কংগ্ৰেছৰ নতুন ঠিকনা, ভগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ
আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ জানুৱাৰীঃ ৪৬ বছৰৰ পাছত সলনি হ’ল ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ ঠিকনা৷ লুটেন্স দিল্লীৰ ২৪ আকবৰ ৰোডৰ পৰা বুধবাৰে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা সলনি হ’ল ৯৫ কোটলা ৰোডলৈ৷ ডেৰ দশক পূৰ্বে ২০০১ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে এই ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল৷ তেওঁৰ প্ৰয়াণৰ পাছতে কংগ্ৰেছে বুধবাৰে এই নতুন ঠিকনালৈ সলনি কৰিলে মুখ্য কাৰ্যালয়৷ ছোনিয়া গান্ধীৰ উদ্বোধন কৰা নতুন কাৰ্যালয়ৰ নাম ইন্দিৰা গান্ধী ভৱন৷ এসময়ত কংগ্ৰেছৰ মুখ্য কাৰ্যালয় আছিল যন্তৰ-মন্তৰ ৰোডত৷ ১৯৭৭ চনত লোকসভা ভোটত পৰাজয়ৰ পাছত দলত ভাঙোণ ধৰাত ১৯৭৮ চনত ইন্দিৰা গান্ধীয়ে তেওঁৰ অনুগামীক লৈ ২৪ আকবৰ ৰোডত কাৰ্যালয় প্ৰতিষ্ঠা কৰে৷ তেতিয়াৰ পৰাই চাৰি দশক ধৰি চলি আছিল এই মুখ্য কাৰ্যালয়৷
কংগ্ৰেছৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি লোকসভা বিৰোধী দল নেতা ৰাহুল গান্ধীয়ে দিয়া ভাষণত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ তেওঁ নিজৰ ভাষণত বিজেপি আৰু আৰএছএছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ৰাহুল গান্ধীয়ে কয় যে বিজেপি আৰু আৰএছএছে দেশৰ সকলো প্ৰতিষ্ঠানৰ দখল নিজৰ হাতলৈ নিছে৷ আৰএছএছৰ অভিসন্ধিৰ জৰিয়তে বিজেপিয়ে দেশৰ সাংবিধানিক আৰু অন্যান্য প্ৰতিষ্ঠানৰ দখল নিজৰ হাতলৈ নিয়াৰ ফলত কংগ্ৰেছে বিজেপি আৰু আৰএছএছৰ লগত যুদ্ধ কৰিবলগীয়া হৈছে আৰু একেলগে যুদ্ধ কৰিবলগীয়া হৈছে ‘ৰাষ্ট্ৰৰ সৈতে৷ ৰাহুল গান্ধীৰ এই বক্তব্যৰ পাছত বিজেপিয়ে উভতি ধৰি কৈছে, ৰাহুল গান্ধীয়ে নিজেই কংগ্ৰেছৰ ‘ভাৰত ৰাষ্ট˜’ৰ সৈতে যুদ্ধৰ কথা মুকলি কৰি দিলে৷ সেয়া হৈছে এক ঘৃণনীয় সত্য৷ সেই সত্য ৰাহুল গান্ধীয়ে নিজে মুকলি কৰি দিয়াত কংগ্ৰেছৰ চৰিত্ৰ সকলোৱে বুজি পালে বুলি বিজেপিয়ে মন্তব্য কৰিছে৷