Logo
image

নাম জালিয়াতিৰে পত্নীৰ কাষত বহি পৰীক্ষা দিলে শিক্ষকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক আৰু তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জানুৱাৰীঃ সম্পূৰ্ণ ৪ বছৰৰ মূৰত দেওবাৰে ৰাজ্যত অনুষ্ঠিত হ’ল টে’ট পৰীক্ষা৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯,৭১৭ টা বিষয় শিক্ষক পদৰ বাবে ৬৯,৫৮২ জন প্ৰাৰ্থীয়ে।দেওবাৰে টে’ট পৰীক্ষাত অৱতীৰ্ণ হয়৷ ৰাজ্যৰ ৯ খন জিলাৰ ১০১ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা টে’ট তথা নিযুক্তি পৰীক্ষাত হাইস্কুলৰ স্নাতক শিক্ষক পদৰ বাবে ৩৯,২২৪জন প্ৰাৰ্থী আৰু উচ্চতৰ মাধ্যমিকৰ স্নাতকোত্তৰ শিক্ষক পদৰ বাবে মুঠ ৩০,৩৫৮ জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হয়৷ দেওবাৰে দুটা বেলাত  সুকলমে টে’ট পৰীক্ষা অনুষ্ঠিত হয় যদিও তেজপুৰৰ এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী পত্নীক সহায় কৰাৰ বাবে মহিলা প্ৰাৰ্থীৰ নাম লৈ সংৰক্ষিত কেন্দ্ৰটোত পত্নীৰ কাষৰ বহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন বিষয় শিক্ষক৷ তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত পৰীক্ষাৰ্থীৰূপী শিক্ষকজন হৈছে ছাদেক আলী৷ তেজপুৰৰ দলগাঁও বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষক হৈছে ধৃত ছাদেক আলী৷ তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত মহিলাৰ নাম লৈ পৰীক্ষাৰ্থী পত্নীৰ কাষৰ আসনত বহি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়তে নিৰীক্ষকৰ দায়িত্বত থকা এজন শিক্ষকে ছাদেক আলীক চিনাক্ত কৰে৷ ইয়াৰ পাছতেই আৰক্ষীক খবৰ দিয়াত পৰীক্ষা কেন্দ্ৰটোত তেজপুৰ আৰক্ষী উপস্থিত হৈ ভুৱা পৰীক্ষাৰ্থীৰূপী শিক্ষকজনক গ্ৰেপ্তাৰ কৰে৷ ইফালে শনিবাৰে নিশা বিবাহস্থলীৰ পৰাই পোনে পোনে আহি পুৱা গুৱাহাটীৰ এটা পৰীক্ষা কেন্দ্ৰত দুগৰাকীকৈ কইনাই পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখা যায়৷ গুৱাহাটী কৰ্মাচ কলেজত পৰীক্ষাত অৱতীৰ্ণ হোৱা কইনা দুগৰাকী দেওবাৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে৷ দৰাৰ সৈতে স্বামী গৃহত প্ৰৱেশ কৰাৰ পৰিৱৰ্তে বিবাহৰ প্ৰথম দিনটোত পুৱা পৰীক্ষা কেন্দ্ৰতহে প্ৰৱেশ কৰে লংকা আৰু মঙলদৈৰ কইনা দুগৰাকীয়ে৷ ইফালে কইনাই পৰীক্ষা দি থকাৰ সময়ত পৰীক্ষা কেন্দ্ৰৰ বাহিৰত বৰৰ সাজত ৰৈ থকা দেখা গ’ল দৰাক৷ লংকাৰ পিতৃ ঘৰৰ পৰা বিশ্বনাথৰ স্বামী দৰা জয় প্ৰকাশ চাহুৰ সৈতে আহি পুৱা পোনে পোনে টে’ট পৰীক্ষাত অৱতীৰ্ণ হোৱা কইনাগৰাকীৰ নাম হৈছে মাণ্টি চাহু৷ দৰা-কইনা জয় প্ৰকাশ আৰু মাণ্টিয়ে বিবাহ আৰু পৰীক্ষাৰ অনুভূতি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যদিও মঙলদৈৰ দৰা-কইনাই নিজৰ পৰিচয় ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে৷ ইফালে চানমাৰিৰ নিৰ্মীয়মান উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ বাবে হোৱা যান-জঁটৰ ফলত এগৰাকী পৰীক্ষাৰ্থী ৰাজপথত আৱদ্ধ হৈ পৰাত পৰীক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷


দলগাঁও বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিকৰ শিক্ষক ছাদেকৰ কাণ্ড

মহিলাৰ নামৰে প্ৰ-পত্ৰ পূৰণ কৰি মহিলা পৰীক্ষাৰ্থীৰ বাবে সংৰক্ষিত কেন্দ্ৰত পত্নীৰ লগত বহি টেট পৰীক্ষা দিয়াৰ নামত পত্নীক সহায় কৰিবলৈ গৈ আজি তেজপুৰত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এজন শিক্ষক৷ উল্লেখ্য, ছাদেক আলি নামৰ গ্ৰেপ্তাৰ হোৱা এইজন অভিযুক্ত দলগাঁও বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক৷ আজি ৰাজ্য চৰকাৰৰ শিক্ষা বোৰ্ডৰ দ্বাৰা পৰিচালিত আৰু অনুষ্ঠিত হাইস্কুলৰ টেট পৰীক্ষাৰ সময়তে এই ভূৱা পৰীক্ষাৰ্থীজন ধৰা পৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় কেন্দ্ৰটোত৷ এই কেন্দ্ৰটোত প্ৰৱেশ কৰা ছাদেকক তেওঁৰে পৰিচিত দলগাঁৱৰে আন এজন শিক্ষকে চিনাক্ত কৰে৷ আনজন শিক্ষকেও তেওঁৰ পত্নীক পৰীক্ষাকেন্দ্ৰটোত থবলৈ অহাৰ সময়ত ছাদেকক পৰীক্ষাকেন্দ্ৰটোৰ ভিতৰত দেখাপাই তেওঁ এইবিষয়ে কেন্দ্ৰটোৰ পৰীক্ষা নিয়ন্ত্ৰকক অৱগত কৰে৷ কিন্তু এইজন অভিযুক্ত যে প্ৰকৃততে এজন শিক্ষক সেয়া প্ৰমাণ কৰিবৰ বাবে শিক্ষাসেতু এপৰ জৰিয়তে সৱিশেষ তথ্য ফাদিল হোৱাৰ পিছতে তথা মহিলা পৰীক্ষাৰ্থীৰ বাবে সংৰক্ষিত কেন্দ্ৰটোত এজন পুৰুষ পৰীক্ষাৰ্থীয়ে কেনেদৰে প্ৰৱেশ কৰিলে সেইলৈ তেজপুৰ আৰক্ষীক জনোৱাত আৰক্ষীয়ে ছাদেকক কৰায়ত্ত কৰে৷ আৰক্ষীয়ে ধৃত ছাজেদে ছাজিদ আলিৰ নামত টেট পৰীক্ষাৰ কাৰণে মহিলা প্ৰাৰ্থী হিচাবে আবেদন কৰি পত্নীৰ ছাজিদাৰ বেঞ্চতে পৰীক্ষাত বহাৰ যোজা কৰিছিল৷ আজি অনুষ্ঠিত টেট পৰীক্ষাত শোণিতপুৰৰ সাতটা কেন্দ্ৰত আগবেলা ৩৮০৮  গৰাকী অবতীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বেলা ২৯০২ গৰাকী প্ৰাৰ্থী অবতীৰ্ণ হৈছে৷ ইপিনে ধৃত ছাজেদক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত বৰ্তমান আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে৷