অকলশৰে থকা অৱস্থাত হাৰ্ট এটেক হ’লে কি কৰিব
আজিকালি প্ৰায়েই বিভিন্নজনে হাৰ্ট এটেক হৈ অকাল মৃত্যুক সাৱতি ল’ব লগা হোৱা বুলি শুনা যায়৷ হাৰ্ট এটেক হোৱাৰ সময়ত কাষত কোনো নাথাকিলে মৃত্যু অৱধাৰিত৷ কিন্তু কিছুমান পদ্ধতি অৱলম্বনেৰে হাৰ্ট এটেক হোৱাৰ সময়ত অজ্ঞান হৈ পৰাৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়৷
(১)হাৰ্ট এটেক বা হৃদৰোগৰ সমস্যা থাকিলে যিকোনো পৰিস্থিতি চম্ভালিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত থকা উচিত৷
(২) যদি অনুভৱ কৰে যে আপোনাৰ হাৰ্ট এটেক হোৱা যেন লাগিছে বা হৃদযন্ত্ৰই ঠিকমতে কাম কৰা নাই, অথবা শ্বাস-প্ৰশ্বাস বন্ধ হোৱা যেন লাগিছে, তেন্তে বুজিব যে আপোনাৰ হাতত দহ ছেকেণ্ড সময় আছে৷ এইখিনি সময় অপচয় নকৰি লগে লগে সমস্যাৰ বিষয় কাৰোবাক জনাওক৷
(৩) হাৰ্ট এটেক হোৱা যেন লাগিলে দীঘলীয়াকৈ উশাহ লওক, যাতে বায়ু হাওঁফাওঁৰ গভীৰলৈ সোমাব পাৰে৷
(৪) এইবাৰ জোৰে কাহ মাৰক, অতি বেছি ঠাণ্ডা লাগিলে ক’ফ উলিয়াই দিয়াৰ দৰে কাহক৷
(৫) প্ৰতি দুই ছেকেণ্ডৰ মূৰে মূৰে দীঘলীয়াকৈ উশাহ লওক৷ লগতে কাহি থাকিবলৈ নাপাহৰিব, যেতিয়ালৈকে অৱস্থা স্বাভাৱিক নহয় তেতিয়ালৈকে এই পদ্ধতি অৱলম্বন কৰক৷
(৬)দীঘলীয়াকৈ উশাহ লোৱাৰ ফলত হাওঁফাওঁত প্ৰচুৰ পৰিমাণে অক্সিজেনৰ প্ৰৱেশ ঘটিব৷ লগতে কাহাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত প্ৰচণ্ড চাপ পৰিব৷ যিটোৱে তেজক পাম্প কৰিবলৈ সহায় কৰিব৷ এই পদ্ধতিয়ে হৃদযন্ত্ৰৰ স্বাভাৱিক স্পন্দন উভতাই অনাত সহায় কৰিব৷ এই পদ্ধতি অৱলম্বন কৰিলে হাৰ্ট এটেক হ’লে জীৱন ৰক্ষা হোৱাত সহায় হ’ব পাৰে৷