Logo
image

ৰাজ্যজুৰি ৰূপকোঁৱৰক গীতে-মাতে স্মৰণ

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১৭ জানুৱাৰীঃ আজি শিল্পী দিৱস৷ ৰাজ্যজুৰি গীতে-মাতে স্মৰণ কৰা হয় ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক। অসমীয়া ভাষা, কলা-সংস্কৃতিৰ সাধক, ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস উপললক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পী দিৱস পালন কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, তেজপুৰ, কাকী আদিত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। ৰূপকোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ ৭৪সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে সুন্দৰৰ পূজাৰীগৰাকীক স্মৰণ কৰে৷ অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে টীয়কত শিল্পী দিৱস পালন কৰে।

শুকুৰবাৰে সমন্বয় ক্ষেত্র, গোলাঘাটত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ আয়োজন কৰা হয়৷ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অসমৰ বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্রী  অজন্তা নেওগ, অসমৰ কৃষি, আৱকাৰী ইত্যদি বিভাগৰ মন্ত্ৰী অতুল বৰা, চলচ্চিত্ৰ ইতিহাসবিদ আৰু পৰিচালক পার্থজিৎ বৰুৱা উপস্থিতি থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্ত পুলক মহন্তৰ তৎপৰতাত শিল্পী দিৱস উদযাপন কৰা হয় । এই  অনুষ্ঠানত ১৯৪ জন শিল্পীক বাৰ্ষিক শিল্পী সন্মান ২০২৪-২৫ৰ  বাবে নিৰ্বাচিত কৰা হয়। লগতে ১০২ জন শিল্পীক মাহিলী ৮০০০ হাজাৰ টকাকৈ শিল্পী পেঞ্চন প্ৰদান কৰা হয়। মন্ত্ৰী অজন্তা নেওগে বঁটাপ্ৰাপ্তসকলক তথা জিলাৰ শিল্পীসকলক শুভেচ্ছা আৰু সেৱা জনায়৷


 
কণ্ঠশিল্পী ড° অনিমা চৌধুৰী,  মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা লগতে ৰেবা ফুকনক ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা  বঁটা, ২০২৪ বৰ্ষৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা হীৰা নেওগক আৰু ২০২৪ বৰ্ষৰ ভীমবৰ দেউৰী বটাঁপ্ৰাপক জলেশ্বৰ ব্ৰহ্মক বঁটা প্ৰদান কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শিল্পী দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহত শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে।

আনহাতে, জাতীয় সংগঠনসমূহৰ উদ্যোগতো শিল্পী দিৱসৰ আয়োজন কৰা হৈছে। অসমীয়াৰ প্ৰাণৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৱিত্ৰ স্মৃতিত প্ৰতিবছৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই শিল্পী দিৱসৰ দিনটোত শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। এইবেলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অসমৰ এগৰাকী নাট্য শিল্পী,অভিনেতা-পৰিচালক নলবাৰী জিলাৰ কৈঠালকুছি গাঁৱৰ সু-সন্তান মুকুল ঈদিপাছক এই বৰ্ষৰ শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰে। অসমৰ অ-পেছাদাৰী নাট্য আন্দোলনৰ এগৰাকী অগ্ৰণী যোদ্ধা মুকুল ঈদিপাছে সৰুৰে পৰা নাট্য সাধনা, নাট্য চৰ্চা, নাট ৰচনা কৰাৰ উপৰিও কেইবাখনো নাটকত বলিষ্ঠ ভাৱে অভিনয় কৰি নাট্য সংস্কৃতি পথাৰখন চহকী কৰি আহিছে।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত উজানবজাৰস্থিত শ্বহীদ ভৱনত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় শিল্পী দিৱস পালন কৰা হয়৷ বিশিষ্ট আবৃত্তিকাৰ তথা অসম আন্দোলনৰ নেতা  ভূপেন চক্ৰৱৰ্তীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যর্পন আৰু বন্তি প্রজ্বলন কৰে৷ লগতে এই কাৰ্যসূচীত উপস্থিত থাকে তেওঁৰ সহধর্মীনী অমলা চক্ৰৱৰ্তী, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা সমীৰণ কলিতা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অন্তৰ্গত শাখা, উপ-শাখাসমূহৰ সভাপতি সম্পাদককে প্ৰমুখ্যে কৰি আন আন বিষয়ববীয়াসকল। মহান শিল্পী গৰাকীৰ কৰ্মৰাজিক আজিৰ নৱ প্ৰজন্মই অনুধাৱন কৰি জীৱন যাত্ৰাত আগুৱাই যোৱাৰ লগতে দেশ তথা দহৰ উন্নতিৰ হকে কেনেদৰে কাম কৰি যাব পাৰে সেই বিষয়টোৱে আজিৰ অনুষ্ঠানত আগভাগ পাই বুলি সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি কমল মহন্ত আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই জানিবলৈ দিয়ে। মহৎ প্ৰাণ মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণীত গুৱাহাটীৰ ভৰলুমুখত স্থাপিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্ত্তিৰ পাদদেশত  সদৌ অসম জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ৰক্ষা কমিটিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। উপস্থিত সমূহ ৰাইজৰ লগতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কমিটিৰ যুটীয়া সম্পাদক ডাঃ চিত্ৰলেখা দাস, বিশিষ্ট সমাজ কৰ্মী কান্তিময় দেব, কোষেশ্বৰ বৰা, প্ৰভাত ভাগৱতী। গুৱাহাটীৰ চাউথ পইণ্ট স্কুলে ‘শিল্পী দিৱস’ পালন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ৰূপকোঁৱৰৰ প্ৰতিকৃতিৰ আগত আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰা হয়, তাৰ পিছত বিদ্যালয়ৰ শিশুসকলে জ্যোতি সংগীত পৰিৱেশন কৰে লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়ালৈ আগবঢ়োৱা অৱদানৰ ওপৰত বক্তব্য আগবঢ়ায়। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনৰ উদ্যোগত আয়োজিত 'তোৰে মোৰে আলোকৰে যাত্ৰা' শীৰ্ষক শিল্পী দিৱসৰ অনুষ্ঠানত বিগত বৰ্ষকেইটাৰ দৰে এইবাৰো জ্যোতি চিত্ৰবনৰ তৰফৰ পৰা তিনিগৰাকী শিল্পী ক্ৰমে প্ৰাঞ্জল শইকীয়া, নমিতা ভট্টাচাৰ্য আৰু নুৰুদ্দিন আহমেদক সম্বৰ্ধনা জনোৱা হয়৷ এই অনুষ্ঠানত দিলীপ দাসে দুটি গীত আৰু নমিতা ভট্টাচাৰ্যই এটি গীত অনুষ্ঠানত পৰিৱেশন কৰে৷ লগতে জ্যোতি সংগীতৰ এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়৷ সদৌ অসম শিল্পী সমাজৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰবাৰীস্থিত দুৰ্গা পূজা মন্দিৰ প্ৰেক্ষাগৃহত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ স্মৃতি দিৱস 'শিল্পী দিৱস' পালন কৰা হয়। এই উপলক্ষে শিল্পী সমাজৰ সভাপতি তথা বিশিষ্ট অভিনেতা, পৰিচালক প্ৰাঞ্জল শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আদৰণি ভাষণ দিয়ে শিল্পী সমাজৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট কণ্ঠশিল্পী দুলাল দাসে। আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া কণ্ঠশিল্পী তথা সুৰকাৰ দিজেন কাকতিয়ে পৰিৱেশন কৰা জ্যোতি সংগীতেৰে সভাখনি দ্বোধন কৰা হয়।