মহাকুম্ভত বিভিন্ন দেশ, বিভিন্ন সংস্কৃতিৰ সাধু-সাধবীৰ ভিৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ জানুৱাৰীঃ তন্বী তেওঁ৷ অসামান্য ৰূপৱতীও৷ দীপলিপ শৰীৰত গেৰুৱা বসন, হংসৰ দৰে গ্ৰীবাত সুশোভিত ৰুদ্ৰাক্ষৰ মালা৷ কোনোটো প’জত কান্ধৰ দুয়োপাৰে বৈ পৰা আৰু কোনোসময়ত টপনট বান্ধি ৰখা চুলিৰ ৰং ‘ব্ৰুনেট’, কিন্তু ৰং কৰাৰ ষ্টাইল ‘অম্ব্ৰি’– অৰ্থাৎ ওপৰৰ দিশে পাতল আৰু ক্ৰমাৎ তললৈ ৰং ডাঠ৷ তেওঁ কিন্তু সন্ন্যাসিনী৷ কোনো সুন্দৰী প্ৰতিযোগিতাত ভাগ ল’বলৈ অহা লাস্যময়ী সুন্দৰী নহয়৷ তেওঁৰ নাম হৰ্ষা ৰিচাৰিয়া আৰু এই ৰূপৱতী সন্ন্যাসিনীয়ে পলকতে বঢ়াই দিছে অতদিনে দহ ডিগ্ৰী চেলচিয়াছত কঁপি থকা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পাৰস্তম্ভ৷ দহ কোটি ভক্তৰে উখল-মাখল হৈ থকা প্ৰয়াগৰাজত সকলোৰে দৃষ্টি কাঢ়ি নিছে এই ৰূপৱতী সাধবীয়ে৷ ছ’চিয়েল মিডিয়াৰ বায়’ত ‘ইনফ্লুৱেন্সাৰ’ বুলি পৰিচিতি দিয়া সন্ন্যাসিনী হৰ্ষা ৰিচাৰিয়া এতিয়া মহাকুম্ভ মেলাৰ ‘মহা ইনফ্লুৱেন্সা’ৰ, যাৰ ৰূপৰ আকৰ্ষণে পদস্খলন ঘটাব পাৰে অযুত সন্ন্যাসীৰ, যিদৰে প্ৰাচীন কালত ঋষি-মুনিৰ চিত্ত চাঞ্চল্য ঘটাইছিল ৰম্ভা-মেনকাৰ দৰে অপ্সৰাই৷
প্ৰতি ১২ বছৰৰ বিৰতিত আয়োজিত মহাকুম্ভ মেলালৈ আহিছে ১০ কোটি ভক্ত, য’ৰ কেইবাগৰাকীয়ে ভিৰৰ মাজতো কাঢ়ি নিছে শিৰোনাম৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ হ’বলগীয়া মহাকুম্ভৰ ১৩ জানুৱাৰীত আছিল ‘অমৃত স্নান’৷ এই অমৃত স্নানত ভাগ ল’বলৈ আহিছে এপ’লৰ সহ প্ৰতিষ্ঠাতা প্ৰয়াত ষ্টিভ জবছৰ পত্নী ল’ৰেন পাৱেল জবছ৷ এসময়ত বিশ্বৰ ২০ জন ধনকুবেৰৰ মাজত স্থান লাভ কৰা ল’ৰেন জবছে তেনেই ‘ল’ প্ৰফাইল’ আধ্যাত্মিক যাত্ৰাত মগ্ন হৈ আছে প্ৰয়াগৰাজত৷ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ স্নাতক, ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এম বি এ ল’ৰেন পাৱেল জবছ সনাতন ধৰ্মৰ প্ৰতি দুৰ্দান্তভাৱে আকৰ্ষিত৷ কেৱল আকৰ্ষিতই নহয়, তেওঁ নিজৰ নাম ‘কমলা’লৈ পৰিৱৰ্তিত কৰি দীক্ষা লৈছে হিন্দুত্বত, যাতে গংগাত এই মহাকুম্ভত পূন্যস্নান কৰিব পাৰে৷ সংবাদ মাধ্যমৰ পৰা দূৰৈত অৱস্থান কৰি নিৰঞ্জনী আখাৰাৰ শিৱিৰত ল’ৰেনে তপস্যা কৰিছে, হিন্দুৰ মন্ত্ৰৰে সংস্কৃত উচ্ছাৰণত৷ ‘কল্পবাস’ত ভাগ লৈছে ল’ৰেন জবছে৷ প্ৰসংগতঃ ‘কল্পবাস’ হৈছে গংগাৰ তীৰত ধৰ্মীয় ৰীতি-নীতি পালন কৰি বসবাস কৰা আধ্যাত্মিক প্ৰথা৷ হঠাতে শৰীৰত হোৱা এলাৰ্জিৰ বাবে ল’ৰেনে মঙলবাৰে অমৃত স্নানত ভাগ ল’ব নোৱাৰিলে৷ তেওঁ শৰণ লোৱা স্বামী কৈলাশনন্দগিৰি মহাৰাজ গুৰুজীয়ে কয়, কেতিয়াও একেলগে ইমান বিশাল সমাগমৰ মাজত নথকাৰ বাবেই তেওঁ এলাৰ্জিৰ চিকাৰ হৈছে৷ সম্প্ৰতি তেওঁ নিৰঞ্জনী আখাৰাৰ শিৱিৰতে বিশ্ৰাম লৈ আছে কিন্তু পুৱা-গধুলি তপস্যাত নিমগ্ন হৈ আছে৷
বিশ্বৰ অন্যতম চহকী উদ্যোগপতি আৰু বিদুষী ল’ৰেন জবছে মহাকুম্ভ মেলাত ভাগ ল’বলৈ অহাৰ পথত কাশীৰ বিশ্বনাথ মন্দিৰ দৰ্শন কৰি আহিছে৷ সম্প্ৰতি ভাইৰেল হৈ পৰিছে তেওঁৰ প্ৰয়াত স্বামীৰ এখন পত্ৰ৷ শৈশৱতে ষ্টিভ জৱছে তেওঁৰ বন্ধু টিম ব্ৰাউনলৈ লিখিছিল এখন পত্ৰ, য’ত তেওঁ কৈছিল– ‘মই কুম্ভমেলাত ভাগ লোৱাৰ বাবে এদিন ভাৰতলৈ যাবলৈ বিচাৰোঁ৷’ স্বামীৰ অপূৰ্ণ ইচ্ছা পূৰণৰ বাবেই ল’ৰেন মহাকুম্ভলৈ অহা বুলি সজোৰ প্ৰচাৰ চলিছে৷ ১৯৭৪ চনৰ ২৩ ফেব্ৰুৱাৰীত ষ্টিভ জবছে লিখা পত্ৰখন অলপতে ৪.৩২ কোটি টকাত নিলাম হৈ গৈছিল৷
প্ৰয়াগৰাজৰ মহা কুম্ভমেলাত ব’ম্বে আই আই টিৰ ইঞ্জিনিয়াৰিঙৰ এক স্নাতক সন্ন্যাসীয়েও অনেকৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ অভয় সিং নামৰ এই আইআইটিয়ানৰ সৈতে কথা পাতি অবাক হৈ পৰিছে সাংবাদিক৷ ‘আপোনাৰ কথা শুনি পঢ়া-শুনা থকা যেন লাগিছে’– বুলি নিউজ-১৮ৰ সাংবাদিকে কওঁতেই সেই ডেকা সন্ন্যাসীয়ে কৈ উঠিল– ‘হয়, মই ব’ম্বে আইআইটিৰ পৰা এৰোস্পেছ ইঞ্জিনিয়াৰিং কৰিছোঁ৷’ তেতিয়া কেই মুহূৰ্তমান বাকহীন হৈ গৈছিল প্ৰথমে সপ্ৰতিভ হৈ প্ৰশ্ন কৰা নিউজ ১৮ৰ সাংবাদিক৷ সম্বিত ঘূৰাই পাই তেওঁ পুনৰ সুধিলে– ‘আপোনাৰ এই অৱস্থাৰ কাৰণ কি?’ সন্ন্যাসীৰ উত্তৰ– ‘এই অৱস্থাইতো খুব ভাল অৱস্থা৷ মই জীৱনৰ শান্তি বিচাৰি এই জীৱন বাছি লৈছোঁ৷’
ঠিক একেই উত্তৰ সাংবাদিকক দিছিল মহাকুম্ভত মহাভাইৰেল হৈ পৰা ৰূপৱতী সন্ন্যাসিনী হৰ্ষা ৰিচাৰিয়াই৷ ছ’চিয়েল মিডিয়াত নিজকে মডেল, এংকৰ, ট্ৰেভেল ব্লগাৰ বুলি পৰিচয় দিয়া হৰ্ষাৰ ইনষ্টাগ্ৰামত আছে এক নিযুত ফল’ৱাৰ৷ আছে বিকিনি পৰিধান কৰা ফটোও৷ কিন্তু গুৰু স্বামী কৈলাশনন্দগিৰি মহাৰাজৰ পৰামৰ্শত মোহাৰি পেলোৱা নাই অতীতৰ পৰিচিতি৷ ল’ৰেন জবছৰ সৈতে একেই নিৰঞ্জনী আখাৰাত থকা এই ৰূপৱতী সন্ন্যাসিনীক লৈয়েই এতিয়া ব্যস্ত দেশৰ নেটিজেন, আনকি সম্ভৱত কুম্ভমেলাত আধ্যাত্মিক সময় কটাবলৈ অহা সন্ন্যাসীও৷