Logo
image

'আমাৰ অসম'ৰ সাংবাদিক তুলসী চুতীয়ালৈ 'আব্দুল ৰফিক সোঁৱৰণী বঁটা'

‘আমাৰ অসম’ৰ সৰুপথাৰৰ প্ৰতিবেদক, ১৮ জানুৱাৰীঃ অসমৰ মফচলীয় চৰকাৰী চাকৰিবিহীন সাংবাদিক সকলৰ সংগঠন আপকু'ৰ ধনশিৰি মহকুমা সমিতিৰ বৰ্তমানৰ সভাপতি তথা 'আমাৰ অসম' কাকতৰ সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক তুলসী চুতীয়া 'ম: আব্দুল ৰফিক সোঁৱৰণী বঁটা'ৰ বাবে নিৰ্বাচিত হৈছে। সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক গৰাকীক এখন বিশেষ জুৰি ব'ৰ্ডে উক্ত বঁটাৰ বাবে নিৰ্বাচন কৰিছে। অহা ৩০ জানুৱাৰীত আপকু' শিৱসাগৰ জিলা সমিতিয়ে কোঁৱৰপুৰ প্ৰেছ ক্লাৱৰ সহযোগত শিৱসাগৰ জিলাৰ অন্তৰ্গত শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক তুলসী চুতীয়াক এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব।


ইফালে সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক গৰাকীক 'আব্দুল ৰফিক সোঁৱৰণী বঁটা'ৰ বাবে নিৰ্বাচিত কৰা কাৰ্যত আপকু' ধনশিৰি মহকুমা সমিতি, সৰুপথাৰ শাখা সাহিত্য সভা, ধনশিৰি জিলা কৰ্মচাৰী পৰিষদৰ লগতে সৰুপথাৰ সমজিলাৰ বিভিন্ন দল সংগঠনে আপকু' শিৱসাগৰ জিলা সমিতিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বঁটা প্ৰাপক তুলসী চুতীয়াকো অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখ্য, আপকু' শিৱসাগৰ জিলা সমিতিয়ে বিগত কেইবাবছৰ ধৰি অসমৰ সংবাদ জগতৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলক এখন বিশেষ জুৰি ব'ৰ্ডে নিৰ্বাচন কৰি বিভিন্ন বঁটা প্ৰদান কৰি আহিছে। সাংবাদিক তুলসী চুতীয়াই ইয়াৰ পূৰ্বেও বিভিন্ন ক্ষেত্ৰৰ তিনিটাকৈ বঁটা লাভ কৰিছে।