Logo
image

উৰুকাত মুখ্যমন্ত্ৰীক মাছ, এসপ্তাহৰ পাছত ঘৰত ভিজিলেঞ্চ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২০ জানুৱাৰীঃ  ভোগৰ উৎসৱ মাঘ বিহুৰ উৰুকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিলঘৰীয়া মাছ উপহাৰ দি বিপদত পৰিল ধুবুৰীৰ চি ডি পি অ’ সূৰ্য কুমাৰ বৰুৱা৷ আয়বৰ্হিভূত সম্পত্তিৰ গোচৰৰ অভিযোগত আজি চি এম ভিজিলেঞ্চৰ দলে ধুবুৰীৰ চি ডি পি অ’ সূৰ্য কুমাৰ বৰুৱাৰ ঘৰ আৰু চৰকাৰী বাসভৱনত অভিযান চলায়৷ চি এম ভিজিলেঞ্চৰ দলৰ অভিযানত বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ হয় নগদ ধন৷ উদ্ধাৰ পিষ্টল, ৪৪ জাঁই সজীৱ গুলী৷ চাকৰিকালত কেৱল সোঁৱে-বাঁওৱে সম্পত্তিৰ পাহাৰ গঢ়িছিল চি ডি পি অ’জনে৷  আয়বৰ্হিভূত সম্পত্তিৰ ফাইল খুলি  হাইৰাণ চি এম ভিজিলেঞ্চ দলৰ৷ গুৱাহাটী মহানগৰীৰ এ বি চি পইণ্টৰ আনন্দ নগৰ এলেকাৰ চাণক্য পথত থকা এটা এপাৰ্টমেণ্টত উঠিছে আৱতৰীয়া টকাৰ উজান৷  য’ত টকা গণি গণি ভাগৰিছে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দল৷ টকা গণিবলৈ অনা হৈছে ইটোৰ পাছত সিটোকৈ টকা গণনা কৰা মেচিন৷  এটা নহয়, দুটাকৈ টকা গণনা কৰা মেচিনেৰে টকা গণিব  লগা হৈছে চি এম ভিজিলেঞ্চৰ দলে৷  আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ভোগৰ উৎসৱ মাঘ বিহুৰ উৰুকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিলঘৰীয়া মাছ ধুবুৰীৰ চি ডি পি অ’ সূৰ্য কুমাৰ বৰুৱাই উপহাৰ দিছিল৷  এই মাছ দিয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি ডি পি অ’ সূৰ্য কুমাৰ বৰুৱাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ চি এম ভিজিলেঞ্চক নিৰ্দেশ দিয়ে৷  মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত চি এম ভিজিলেঞ্চে আয়বৰ্হিভূত সম্পত্তিৰ গোচৰ ৰুজু কৰি চি ডি পি অ’ সূৰ্য কুমাৰ বৰুৱাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে৷ উল্লেখ্য, দুৰ্নীতিৰ সদাগৰ সূৰ্য কুমাৰ বৰুৱা পেচাত বৰ্তমান ধুবুৰী জিলাৰ চি ডি পি অ’৷  এজন চৰকাৰী বিষয়াৰূপী দুৰ্নীতিৰ সদাগৰ এইজন চৰকাৰী বিষয়াৰ ঘৰত অভিযান চলাই হতভম্ব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দল। কাৰণ ক’ৰ পৰা আৰম্ভ কৰিলে ক’ত শেষ হ’ব তাকে লৈ সোমবাৰে হাইৰাণ হৈ পৰে মুখ্যমন্ত্ৰী তদাৰকী কোষ৷  প্ৰতিমাহে মাত্ৰ  ৬৫-৮০  হাজাৰ টকা দৰমহা হিচাপে লাভ কৰা চৰকাৰী এজন বিষয়াই যে ইমান সম্পত্তিৰ মালিক হ’ব পাৰে তাকে দেখি চকু কপালত উঠিল চি এম ভিজিলেঞ্চৰ দলৰ৷  সোমবাৰে পুৱাই গুৱাহাটীৰ দুটাকৈ স্থানত চলিল এইজন শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য কুমাৰ বৰুৱাৰ আয়বৰ্হিভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান৷  চাকৰিকালৰ বেছিভাগ সময় থাকিল কোক্‌ৰাঝাৰত আৰু বৰ্তমানো ধুবুৰীৰ চি ডি পি অ’ হিচাপে কৰ্মৰত দুৰ্নীতিৰ সদাগৰ সূৰ্য কুমাৰ বৰুৱা৷ উল্লেখ্য, কোক্‌ৰাঝাৰত থকাৰ পৰাই দুৰ্নীতিৰ পৰ্বত গঢ়িছিল এইজন সূৰ্য কুমাৰ বৰুৱাই। দুৰ্নীতি-অনিয়মেৰে গঢ়িছিল সম্পত্তিৰ পাহাৰ৷  ক’ত নাই সূৰ্যৰ সম্পত্তি?  ভঙাগড় আৰু জয়নগৰত বিলাসী ফ্লেট৷ ক্ষেত্ৰীত বিশাল এলেকাত মাটি-সম্পত্তিৰ ঠিকনা৷  বিলাসীপাৰাত ঘৰ, অট্টালিকা, ধুবুৰীত হোটেলৰ তথ্য লাভ কৰিছে অভিযানকাৰী দলে৷  গুৱাহাটী মহানগৰীত আছে তিনিখনকৈ চিটী বাছ৷


কোক্‌ৰাঝাৰ, ক্ষেত্ৰীতো মাটি-সম্পত্তি থকাৰ সম্ভাৱনা৷ মৰিগাঁৱতো পেট্ৰ’ল পাম্প থকাৰ তথ্য লাভ চি এম ভিজিলেঞ্চৰ৷  প্ৰাপ্ত অভিযোগ মতে, ২০১১চনত নিৰু দাস নামৰ মাটিৰ গৰাকীক দাবী-ধমকি মহানগৰীৰ এ বি চি পইণ্টত থকা চাণক্য পথৰ ‘Aryadhannis’ নামৰ এই এপাৰ্টমেণ্টটো লৈছিল সূৰ্য কুমাৰ বৰুৱাই৷  আনকি নিৰু দাসৰ স্বামী ভূপেন দাসক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ সূৰ্য কুমাৰ বৰুৱাৰ বিৰুদ্ধে৷  এই এপাৰ্টমেণ্টটোতে আছিল সূৰ্যৰ পৰিয়াল  আৰু নিজৰ ফ্লেটতে সূৰ্যই ৰাখিছিল দুৰ্নীতিৰে আহৰণ কৰা ৩৮ লক্ষাধিক ক’লা ধন৷  ইতিমধ্যে চি এম ভিজিলেঞ্চে অভিযান চলাই জব্দ কৰিছে এইসমূহ ক’লা ধন৷  লগতে জব্দ কৰিছে মাটি-সম্পত্তিৰ নথি-পত্ৰৰ উপৰিও ১০তোলাৰ সোণৰ অলংকাৰ৷  সূৰ্য কুমাৰ বৰুৱাই লগত ৰখা এটা পিষ্টল আৰু ৪৪ জাঁই সজীৱ গুলীও জব্দ কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে৷  আনহাতে জয়ানগৰৰ আলোক নগৰৰ এইটো বিশাল অট্টালিকাৰো গৰাকী আছিল সূৰ্য কুমাৰ বৰুৱা৷  অট্টালিকাটোত তদাৰকী কোষে অভিযান চলাই জব্দ কৰিছে BMW, Scorpio Top model, Kia ৰ দৰে বিলাসী বাহন৷  কিন্তু কেনেকৈ হৈছিল সূৰ্য কুমাৰ বৰুৱা ইমান সম্পত্তিৰ গৰাকী?  সুদীৰ্ঘ ২২টা বছৰে কোক্‌ৰাঝাৰৰ দেৱীতোলা চি ডি পি অ’ হিচাপে নিযুক্ত হৈ আছে সূৰ্য কুমাৰ বৰুৱা৷ ইয়াৰ মাজতে ধুবুৰী জিলা সমাজ কল্যাণ বিষয়া হিচাপেও অতিৰিক্ত দায়িত্ব লাভ কৰিছিল বিতৰ্কিত এইজন সূৰ্য কুমাৰ বৰুৱাই৷  জিলা দুখনৰ অংগনবাড়ী কেন্দ্ৰৰ বাবে অহা শিশু খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰীৰ যোগানৰ নামত সংঘটিত কৰিছিল দুৰ্নীতি৷ কোটিৰ ঘৰত চৰকাৰী ধন আত্মসাৎ কৰি সোঁৱে-বাৱে গঢ়িছিল কেৱল সম্পত্তিৰ পাহাৰ৷  যি পাহাৰত এতিয়া হাতোৰা পৰিছে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ৷