১৬ জানুৱাৰীত মৰিগাঁৱত কেবিনেট বৈঠক
‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ১২ জানুৱাৰীঃ অসম চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক দিনজোৰাকৈ অনুষ্ঠিত হ’ব মৰিগাঁৱত৷ শনিবাৰে মৰিগাঁৱত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ূষ হাজৰিকাই৷
মাঘ বিহুৰ পাছতে, অৰ্থাৎ অহা ১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগা কেবিনেট বৈঠক জিলাখনত অনুষ্ঠিত কৰা সন্দৰ্ভত সকলো দিশ পৰ্যালোচনাৰ বাবে প্ৰভাৱশালী মন্ত্ৰীজন শনিবাৰে বিয়লি মৰিগাঁৱত উপস্থিত হৈ জিলা আয়ুক্ত দেৱাশিস শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ লগতে জিলাখনৰ শীৰ্ষ বিষয়াবৰ্গৰে আলোচনাত মিলিত হয়৷ পাছত মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমক পৰৱৰ্তী কেবিনেট বৈঠক সন্দৰ্ভত অৱগত কৰে৷
তেওঁ প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ সকলো কেবিনেট মন্ত্ৰী উক্ত কেবিনেট বৈঠকত উপস্থিত থাকিব৷ দিনজোৰাকৈ অনুষ্ঠিত হ’বলগীয়া বৈঠক পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে সকলো কেবিনেট সতীৰ্থক লগত লৈ জাগীৰোডত নিৰ্মীয়মান টাটা গ্ৰুপৰ অৰ্ধপৰিবাহী প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’ব৷ ইয়াৰ পাছতে ঐতিহাসিক জোনবিল মেলাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীৰ দলটো৷ ইয়াৰ পাছত ভুৰাগাঁৱলৈ গৈ মৰিগাঁও দৰংসংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত দলঙৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিব৷ ভুৰাগাঁৱৰ পৰা উভতি মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীৰ দলটো পবিতৰা অভয়াৰণ্যৰ আন্তঃগাঁথনিৰ বুজ ল’ব৷ লগতে পবিতৰালৈ আৰু অধিক পৰ্যটকক কিদৰে আৰ্কষিত কৰিব পাৰি সেই সন্দৰ্ভতো শীৰ্ষ বিষয়াৰে আলোচনাত বহিব৷ কেবিনেট বৈঠকখনে মৰিগাঁও জিলাৰ বাবে গুৰুত্বপূৰ্ণ আৰু ইতিবাচক বহুকেইটা দিশ সামৰি লোৱাৰ লগতে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, মন্ত্ৰী হাজৰিকাই কয় যে উক্তদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বাবে এটা বিশেষ ভাল খবৰো ঘোষণা কৰিব৷