পেৰিছত চৰাইদেউৰ স্বীকৃতি গ্ৰহণ কৰিলে মন্ত্ৰী বিমল বৰাই
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ জানুৱাৰীঃ আহোম ইতিহাস বিজড়িত চৰাইদেউ মৈদামে নৱতম বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰাৰ পাছতেই ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিক সংস্থা চমুকৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিয়ে অসম চৰকাৰক আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ-পত্ৰ৷ মঙলবাৰে পেৰিছত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ পৰা অসম চৰকাৰৰ হৈ চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই৷ উল্লেখ্য, ৬০০ বছৰীয়া আহোম ৰাজ শাসনকালৰ কেইবাজনো স্বৰ্গদেউৰ সমাধিস্থল অৰ্থাৎ মৈদামেৰে সমৃদ্ধ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিগত বৰ্ষৰ জুলাই মাহত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ সভাত ভাৰত বৰ্ষৰ ৪৩সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল৷ এই স্বীকৃতিৰ পাছতেই মঙলবাৰে পেৰিচৰ ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বৰাই বিশ্ব সংস্থাটোৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য প্ৰমাণ পত্ৰখন গ্ৰহণ কৰে৷
এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰাক সংগ দিয়ে ফ্ৰান্সত ভাৰতীয় ৰাষ্ট্ৰদূত তথা ইউনেস্ক’ত ভাৰতৰ জন সম্পৰ্কৰক্ষী বিষয়া বিশাল বি শৰ্মাই৷ ‘Maidams-The mould burial system of Ahom dynasty’ হিচাপে ইউনেস্ক’ই দিয়া স্বীকৃতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ অনুষ্ঠানত বিশ্ব ঐতিহ্য কেন্দ্ৰৰ সঞ্চালক লেজাৰ ইলউণ্ড অস্ম’ও উপস্থিত আছিল৷ অনুষ্ঠানত মন্ত্ৰী বড়াই ইউনেস্ক’ৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধানজনক এখনি ফুলাম গামোচা, অসমৰ গৌৰৱ এশিঙীয়া গড়ৰ এটি প্ৰতিকৃতি আৰু অসমৰ চাহৰ এটি টোপোলাৰ উপহাৰ প্ৰদান কৰে৷ ইয়াৰ পূৰ্বে মন্ত্ৰী বৰাই ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়টো পৰিদৰ্শন কৰাৰ লগতে পেৰিচৰ সংগ্ৰহালয় এটিও পৰিদৰ্শন কৰে৷