‘বনতৰা’লৈ কিমান হাতী? হিচাপ খেলিমেলি ৰিলায়েঞ্চৰেই
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ জানুৱাৰী: অসমৰ মাজেৰে অৰুণাচলৰ পৰা আম্বানিৰ বনতৰালৈ কিমানটা হাতী নিয়া হ’ল! –এই তথ্য প্ৰকাশ কৰিবলৈ গৈ নিজেই এতিয়া বিবুধিত পৰিছে ৰিলায়েন্স গোষ্ঠী৷ অসমৰ মাজেৰে দেশৰ অন্যতম ধনাধ্য উদ্যোগপতি মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানিৰ চিৰিয়াখানালৈ অৰুণাচলৰ একাধিক হাতী সৰবৰাহ কৰাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ৰিলায়েন্স গ্ৰুপে বিবৃতি প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল৷ সোমবাৰে ৰিলায়েন্স লিমিটেডে এটা বিবৃতিযোগে অৰুণাচলৰ ঘন দুৰ্গম জংঘলত নিৰ্দয়ভাৱে কাঠ টানিবলৈ ব্যৱহাৰ কৰা ২০টা পোহনীয়া হাতীক উদ্ধাৰ কৰি বনতৰাত আশ্ৰয় দিয়াৰ বাবে সৰবৰাহ কৰাৰ কথা প্ৰকাশ কৰিছিল৷ উদ্ধাৰ তথা সৰবৰাহ কৰা হাতী কেইটাৰ ভিতৰত ১০টা দতাঁল হাতী, ৮জনী মাখুন্দী, এটা অপ্ৰাপ্তবয়স্ক হাতী আৰু এটা পোৱালি হাতী থকা বুলি উল্লেখ কৰিছিল বিবৃতিটোত৷
অৱশ্যে, ৰিলায়েন্স গ্ৰুপে মুঠ ২০ টা হাতী বনতৰালৈ নিয়া বুলি দাবী কৰিছে যদিও ইয়াৰ বিপৰীতে গুজৰাট চৰকাৰৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকে অৰুণাচলৰ পৰা গুজৰাটলৈ ২১ টা হাতী সৰবৰাহ কৰাৰ কথা প্ৰকাশ কৰিছে৷ অৰ্থাৎ চৰকাৰী তথ্য মতে অসম আৰক্ষীয়ে এছক’ৰ্ট দি দেওবাৰে প্ৰেৰণ কৰা কনভয়টোত আছিল ২১টা হাতী৷ স্বাভাৱিকতেই ৰিলায়েন্স গ্ৰুপ আৰু গুজৰাট বন বিভাগৰ তথ্য বিসংগতিয়ে প্ৰকৃততে কেইটা হাতী লৈ যোৱা হ’ল তাক লৈ সন্দেহৰ সৃষ্টি কৰিছে৷ কিয়নো অসমৰ মাজেৰে পাৰ হৈ যোৱা কনভয়টোত আছিল মুঠ ২৮খন এনিমেল এম্বুলেন্স৷ সেয়েহে এতিয়া গুজৰাট চৰকাৰ নে ৰিলায়েন্স গ্ৰুপে সঁচা কৈছে, তাক লৈ আন এক বিৰ্তকৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে অসমৰ মাজেৰে হাতী সৰবৰাহক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সৰবৰাহ কৰা হাতীকেইটা অসমৰ হাতী নহয় বুলি স্পষ্ট কৰি দিছিল৷ কিন্তু গুজৰাট চৰকাৰ আৰু ৰিলায়েন্স গ্ৰুপে প্ৰকাশ কৰা হাতীৰ তালিকাত সৰবৰাহ কৰা ১৬টাকৈ হাতীৰ নাম অসমীয়া থলুৱা নামৰ সৈতে সাদৃশ্য থকাত সন্দেহৰ সৃষ্টি কৰিছে৷
অৱশ্যে, হাতীকেইটাৰ নাম অসমীয়া থলুৱা নামৰ সৈতে মিল থাকিলেও হাতীকেইটাৰ গৰাকী হিচাপে অৰুণাচলী ব্যক্তিৰহে নাম উল্লেখ কৰা হৈছে৷ যদিহে সচাঁকৈয়ে হাতী কেইটা অৰুণাচলৰ হাতী হয়, তেনেহ’লে অসমীয়া থলুৱা কথিত নাম কিয় ৰখা হ’ল তাক লৈ সন্দেহ দুগুণে বৃদ্ধি পাইছে৷ কিয়নো অসমৰ একাংশ হাতীক অৰুণাচলৰ হাতী বুলি দেখুৱাই আম্বানি পৰিয়ালক বিক্ৰী কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ লক্ষণীয়ভাৱে, বনতৰালৈ সৰবৰাহ কৰা ২১টা হাতীৰ ভিতৰত অসমীয়া নাম ৰখা হাতী কেইটা লৈছে ক্ৰমে– ধনমতী, খগেন, বাবুলাল, ৰংমতী, থুমুক, মতিলাল, ধনবৰ, জোনাকী, বাপু, জো-মণি, কাঞ্চী, জগত বাবু, মিনতি, পেটুৱা, লক্ষ্মী, মায়া আৰু ৰামু৷ ইফালে আম্বানিৰ চিৰিয়াখানালৈ ইয়াৰ পূৰ্বে মাইক্ৰ’চীপ অবিহনে অসমৰ মাজেৰে হাতী সৰবৰাহ কৰাৰ অভিযোগ আছে৷ অসম চৰকাৰৰ বন বিভাগে আইন উলংঘন কৰি গুজৰাটলৈ হাতী সৰবৰাহত সহযোগ কৰাও অভিযোগ দীৰ্ঘদিনীয়া৷ নিয়ম অনুসৰি হাতী সৰবৰাহ কৰিবলৈ মাইক্ৰ’চীপ বাধ্যতামূলক৷ মাইক্ৰ’চীপ অবিহনে কোনো হাতী সৰবৰাহ কৰিব নোৱাৰে৷ ২০২১চনত কেৰালাৰ ওমানাকুটেম পিল্লাই নামৰ এটা দালালে অসমৰ মাজেৰে সৰবৰাহ কৰিছিল লক্ষ্মী আৰু উন্নী নামৰ দুটা হাতী৷ অসম চৰকাৰৰ বন বিভাগে কোনো নথি পৰীক্ষা নকৰাকৈ হাতী দুটা সৰবৰাহৰ সুবিধা কৰি দিছিল যদিও পশ্চিমবংৰ বন বিভাগে হাতী সৰবৰাহ সম্পৰ্কীয় নথি পৰীক্ষা কৰি জালিয়াতি পোহৰলৈ আনিছিল৷ বংগ বন বিভাগৰ নথি পৰীক্ষণৰ সময় মাইক্ৰ’চীপ সংস্থাপনৰ অবিহনে হাতী দুটা সৰবৰাহৰ তথ্য ধৰা পেলাইছিল৷ বংগ চৰকাৰে প্ৰয়োজনীয় নথি অবিহনে হাতী দুটা সৰবৰাহৰ অনুমতি নিদিয়াত সেই সময়ত অসম চৰকাৰৰ তদানীন্তন পিচিচি এফ এম কে যাদৱে বংগ বন বিভাগলৈ পত্ৰ লিখি মাউত আৰু ট্ৰাকসহ হাতী কেইটা চমজাই দিয়াৰ অনুৰোধ জনায়৷ যাতে অবৈধ সৰবৰাহৰ ঘটনাৰ আইনী ব্যৱস্থা ল’ব পাৰে৷ সেই অনুসৰি পশ্চিম বংগ বন বিভাগে হাতী কেইটা অসম চৰকাৰক চমজাই দিয়াত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ অনা হয়৷ কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই অনাৰ এদিনৰ পাছতেই অসম চৰকাৰৰ বন বিভাগ অজ্ঞাত কাৰণত হাতীকেইটাক পুনৰ গুজৰাটলৈ সৰবৰাহৰ অনুমতি পত্ৰ প্ৰদান কৰে৷ কেনেকৈ মাইক্ৰ’চীপ নথকাকৈ হাতীকেইটা সেই সময়ত গুজৰাটলৈ সৰবৰাহৰ অনুমতি দিয়া হৈছিল, সেয়া যেন আজিও ৰহস্য হৈয়ে থাকিল৷