চিআৰপিএফৰ সঞ্চালকপ্ৰধান জিপি সিং, উত্তৰসূৰী হৰমিত
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ জানুৱাৰীঃ অসম এৰিব আৰক্ষী সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে অসম-মেঘালয় কেডাৰৰ জ্যেষ্ঠ আই পি এছ বিষয়া জি পি সিঙক৷ বৰ্তমান অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে কৰ্মৰত জি পি সিঙক শনিবাৰে কেন্দ্ৰীয় কেবিনেটৰ এপইণ্টমেণ্ট কমিটীয়ে কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীটোৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে মনোনীত কৰে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিগত ৬ জানুৱাৰীত কেন্দ্ৰীয় কেবিনেটলৈ প্ৰেৰণ কৰা প্ৰস্তাৱ মৰ্মে জি পি সিঙক চি আৰ পি এফৰ সঞ্চালক প্ৰধান পদত নিযুক্তিত অনুমোদন জনায়৷ উল্লেখ্য, চি আৰ পি এফৰ পূৰ্বৰ সঞ্চালকপ্ৰধান অনিশ দয়াল সিঙে বিগত ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰাত অৰ্ধ সামৰিক বাহিনীটোৰ বিশেষ সঞ্চালক প্ৰধান দায়িত্বত থকা ভিতুল কুমাৰক ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছিল৷ অনিশ দয়াল সিঙে অৱসৰৰ পাছত খালী হৈ থকা চি আৰ পি এফৰ মুৰব্বী পদত ১৯৯১ বেট্ছৰ আই পি এছ বিষয়া জি পি সিঙক স্থলা ভিষিক্ত কৰা হৈছে৷ জি পি সিঙে ২০২৭ চনৰ ৩০ নৱেম্বৰ পৰ্যন্ত চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ লাভ কৰিব৷ আই পি এছ জি পি সিঙে সুদীৰ্ঘ ১৮ বছৰ ধৰি অসমত সেৱা আগবঢ়োৱাৰ লগতে ৬ বছৰ কেন্দ্ৰীয় ডেপুটেশ্বনত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’তো নিয়োজিত আছিল৷ ২০২৩ চনৰ ৩১ জানুৱাৰীত তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰাৰ পাছত ৰাজ্যৰ আৰক্ষী বাহিনীৰ মুৰব্বী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিছিল। উত্তৰ প্ৰদেশৰ নিৱাসী জি পি সিঙে৷ অৱশ্যে, শনিবাৰে কেন্দ্ৰীয় কেবিনেটে জি পি সিঙক চি আৰ পি এফৰ মুৰব্বী পদত নিযুক্তিত অনুমোদন জনালেও চ্ছ জানুৱাৰীৰ পাছতহে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনে কেন্দ্ৰীয় বাহিনীটোত যোগদান কৰাৰ সম্ভাৱনা আছে৷
লক্ষণীয়ভাৱে জি পি সিঙে চি আৰ পি এফৰ নতুন মুৰব্বী হিচাপে যোগদান কৰাটো নিশ্চিত হৈ পৰাত অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান কোন হ’ব তাক লৈ এতিয়া আৰম্ভ হৈছে জল্পনা-কল্পনা৷ অৱশ্যে, চ্ছ জানুৱাৰীত জি পি সিঙে দায়িত্বভাৰ ত্যাগ কৰিলে তাৎক্ষণিকভাৱে এজন জ্যেষ্ঠ আই পি এছ বিষয়াক অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে৷ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে বৰ্তমানৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত হৰমিত সিঙক৷ অৱশ্যে ৰাজ্যৰ পৰৱৰ্তী স্থায়ী আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়াৰ বাবে গৃহ বিভাগে ৫ জনীয়া জ্যেষ্ঠ আই পি এছ বিষয়াৰ এখন পেনেল প্ৰস্তুত কৰিছে৷ এই পাঁচজনীয়া আই পি এছ বিষয়াৰ তালিকাখন গৃহ বিভাগে দুই-এদিনৰ ভিতৰত ইউ পি এছ চিলৈ প্ৰেৰণ কৰিব৷ ইউ পি এছ চিয়ে উক্ত তালিকাৰ পৰা পৰৱৰ্তী ডি জি পি হিচাপে নিযুক্তিৰ বাবে যোগ্য বিষয়াৰ তালিকা প্ৰস্তুত কৰি পুনৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰিব৷ ইউ পি এছ চিয়ে প্ৰেৰণ কৰা এই তালিকাৰ পৰা এজন বিষয়াক ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৰ্থাৎ ইউ পি এছ চিয়ে বাছনি তালিকা প্ৰেৰণ কৰিলেও ৰাজ্যৰ পৰৱৰ্তী ডি জি পি কোন হ’ব, সেয়া মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভয় কৰিব৷ অৱশ্যে ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে ১৯৯২ বেটছৰ আই পি এছ বিষয়া তথা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব থকা হৰমিত সিঙৰ নাম চৰ্চাৰ শীৰ্ষত আছে৷ ইফালে গৃহ বিভাগে ডি জি পি পেনেলত স্থান দিয়াৰ বাবে বাছনি কৰা আন কেইজন জ্যেষ্ঠ আই পি এছ বিষয়া হৈছে ক্ৰমে– ১৯৬৫ বেটছৰ ড॰ ৰাম প্ৰসাদ মীনা, ১৯৬৯ বেটছৰ দীপক কুমাৰ, ১৯৯৫ বেট্ছৰ এ ৱাই ভি কৃষ্ণ আৰু ১৯৯৫ বেট্ছৰ মুন্না প্ৰসাদ গুপ্তা৷ অৱশ্যে ৰাজ্যৰ পৰৱৰ্তী ডি জি পি পদৰ বাবে পেনেলত স্থান দিয়া ড॰ ৰাম প্ৰসাদ মীনা, দীপক কুমাৰ আৰু এ ৱাই ভি কৃষ্ণই বৰ্তমান কেন্দ্ৰীয় ডেপুটেশ্বন কৰ্মৰত হৈ আছে৷ ড॰ ৰাম প্ৰসাদ মীনাই বৰ্তমান বি এছ এফৰ বিশেষ সঞ্চালকপ্ৰধান হিচাপে কৰ্মৰত হৈ থকাৰ বিপৰীতে দীপক কুমাৰ চি আৰ পি এফৰ অতিৰিক্ত সঞ্চালকপ্ৰধান পদত নিয়োজিত হৈ আছে৷ আনহাতে এ ৱাই ভি কৃষ্ণ বৰ্তমান চি বি আইৰ অতিৰিক্ত সঞ্চালক পদত কৰ্মৰত৷ অৱশ্যে, পেনেলত তালিকাভুক্ত কৰা একমাত্ৰ অসমীয়া আই পি এছ বিষয়া মুন্না প্ৰসাদ গুপ্তাই চি আই ডিৰ এডিজিপি পদত কৰ্মৰত৷ গৃহ বিভাগৰ ভিতৰচ’ৰাত আই পি এছ হৰমিত সিং ডিজিপিৰ তালিকাৰ চৰ্চাৰ শীৰ্ষত থাকিলেও মুখ্যমন্ত্ৰীয়ে শেষ মুহূৰ্তত কি সিদ্ধান্ত ল’ব সেয়া সময়েহে ক’ব৷