Logo
image

বিধায়কৰ বাসগৃহৰ সন্মুখত দুটাকৈ গ্ৰেনেড উদ্ধাৰ

'আমাৰ অসম'ৰ ধনশিৰিৰ প্ৰতিবেদক, ১৫ জানুৱাৰীঃ সৰুপথাৰ সমজিলাৰ সদৰ সৰুপথাৰ নগৰত বুধবাৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নৱনিৰ্মিত আৱাস গৃহৰ সন্মুখত উদ্ধাৰ হয় দুটাকৈ গ্ৰেনেড। উল্লেখ্য যে সৰুপথাৰ সমষ্টিৰ বিধায়কৰ নিৰ্মাণৰত আৱাস গৃহৰ সন্মুখতে তথা সৰুপথাৰ সমজিলাৰ মহকুমা আৰক্ষী বিষয়া দ্বীপেন পাটৰৰ বাংলোৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত গ্ৰেনে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।



স্মতব্য যে বিধায়ক বিশ্বজিৎ ফুকনে নিৰ্মাণ কৰা আৱাস গৃহটোৰ কাষতে থকা মৃদুল বুঢ়া গোঁহাই নামৰ এজন লোকৰ পৰিত্যক্ত এটা ভঁৰালৰ তলত উদ্ধাৰ হয় বোমা দুটা। বিধায়কৰ ঘৰত মিস্ত্ৰি হিচাপে কাম লোকে প্ৰথমে প্ৰত্যক্ষ কৰে বোমা সদৃশ দুটা বস্তু। ইয়াৰ পিছতে সৰুপথাৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আনহাতে বোমা উদ্ধাৰ হোৱাৰ প্ৰায় পাঁচঘণ্টা সময় উকলি যোৱাৰ পিছতো বাতৰি লিখা সময়লৈকে ঘটনাস্থলীত অসম আৰক্ষীৰ বোমা বিশেষজ্ঞ উপস্থিত হোৱা নাই৷