
ছঈফৰ আক্ৰমণকাৰীৰ অদ্যপি শুংসূত্ৰ নাই, ব্যৰ্থ মুম্বাই আৰক্ষী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ জানুৱাৰীঃ শৰীৰত ৬টাকৈ গভীৰ আঘাত আৰু পিঠিত সোমাই থকা ৬ ইঞ্চিৰ চুৰি শৰীৰত লৈয়েই বান্দ্ৰাৰ ঘৰৰ পৰা ২ কিলোমিটাৰ নিলগৰ লীলাৱতী হাস্পতালত উপস্থিত হৈছিল। অচিনাক্ত ঘাতকৰ চুৰিকাঘাতত আহত হোৱা বলীউডৰ অভিনেতা ছঈফ আলী খান৷ পিতৃ পাটাউডিৰ নবাব ‘টাইগাৰ’ মনছুৰ আলী খান পাটাউডি হিচাপেই প্ৰখ্যাত আছিল৷ বৃহস্পতিবাৰে পুৱতি নিশা আঢ়ৈ-তিনি বজাত ছঈফেও হেনো হাস্পতালত সিংহৰ দৰেই প্ৰৱেশ কৰিছিল৷ চিকিৎসালয়ৰ এজন কৰ্মকৰ্তাই শুকুৰবাৰে প্ৰকাশ কৰিছে সেই নিশাৰ কথা৷ কোনো ষ্ট্ৰেছাৰ, হুইল চেয়াৰ ব্যৱহাৰ কৰা নাছিল পাটাউডিৰ যুৱৰাজে৷ আহত হ’লেও সিংহৰ দৰে খোজকাঢ়িয়েই চিকিৎসালয়ত প্ৰৱেশ কৰিছিল তেওঁ৷ লগত আছিল ৮ বছৰীয়া পুত্ৰ তৈমুৰ৷ প্ৰথমে প্ৰকাশ পোৱাৰ দৰে ছঈফ-অমৃতা সিঙৰ সন্তান ইব্ৰাহিমে পিতৃক হাস্পতাললৈ নিয়া নাছিল৷ নাছিল এতিয়াৰ পত্নী কৰিণা কাপুৰ খানো৷ ঘটনাৰ সময়ত কৰিণাৰ অৱস্থিতি এতিয়াও ৰহস্যৰ আৱৰ্তত৷ একাংশ সংবাদ গোষ্ঠীৰ মতে কৰিণা সেই সময়ত কোনো স্থানত পাৰ্টীত মছগুল হৈ আছিল৷ সেয়া ‘লেডিজ ডে আউত’–বুলি বৰ্ণনা কৰিছে সংবাদ মাধ্যমৰ একাংশই৷ কৰিণাৰ ঘটনাৰ সময়ৰ অৱস্থিতি এতিয়াও স্পষ্ট নহয়৷ কিন্তু তেওঁ যে লীলাৱতী হাস্পতাললৈ ছঈফৰ সৈতে যোৱা নাছিল সেয়া সত্য৷ যিখন অটোৰিক্সাত উঠি ছঈফ হাস্পতাললৈ গৈছিল, সেই অটোচালক ভজন সিং ৰাণাই জনাইছে এই তথ্য৷ অটোত উঠিয়েই ছঈফে প্ৰশ্ন কৰিছিল–কিটনা টাইম লগেগা? এটকাও ভাৰা নোলোৱা ভজন সিঙে ১৫ মিনিটৰ ভিতৰত ছঈফ আৰু তৈমুৰক লীলাৱতী হাস্পতালত নমাই দিছিল৷ দ্ৰুতভাৱে একাধিক অস্ত্ৰোপচাৰ কৰাৰ পাছত ক্ৰমাত সুস্থ হোৱাৰ দিশে আগবঢ়া ছঈফ আলী খানক শুকুৰবাৰে আই চি ইউৰ পৰা সাধাৰণ বেডলৈ নিয়া হৈছে৷ দুই-তিনিদিনতে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব বুলি কৈছে তেওঁক চিকিৎসা কৰা চিকিৎসকৰ দলটোৰ মুৰব্বী ডাঃ নিতিন ডাংগেয়ে৷
ইপিনে ছঈফৰ আক্ৰমণকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা মুম্বাই আৰক্ষীয়ে৷ শুকুৰবাৰে প্ৰায় একে চেহেৰাৰ এজনক সন্দেহবশতঃ আৰক্ষীয়ে বান্দ্ৰা ষ্টেছনৰ সমীপৰ পৰা ধৰি আনিলেও হাতৰ চাপ নিমিলাত তেওঁক পাছত এৰি দিয়া হয়৷ এতিয়া নিশা সন্দেহযুক্ত আক্ৰমণকাৰীৰ এখন ফটো সংবাদ মাধ্যমত প্ৰকাশ হৈছে৷ য’ত এজন নীলা ছাৰ্ট পৰিহিত যুৱকক ছঈফ আলী খানৰ ঘৰৰ ওচৰৰ এখন হোটেলৰ সন্মুখেৰে খোজকাঢ়ি গৈ থকা দেখা গৈছে৷ সংবাদ মাধ্যমৰ মতে ছঈফক আক্ৰমণ কৰি তেওঁৰ ঘৰৰ পৰা ওলোৱাৰ পাছতে আক্ৰমণকাৰীয়ে তেওঁৰ ক’লা টি-ছাৰ্ট সলনি কৰি নীলা ছাৰ্ট পৰিধান কৰি লৈছিল৷ হাত সাবতি খোজকাঢ়ি থকা যুৱকজনেই আক্ৰমণকাৰী বুলি মিডিয়াই দাবী কৰিলেও আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই৷ এয়া অৱশ্যে চি চি টিভিৰ পৰা সংগ্ৰহ কৰা ফটোহে, যুৱকজনৰ অৱস্থিতি কোনেও নাজানে৷ সম্ভৱতঃ তেওঁক চিনাক্ত কৰাৰ বাবেই আৰক্ষীয়ে চি চি টিভিৰ এই ফটোখন মুকলি কৰি দিছে৷ অন্যাৰ্থত ঘটনাৰ ৩০-৩২ ঘণ্টাৰ পাছতো মুম্বাই আৰক্ষী ‘ক্লু-লেছ’ শুংসূত্ৰবিহীন৷