ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উপলক্ষে বিশাল শোভাযাত্ৰা
'আমাৰ অসম'ৰ বালিপৰাৰ প্ৰতিবেদনক, ২২ জানুৱাৰীঃ শোণিতপুৰৰ বালিপৰাত বুধবাৰে শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উপলক্ষে এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। বিশ্ব হিন্দু পৰিষদৰ বজৰং দল বালিপৰা খণ্ডৰ উদ্যোগত বালিপৰা হনুমান মন্দিৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত খেল মাটি জগধাত্ৰী মন্দিৰৰ পৰা বালিপৰা হনুমান মন্দিৰলৈ উলিওৱা হয় এই শোভাযাত্ৰা। কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে শোভাযাত্ৰাত। এই শোভাযাত্ৰাত ভক্তপ্ৰাণ ৰাইজে জয় শ্ৰীৰাম ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে।
অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ সেৱা প্ৰমুখ অৱধ বৰ্মা, উত্তৰ পূৱ প্ৰান্তৰ বজৰং দলৰ ছাত্ৰ প্ৰমুখ অভিষেক ঠাকুৰ, বজৰং দলৰ শোণিতপুৰৰ সম্পাদক ৰাজ তাঁতী, হনুমান মন্দিৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি হেমেন বৈশ্য প্ৰমুখ্যে বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।






