Logo
image

পহিলা মাঘত নলবাৰীৰ দেৱালয়-মন্দিৰত ভক্তৰ ভিৰ

'আমাৰ অসমৰ দক্ষিণ নলবাৰীৰ প্ৰতিবেদক, ১৫ জানুৱাৰী: মাঘ মাহৰ পহিলা দিনটোত অৰ্থাৎ বুধবাৰে নলবাৰীৰ বিভিন্ন মন্দিৰ-দেৱালয়ত ভক্ত-দৰ্শনাৰ্থীৰ যথেষ্ট সমাগম ঘটে৷ জিলাখনৰ ঐতিহাসিক ভাঙুৰা গোঁসাইৰ থানত পুৱাৰে পৰা দুপৰীয়ালৈ বৃহৎ সংখ্যক দৰ্শনাৰ্থী, বনভোজকাৰী দলে ভিৰ কৰা পৰিলক্ষিত হয়৷ ৰজাদিনীয়া এই থানখনত সমাৱেশ ঘটা যাত্ৰীসকলে ভাঙুৰা গোসাঁইৰ মন্দিৰত নৈবেদ্যৰ শৰাই, গাখীৰ, গুৰৰ লাৰু আদি আগবঢ়াই সেৱা লয়।


বিভিন্ন ঠাইৰ পৰা অহা বহুসংখ্যক বনভোজকাৰী দলে পবিত্ৰ মাঘ মাহৰ আৰম্ভণিৰ দিনটোত মহিমামণ্ডিত ভাঙুৰা গোসাঁইৰ থানত লগে-ভাগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে৷ ইপিনে, জিলাখনৰ শক্তিপীঠ বালিলেচা কালী দেৱালয়, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়, বৰভাগৰ ঠেঠা গোঁসাইৰ থান, আদাবাৰীৰ বাঘেশ্বৰী দেৱালয় আদিতো পুৱাৰে পৰা অসংখ্য ভক্তৰ ভিৰ হয়৷ লগতে নলবাৰীৰ পবিত্ৰ হৰিমন্দিৰ, গণেশ মন্দিৰ, নিজবাঁহজানী শিৱৰ থানৰ শিৱ মন্দিৰ, বৰনদীৰ গণেশ দেৱালয়তো মাঘৰ পহিলা দিনটোত অনুৰূপ ধৰণে যাত্ৰীয়ে ভিৰ কৰা দেখা যায়৷ তদুপৰি জিলাখনৰ আন বহু ঠাইৰ মন্দিৰ, সত্ৰ, নামঘৰত বহু ভক্তৰ সমাগম হয়৷ পহিলা মাঘ উপলক্ষে জিলাখনৰ বিভিন্ন ঠাইত মন্দিৰত বিষ্ণু হোম, মাঘী সভা, সাস্কৃতিক অনুষ্ঠান, বিভিন্ন খেল-ধেমালি কাৰ্যসূচী অনুষ্ঠিত হয়। জাহা-চেৰাবাৰী গোপাল মন্দিৰকে ধৰি জিলা খনৰ কেইবাঠাইতো বুধবাৰৰ পৰা তিনি দিনীয়াকৈ সভা মহোৎসৱৰ আৰম্ভ হৈছে।