Logo
image

ছত্তীশগড় বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন

‘আমাৰ অসম’ৰ চামতাৰ প্ৰতিবেদক, ১৮ জানুৱাৰীঃ নলবাৰী জিলাৰ বেলশৰত স্বনামধন্য নাট্যকাৰ উগ্ৰ মেনা আৰু জীৱেশ্বৰ ডেকা ক্ষেত্ৰত শুকুৰবাৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ ৬৩সংখ্যক মধ্যকালীন বেলশৰ অধিৱেশন৷  শনিবাৰে অনুষ্ঠিত অধিৱেশনৰ প্ৰথম মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা৷ ৰাজ্যপালজনে কয় যে ছত্তীশগড়ৰ ৰজা চক্ৰধবজৰ নামত নাট্য সন্মিলনৰ শ্ৰেষ্ঠ অভিনেতাক এটি বঁটা দিয়া হ’ব৷ ইয়াৰ বাবে ৰাজভৱনৰ পৰা দুই লাখ টকা নাট্য সন্মিলনক দিয়া হ’ব আৰু ইয়াৰ সুতৰ ধনেৰে এই বঁটা দিয়া হ’ব৷ নাট্য সন্মিলনে বছৰে বছৰে শ্ৰেষ্ঠ অভিনেতাক এই বঁটা দিব পাৰিব৷ তেওঁ লগতে উল্লেখ কৰে যে ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে৷ তেওঁ আৰু কয় যে অসম আৰু ছত্তীশগড়ৰ মাজত কলা-সংস্কৃতি আৰু সম্প্ৰীতিৰ বান্ধোন সৃষ্টি কৰিবলৈ বিশেষ পদক্ষেপ লোৱা হৈছে৷ সেই সূত্ৰে ছত্তীশগড়ত লাচিত দিৱস আদিও উদ্‌যাপন কৰা হৈছে৷ ৰাজ্যপালজনে আৰু কয় যে-অসমত পূৰ্বৰে পৰা নাট্য আন্দোলন সুপ্ত হৈ আছে৷ সম্প্ৰতি বিভিন্ন এমেছাৰ গ্ৰুপ, অপেছাদাৰী দল আৰু একাংক নাটকৰ ধাৰাই বহু অভিনেতা, অভিনেত্ৰী আৰু কলা-কুশলীৰ সৃষ্টি কৰিছে৷ এইক্ষেত্ৰত অসম নাট্য সন্মিলনে অন্যতম বাটকটীয়া হিচাপে থিয় দিছে৷ অসমৰ কলা-সংস্কৃতি আৰু লোককলাৰ বিশালতাই অইন ৰাজ্যকো চুই গৈছে৷  অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাতে ‘ৰংগ মঞ্চ’নামৰ স্মৰণিকাখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাই৷ তেওঁ ৰংগ মঞ্চ উন্মোচন কৰি কয় যে  ‘ময়ো এসময়ত নাটকৰ সৈতে জড়িত আছিলোঁ৷ বেলশৰ ঠাইখন নাটক আৰু অভিনয়ৰ ক্ষেত্ৰত যুগ যুগ বছৰ ধৰি স্মৰণীয় হৈ থাকিব৷ কিয়নো এই বেলশৰৰ পৰাই বহু নাট্যকাৰ আৰু অভিনেতা, অভিনেত্ৰীৰ সৃষ্টি হৈছে৷ অন্যান্য ৰাজ্যৰ উদাহৰণ দাঙি ধৰি কনক সেন ডেকাই আৰু কয় যে-অসমৰ থলুৱা খাদ্যই বহিঃৰাজ্যতো সুনাম কঢ়িয়াইছে৷


কলাখাৰ, কৰ্দৈ টেঙা, সুঠি টেঙাৰ ব্যঞ্জনে বিভিন্ন বেমাৰ নিৰাময় কৰা বুলি উল্লেখ কৰি ডেকাই উল্লেখ কৰে যে পানীৰ বাবেই আজি বিভিন্নজন লোক বেমাৰৰ দ্বাৰা আক্ৰান্ত হ’বলগা হৈছে৷ অসমৰ ভাষা, সংস্কৃতি আৰু কলা-সংস্কৃতিয়ে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে৷ এই দিশবোৰৰ ক্ষেত্ৰত নতুন পুৰুষে দিক নিৰ্ণায়ক ভূমিকা পালন কৰিব লাগিব৷ ইয়াৰ পূৰ্বে আজি পুৱা পতাকা উত্তোলন কৰে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে৷ ইয়াৰ লগে লগে আন ৬৩খন পতাকা উত্তোলন কৰে ৬৩ গৰাকী বিশিষ্ট ব্যক্তিয়ে৷ ইয়াৰ পাছতে স্মৃতি তৰ্পণ, বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলন, হাচান শ্বৰীফৰ স্মৃতিত বন্তি প্ৰজলন অনুষ্ঠিত হৈ যায়৷ আনহাতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ৰত্নপীঠ মণ্ডলৰ সভাপতি ভবানন্দ পাঠকে৷ ইয়াৰ পাছতে মোহন ভাইৰাৰ সোঁৱৰণত বাটৰ নাট প্ৰদৰ্শন কৰে দক্ষিণ-পকোৱা বাঁহজানী শাখাই৷  ইপিনে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই৷ বাৰেৰহণীয়া আৰু বিভিন্ন কলা-কৃষ্টিৰ সমহাৰেৰে উলিওৱা এই শোভাযাত্ৰা বৃহত্তৰ বেলশৰৰ চৌদিশে পৰিভ্ৰমণ কৰে৷ বিয়লি অনুষ্ঠিত হয় শিল্পপ্ৰাণ মাখন দেৱান সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু বেলশৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ সৌজন্যত মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কোঠাত অনুষ্ঠিত হয় অসমীয়া উদ্ভট নাটক আৰু অৰুণ শৰ্মা বিষয়ক নাট্য আলোচনা-চক্ৰ৷ মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপিকা ড॰ দিক্ষীতা দেৱীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা-চক্ৰত বিশিষ্ট নাট্যকাৰ, পৰিচালক নৰেন পাটগিৰি, নাট্যকাৰ হৰেণ শইকীয়া আৰু বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই বিষয়বস্তুৰ ওপৰত আলোচনা আগবঢ়ায়৷ সন্ধিয়া শৰৎ মজুমদাৰ সোঁৱৰণী শিশু নাট প্ৰদৰ্শন আৰু নিশা গুৰুজী আদ্য শৰ্মা সোঁৱৰণী মঞ্চত পূৰ্ণাংগ নাট প্ৰতিযোগিতা উদ্বোধন কৰে অভিনেতা, পৰিচালক দিলীপ কুমাৰ দাসে৷ ইয়াত কৈঠালকুছি শাখাই মুকুল ঈদিপাছ ৰচিত আৰু পৰিচালিত নাটক ‘জল্টী বুঢ়ীৰ জলফাই’   কলষ্ণুপাৰ শাখাই ‘জৰাগ্ৰস্ত’ নামৰ নাটক আৰু কলিয়াবৰ শাখাই ‘সংলাপ’ নামৰ নাটক তিনিখন মঞ্চস্থ কৰে৷ কাইলৈ পুৱা ১০বজাত আজিৰ নাটকৰ ওপৰত আলোচনা৷ ১১বজাত সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব৷ ১২বজাত পৰশুৰাম বৰ্মন মূকাভিনয় প্ৰতিযোগিতা, আবেলি অখিল বৰ্মন সোঁৱৰণী শিশু নাট প্ৰদৰ্শন কৰা হ’ব৷ আবেলি ৪ বজাত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘ৰুক্মিণী হৰণ’ নাট মঞ্চস্থ কৰা হ’ব৷ সন্ধিয়া মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী মঞ্চত দুখন পূৰ্ণাংগ নাটক মঞ্চস্থ কৰা হ’ব৷