Logo
image

২৯৬জনলৈ শিল্পী পেন্সন-সাহায্য-সন্মান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আজি ২০২৪-২৫ বৰ্ষৰ নিয়মীয়া শিল্পী পেঞ্চন, পৰিয়াল পেঞ্চন, বাৰ্ষিক শিল্পী পেঞ্চন,  ২৯৬জনলৈ শিল্পী পেন্সন

দিব্যাংগৰ বাৰ্ষিক শিল্পী পেঞ্চনৰ লগতে প্ৰয়াত শিল্পীৰ পৰিয়াললৈ এককালীন বিশেষ সাহায্য ৰাশি ঘোষণা কৰিছে৷ মুঠ ২৯৬ জন শিল্পী তথা তেওঁলোকৰ পৰিয়ালে এই পেঞ্চন তথা সাহায্য লাভ কৰিছে৷ মুঠ ৭৩জনলৈ নিয়মীয়া শিল্পী পেঞ্চন, ২৯ জনলৈ পৰিয়াল পেঞ্চন, ১৭৯ জনলৈ বাৰ্ষিক শিল্পী সন্মান, ৫ জনলৈ দিব্যাংগ বাৰ্ষিক শিল্পী পেঞ্চন আৰু ১০ জন প্ৰয়াত শিল্পীৰ পৰিয়াললৈ এককালীন বিশেষ সাহায্য আগবঢ়োৱা হৈছে৷ নিয়মীয়া শিল্পী পেন্সনৰ বাবে চৰকাৰৰ বাছনিত উঠা ৭৩জন শিল্পীৰ ভিতৰত বৰপেটাৰ প্ৰমোদ দাস, গোলাঘাটৰ শিৱপ্ৰসাদ শৰ্মা ঠাকুৰ আৰু খঞ্জন নাথ, গুৱাহাটীৰ যতীন্দ্ৰনাথ শৰ্মা, সন্ধ্যা মেনন নাথ, নমিতা ভট্টাচাৰ্য গোস্বামী, মালবিকা বৰা, হেমন্ত কুমাৰ দাস আৰু কৰুণাধৰ শৰ্মা, তিনিচুকীয়াৰ প্ৰদীপ দহোটীয়াও আছে৷ পৰিয়ালৰ পেন্সন লাভ কৰা ২৯ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালৰ ভিতৰত গুৱাহাটীৰ ভূপেন উজীৰ, পদ্মনাথ কৈৰী, উমাকান্ত বৈৰাগী, গুণসিন্ধু হাজৰিকা আৰু নন্দ বেনাৰ্জী, নগাঁৱৰ দ্বিগেন মহন্ত, বৰপেটাৰ গুণেশ্বৰ ভূঞা আৰু শিৱসাগৰৰ বিশ্ব শইকীয়াৰ পৰিয়ালো আছে৷ বাৰ্ষিক শিল্পী পেন্সনৰ বাবে বাছনিত উঠা ১৭৯জন শিল্পীৰ ভিতৰত বৰপেটাৰ অচ্যুত পাটোৱাৰী, গুৱাহাটীৰ সৌৰভ কুমাৰ দাস, বীণাপানি দেৱী, শচীন্দ্ৰনাথ দাস, বীৰেন দাস, উৎপলা শৰ্মা, গিৰীশ চন্দ্ৰ বৰা, বিউটী দত্ত, শৰৎ বৰুৱা আৰু হিমানী বৈশ্য, শোণিতপুৰৰ গোপাল কেওট, তৰুলতা দাস, কৰুণা শইকীয়া, দেৱেন বৰা, ৰেণু শৰ্মা গোস্বামী, সুচিত্ৰা শৰ্মা, মনমোহন নাথ, বুলু বৰা, অৰুণ নাথ, লাৱণ্য দেৱী আৰু শশাংক শেখৰ বৰা, তিনিচুকীয়াৰ তিলেশ্বৰ তামুলী আৰু প্ৰণতি বৰুৱাও আছে৷ নিয়মীয়া শিল্পী পেন্সনৰ বাবে বাছনিত উঠাসকলে মাহিলী ৮ হাজাৰ টকাকৈ লাভ কৰিব৷ বাৰ্ষিক শিল্পী সন্মান লাভ কৰা সকলে ৫০ হাজাৰ টকাৰ এককালীন সাহায্য লাভ কৰিব৷


আজি শিল্পী দিৱস, জ্যোতিবন্দনাৰে মুখৰ হ’ব ৰাজ্য

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ শিল্পী দিৱস৷ ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুবৰণ কৰা অসমীয়া সংস্কৃতিৰ মুকুটবিহীন সম্ৰাট ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো শিল্পী দিৱসৰূপে পালন কৰা হয়৷ এইবাৰো শিল্পী দিৱস উপলক্ষে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিদিৱস পালনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ জ্যোতিপ্ৰসাদৰ বৰ্ণিল কৰ্মভূমি তেজপুৰৰ উপৰি জন্মভূমি ডিব্ৰুগড়ৰ লগতে গুৱাহাটী, যোৰহাট, নলবাৰী, লখিমপুৰ আৰু মঙলদৈকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত শিল্পী দিৱস উদ্‌যাপনৰ দিহা কৰা হৈছে৷ শিল্পী দিৱস উপলক্ষে এদিনীয়াৰ পৰা তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ সদৌ অসম ছাত্ৰ সন্থায়ো কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদ্‌যাপনৰ দিহা কৰাৰ লগতে আছুৰ জিলা আৰু আঞ্চলিক গোটসমূহে শিল্পী দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইফালে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰীৰ উপৰি তেওঁৰ জন্মগৃহৰ সংৰক্ষণ, সংবৰ্ধনৰ লগতে জন্মগৃহক থলুৱা সাংস্কৃতিক উপাদান, গীত-মাত তথা বাৰেৰহণীয় কলা-সংস্কৃতিৰ ভঁৰাল আৰু গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটনকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দাবী জনাইছে মদাৰখটীয়াৰ ৰাইজে৷ শুকুৰবাৰে ক্ষণজন্মা মহান শিল্পীজনৰ ৭৪সংখ্যক মৃত্যু তিথি উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এই আহ্বান জনাইছে স্থানীয় ৰাইজে৷ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাৰ গৃহজিলাৰ মদাৰখাটৰ তামোলবাৰীত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহটো সংৰক্ষণ আৰু সংবৰ্ধন কৰিবলৈ আজিকোপতি মন্ত্ৰীজনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ব্যথিত হৈছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তামোলবাৰীৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহত এটা অনুষ্ঠানত উপস্থিত থাকি জ্যোতিপ্ৰসাদৰ জন্মগৃহটো সংৰক্ষণ কৰাৰ লগতে মাজুলীস্থিত অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ত উজনি অসমৰ কলা-সংস্কৃতিৰ গৱেষণা আৰু অধ্যয়নৰ কেন্দ্ৰ এটা খোলা হ’ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল৷ কিন্তু সেয়া আজিলৈকে কাৰ্যকৰী নহ’ল৷ আনহাতে বৰ্তমানৰ লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী কোনফালে আছে সেই কথা নাজানে বুলিও স্থানীয় ৰাইজে কটাক্ষ কৰিছে৷ উল্লেখ্য, ১৯০৩ চনৰ ১৭ জুনত তামোলবাৰীত জন্মগ্ৰহণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই৷ তামোলবাৰীস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটো বিভিন্ন কাৰণত তথা সংৰক্ষণ আৰু সংবৰ্ধনৰ অভাৱত জহি-খহি যোৱাৰ উপক্ৰম হৈছিল যদিও অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ জগতৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি, জ্যোতিপ্ৰসাদৰ ৰচনাৱলীক হিন্দীলৈ অনুবাদ কৰি অনুবাদ বঁটা লাভ কৰা বৰেণ্য সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়া আৰু তামোলবাৰী চাহ বাগিচাৰ বৰ্তমানৰ কতৃৰ্পক্ষই জ্যোতিপ্ৰসাদৰ বাসগৃহটো ‘জ্যোতি তীৰ্থ’ নামেৰে নামকৰণ কৰি সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰাৰ লগতে সাহিত্য-সংস্কৃতি আৰু জ্যোতি চৰ্চাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে৷

চামতাত দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱস


‘আমাৰ অসম’ৰ চামতাৰ প্ৰতিবেদকঃ নলবাৰী জিলাৰ চামতাস্থিত অসমৰ অন্যতম কলা-সাংস্কৃতিক অনুষ্ঠান ৰূপকোঁৱৰ কলা পৰিষদ, চামতাই ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱসৰ আয়োজন কৰিছে৷ কাৰ্যসূচী অনুসৰি ১৭ জানুৱাৰীৰ পুৱা ৮ বজাত চাফাই কাম, ৮-৩০ বজাত পতাকা উত্তোলন কৰিব ৰূপকোঁৱৰ কলা পৰিষদৰ সভাপতি ৰাজেন বৰুৱাই, ৮-৪৫ বজাত বৃক্ষৰোপণ কৰিব সমাজসেৱক চান মহম্মদ আলীয়ে, ৯ বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কৰিব ক্ৰমে ৰূপকোঁৱৰ কলা পৰিষদৰ উপ-সভাপতি অনন্ত বৰ্মন আৰু উপদেষ্টা দীনেশ শৰ্মাই, ৯-১৫ বজাত জন্মেজয় বৰ্মনৰ প্ৰতিকৃতিত মাল্যদান আৰু বন্তি প্ৰজ্বলন কৰিব জন্মেজয় বৰ্মনৰ পুত্ৰ অনিৰুদ্ধ বৰ্মন আৰু ৰূপকোঁৱৰ কলা পৰিষদৰ উপদেষ্টা উমেশ দত্তই, ৯-৪৫ বজাত বৰেণ্য শিল্পী আৰু ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰয়াত সদস্যসকলৰ স্মৃতিত সমূহীয়া শ্ৰদ্ধা তৰ্পণ, ১১ বজাত জ্যোতি সংগীত, ৰাভা সংগীত, আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ‘ক’ শাখা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী আৰু ‘খ’ শাখা নৱম শ্ৰেণীৰ পৰা স্নাতকলৈ৷ ১৮জানুৱাৰীৰ পুৱা ৮ বজাত চাফাই কাম, ১০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা ‘ক’ শাখা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, আৰু ‘খ’ শাখা নৱম শ্ৰেণীৰ পৰা স্নাতকলৈ, পুৱা ১১ বজাৰ পৰা জ্যোতিপ্ৰসাদৰ কবিতা আবৃত্তি প্ৰতিযোগিতা, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু ‘খ’ শাখা নৱম শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈ৷ আবেলি ৩বজাত মুকলি অধিৱেশন ও বঁটা বিতৰণী সভাত সভাপতিত্ব কৰিব ৰূপকোঁৱৰ কলা পৰিষদৰ সভাপতি ৰাজেন বৰুৱাই, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব অৱসৰী শৈক্ষিক পঞ্জীয়ক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ ড॰ দিবাকৰ গোস্বামী৷