মুখ্যমন্ত্ৰীক ১৬ কেজি ওজনৰ মাছ দিলে মন্ত্ৰী অতুল বৰাই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ হাতত ভকুৱা আৰু আৰি মাছ লৈ শনিবাৰে পুৱাই দিছপুৰত থকা মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা৷ মাঘৰ উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাক ভকুৱা আৰু আৰি মাছ তথা জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক-পাচলি উপহাৰস্বৰূপে আগবঢ়ায় মন্ত্ৰী বৰাই৷
ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰীক দিয়া ভকুৱা মাছটোৰ ওজন ১৬ কেজি হোৱাৰ বিপৰীতে আৰি মাছটোৰ ওজন আছিল ৮ কেজি৷ দুয়োটা মাছে ব্ৰহ্মপুত্ৰ নদীৰ৷ আনহাতে, মুখ্যমন্ত্ৰীক উপহাৰস্বৰূপে দিয়া শাক-পাচলি বোকাখাতৰ খেতিয়কে উৎপাদন কৰা৷ ইফালে, অসম ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক সাক্ষাৎ কৰি ভোগালী বিহুৰ শুভেচ্ছা কৰাৰ লগতে নিজৰ ঘৰত জৈৱিক পদ্ধতিৰে উৎপাদিত শাক-পাচলি উপহাৰ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী কিষাণক ধন্যবাদ জ্ঞাপন কৰে৷