, গুড়, ক্ৰীম আদিকে ধৰি ভোগৰ সামগ্ৰী উভৈনদী হৈ পৰিছে যদিও মূল্যবৃদ্ধিৰ জুইয়ে ভোগালীৰ উৎসাহ-উদ্দীপনা হ্ৰাস কৰিছে৷ বিশেষভাৱে চাউলৰ মূল্যবৃদ্ধিৰ বাবে চাউলেৰে প্ৰস্তুত কৰা প্ৰায় প্ৰতিবিধ পিঠা-পনাৰ দাম ২০-৩০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ বিগত বৰ্ষত গণেশগুৰিৰ বজাৰত ৮০-৯০ টকা কেজিত বিক্ৰী হোৱা বৰা চাউল এইবাৰ ১০০-১২০ টকাত বিক্ৰী হৈছে৷ একেদৰে বিগত বৰ্ষৰ ১২০ টকীয়া বৰা ধানৰ চিৰা এইবাৰ ১৪০ টকাত, এশ টকীয়া জহা চিৰা ১২০ টকাত, ৫০ টকীয়া তিলৰ লাড়ু ৬০ টকাত, ৬০ টকীয়া প্ৰতি পেকেট পিঠা এশ টকাত বিক্ৰী হৈছে৷ আনহাতে ১ কেজি মাটি মাহৰ দাম হৈছে ১৫০ টকা, একেদৰে চাকি গুড় এশ টকাত, কাঁহীগুৰ ১৬০ টকাত বিক্ৰী হৈছে৷ প্ৰতি কেজি তিল বিক্ৰী হৈছে ২০০ টকাত৷ ২৫০ গ্ৰাম হুৰুম বিক্ৰী হৈছে ১২০ টকাত৷ তিলা পিঠা, ঘিলা পিঠা, তেল পিঠাৰ প্ৰতি পেকেট বিক্ৰী হৈছে ৭০-৮০ টকাত৷ একেদৰে উৰুকাৰ প্ৰতি লক্ষ্য ৰাখি মাছ-মাংসৰ বজাৰখনো গৰম হৈ উঠিছে৷ ইয়াৰ মাজতে সন্তৰ্পনে বজাৰত প্ৰৱেশ ঘটিছে স্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক বাৰ্মিজ মাছৰ৷ ব্ৰইলাৰ, কুকুৰা, হাঁহ, ছাগলী, গাহৰি সকলোৰে মাংস বজাৰত উপলব্ধ যদিও চৰা দামৰ বাবে বহুতে এক কেজি মাংস কিনি খাবলৈ বিশবাৰ চিন্তা কৰিবলগীয়া হৈছে৷ মুঠতে মনত ভোগালীৰ অপাৰ উৎসাহ যদিও বজাৰৰ কঙালীয়ে লগাইছে আউল৷