Logo
image

নিৰোগী হ’বলৈ পুৱাৰ এই বদ-অভ্যাস এৰক

আমাৰ অসম বিশেষঃ পুৱাই শুই উঠিয়ে বহুতে দিনটো আৰম্ভ কৰে একাপ কফীৰে, নাইবা শৰীৰ চৰ্চাৰে৷ কিন্তু আমাৰ মাজত বহু লোক আছে যিসকলে দিনটো আৰম্ভ কৰে বদ-অভ্যাসেৰে৷ এনে বদ-অভ্যাস ভয়ানক বিপদৰ কাৰণ হৈ উঠিব পাৰে৷ যাৰ বাবে দিনটো আপুনি আৰম্ভ কৰক এনে কিছুমান কামেৰে, যিবোৰে নেকি আপোনাক সুস্থ কৰি ৰখাৰ লগতে সমগ্ৰ দিনটো সাফল্যৰ কৰি তোলে৷ আজিৰ শিতানত কেতবোৰ বদ-অভ্যাসৰ বিষয়ে উল্লেখ কৰা হ’ল– যিবোৰ অচিৰেই ত্যাগ কৰা উচিত৷

[১] কফীঃ পুৱা কফীৰ সুগন্ধি সকলোৰে প্ৰিয়৷ কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে পুৱাৰ কফী কাপে শক্তি বঢ়ালেও হৰম’নৰ ক্ষতি কৰে৷

[২] ধূমপানঃ বহুতৰে আকৌ পুৱা শুই উঠিয়েই ধূমপান কৰাৰ অভ্যাস৷ এনে অভ্যাসে কেন্সাৰৰ আশংকা বঢ়ায়৷ যাৰ বাবে ধূমপানেৰে দিনটো আৰম্ভ নকৰাই ভাল বুলি পৰামৰ্শ আগবঢ়ায় চিকিৎসকে৷

[৩] কাৰ্বোহাইড্ৰেটযুক্ত ব্ৰেকফাষ্টঃ পুৱাই অত্যধিক কাৰ্বোহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰিলে শক্তি বাঢ়ে ঠিকেই, কিন্তু কাৰ্বোহাইড্ৰেট হজম হোৱাৰ পাছত তেজত শৰ্কৰাৰ মাত্ৰা কমি যায়৷ ফলত ভোক বৃদ্ধি পায়৷ এনে ক্ষেত্ৰত পুৱাই অতিৰিক্ত কাৰ্বোহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক৷

[৪] শৰীৰ চৰ্চা নকৰাঃ শৰীৰ চৰ্চাৰ আটাইতকৈ উত্তম সময় হৈছে পুৱা৷ যদি পুৱাই উঠি শৰীৰ চৰ্চা কৰিব পৰা যায় তেন্তে স্বাস্থ্যৰ বাবে আৰু ইয়াতকৈ ভাল একোৱেই হ’ব নোৱাৰে৷