Logo
image

বিতৰ্কৰ মাজতে ছবিগৃহলৈ ‘ইমাৰ্জেন্সী’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জানুৱাৰীঃ সীমাহীন বিতৰ্কৰ মাজতে শুকুৰবাৰে ছবিগৃহলৈ আহিল কংগনা ৰাণাৱতৰ নতুন ছবি ‘ইমাৰজেন্সী’৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ইমাৰজেন্সী৷ পঞ্জাৱৰ বাহিৰে দেশৰ প্ৰায়বোৰ ৰাজ্যৰ ছবিগৃহত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ইমাৰ্জেন্সী৷ পঞ্জাৱৰ প্ৰায়বোৰ ছবিগৃহত ইমাজেন্সীৰ প্ৰদৰ্শন বন্ধ ৰখা হৈছে৷  ইন্দিৰা গান্ধীৰ ভূমিকাত অভিনয় কৰিছে কংগনা ৰাণাৱতে ছবিগৃহলৈ অহাৰ পূৰ্বে ছবিখনক লৈ ব্যাপক বিতৰ্ক হৈছিল৷ ইমাৰ্জেন্সীৰ জৰিয়তে ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে দেশত গণতন্ত্ৰক কেনেদৰে কাৰ্যত হত্যা কৰিছিল সেই ঘটনাৰাজিক লৈ নিৰ্মাণ কৰা হৈছে ইমাৰ্জেন্সী৷ ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী শাসন কাৰ্যক দেশবাসীৰ আগত নতুনকৈ  তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে ইমাৰ্জেন্সীৰ জৰিয়তে৷ শিৰোমণি গুৰুদ্বাৰ পৰবন্ধক কমিটীৰ (এছজিপিচি) সদস্য আৰু সমৰ্থকৰ ব্যাপক প্ৰতিবাদৰ বাবে পঞ্জাৱৰ প্ৰায়বোৰ ছবিগৃহত ইমাৰ্জেন্সীৰ প্ৰদৰ্শন বন্ধ কৰা হৈছে৷


আনহাতে ইমাৰ্জেন্সীৰ বিৰুদ্ধে এছ জি পি ছি সদস্যসকলে কৰা প্ৰতিবাদক ছবিৰ ওপৰত হাৰাশাস্তি বুলি অভিযোগ কৰিছে ইমাৰ্জেন্সীৰ নিৰ্মাতা কংগনা ৰাণাৱতে৷ উল্লেখ্য, ইমাৰ্জেন্সী মুকলিৰ বাবে সাজু কৰা পঞ্জাৱৰ প্ৰায়বোৰ ছবিগৃহ আৰু মলৰ বাহিৰত এছ জি পি চিৰ সদস্য, শিৰোমণি আকালি দল অমৃতশৰৰ সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ যাৰ বাবে ছবিগৃহৰ কতৃৰ্পক্ষই তেওঁলোকৰ ছবিগৃহত ইমাৰ্জেন্সী প্ৰদৰ্শন বন্ধ ৰাখে৷ ইমাৰ্জেন্সীৰ পৰিচালনা কংগনা ৰাণাৱতৰ অভিনয় কৰিছে কংগনা ৰাণাৱত, অনুপম খেৰ, শ্ৰেয়াশ টালপেড, সতীশ কৌশিক, মহিমা চৌধুৰী আদিয়ে৷ উল্লেখ্য, ৩৮ বছৰীয়া কংগনা ৰাণাৱতে ২০২০ চনত পদ্মশ্ৰী, ২০১৫ চনত ফিল্মফেয়াৰ এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে৷ নিউয়ৰ্ক ফিল্ড একাডেমীৰ পৰা শিক্ষা লাভ কৰা কংগনাই ২০২৪ চনত মণ্ডাই লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ পৰা সাংসদ নিৰ্বাচিত হৈছে৷