যাদৱ পায়েঙক ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান
'আমাৰ অসম'ৰ ডিফুৰ প্ৰতিনিধি, ১৫ জানুৱাৰীঃ অৰণ্য মানৱখ্যাত যাদৱ পায়েঙক প্ৰদান কৰা হ'ল ৰংবং তেৰাং সমন্বয় বঁটা ৷ পাহাৰ ভৈয়ামৰ ৰূপকাৰ, ৰংমিলিৰ হাঁহিৰ স্ৰষ্ট্ৰা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ ভোগালী বিহুৰ উৰুকাৰ দিনা ৮৮ সংখ্যক উপজা দিন৷ বৰণ্য সাহিত্যিক গৰাকীৰ উপজা দিনটোতে কাৰ্বি পাহাৰৰ চিংথুৰ প্ৰকাশনে প্ৰতি বছৰে অসমৰ জ্ঞানোজেষ্ঠ, কৰ্মোদমী তথা বৰণ্য ব্যক্তি সকলক উক্ত বঁটা প্ৰদান কৰি আহিছে ৷ ২০২৫ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশ কৰ্মী যাদৱ পায়েঙক৷ বকলীয়াঘাট যুৱ সংঘত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷
কাৰ্বি পৰম্পৰাগত জেকেট, মোনা, প‘হ, জাম্বিলী আঠন,স্মাৰকৰ লগতে নগদ মাননি ধন বঁটাৰ লগত প্ৰদান কৰা হয়৷ বঁটা গ্ৰহণ কৰি পৰিৱেশ কৰ্মী পদ্মশ্ৰী যাদৱ পায়েঙ কয় যে কাৰ্বি আংলং জিলালৈ আগতে মই প্ৰশাসনৰ কাৰ্যসূচীত আহিছিলো৷ এইবাৰ কিন্তু পাহাৰীয়া জিলা খনৰ ৰাইজৰ মৰম বুটলি নিবলৈ আহিছো৷ এগৰাকী জনজাতীয় সাহিত্যিক ,অসম সাহিত্য সভাৰ প্ৰক্তন সভাপতিৰ নামত উছৰ্গিত সমন্বয়ৰ বঁটা এটি মই লাভ কৰি যঠেষ্ট অভিভূত হৈ পৰিছো৷ এই মৰম মই কোনো দিনে পাহৰিব নোৱাৰিম বুলি পায়েঙে মন্তব্য কৰে ৷
লগতে তেও কয় যে প্ৰকৃতি সুৰক্ষাৰ নামত আমাৰ চৰকাৰৰ এতিয়াও বহু কৰণীয় আছে৷ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ গছ পুলি ৰোপন কৰিবহে লাগে৷ ফ'ৰলেন, অভাৰব্ৰীজ, কয়লা খনন কৰি জধে মধে গছ কাটি সেউজীয়া পৰিৱেশ ধ্বংস কৰিব নালাগে৷ লগতে তেওঁ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে চেগুন, উইক্লিফটাচ আদি গছসমূহে কেঞ্চাৰৰ ৰোগ ক্ৰমাৎ বৃদ্ধি কৰে ৷ এই দিশত চৰকাৰে অধিক বিশ্লেষণ কৰি কাম কৰাৰ স্থল আছে বুলি মন্তব্য কৰে৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত সাহিত্যিক উপেন ৰাভা হাকাছামে ৰংবং তেৰাং সমন্বয় বঁটাই পাহাৰ ভৈয়ামৰ সমন্বয় সেঁতুদাল অধিক কটকটীয়া কৰিব বুলি মন্তব্য কৰে৷
ভাষণ প্ৰসঙ্গত অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই কয় যে ৰংমিলিৰ হাঁহিৰ স্ৰষ্ট্ৰা গৰাকীৰ নামত সমন্বয়ৰ এনে বঁটাই সমগ্ৰ অসমৱাসীক অদূৰ ভৱিষ্যতে সময়ৰ সৈতে বাট বুলিবলৈ সাহস যোগাব৷ আন এগৰাকী বক্তা তথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় যে পাহাৰ ভৈয়ামৰ সমন্বয়ত ৰংবং তেৰাঙৰ যঠেষ্ট অঢ়িহনা আছে৷ আমি সকলোৱে এই গৰাকী বৰণ্য সাহিত্যিকৰ সৃষ্টিৰাজিক নৱ প্ৰজন্ৰ কাষলৈ লৈ যাব লাগিব৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কাৰ্বি সাহিত্য সভাৰ সভাপতি কামছিং হাঞ্চে, আছুৰ ভাৰপ্ৰাপ্ত সম্পাদক চৰ্জুণ হাঞ্চে, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি বাৰিম ইংতি উপস্থিত থাকে৷ উল্লেখ্য, ৰংবং তেৰাংঙৰ অসুস্থতাৰ বাৱে উক্ত সভাখনত সাহিত্যিক গৰাকী অংশ গ্ৰহণ কৰিব নোৱাৰিলে৷ উক্ত সভাখনৰ অন্তত বকলীয়াঘাটৰ শতদল শাখা সাহিত্য সভাই প্ৰতিষ্ঠা কৰা ৰংবং তেৰাং গ্ৰন্থাগাৰ এটাৰ শুভ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন ৰাভা হাকাচামে৷