Logo
image

বন্যহস্তীৰ আৰ্তনাদঃ যন্ত্ৰণাত চটফটাইছে ভৰিত আঘাতপ্ৰাপ্ত লালিয়ে

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ২২ জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতৰ মাজতে মহানগৰীৰ বীৰকুচি অঞ্চলত ভৰিত আঘাতপ্ৰাপ্ত হৈ যোৱা কিছুদিন ধৰি যন্ত্ৰণাত চটফটাই আছে লালি নামৰ এটা বন্যহস্তী। স্বাভাৱিকতে এই দৃশ্যই ব্যথিত কৰি তুলিছে স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমীক। জানিব পৰা মতে, খাদ্যৰ সন্ধানত আমচিং অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীটো বিগত প্ৰায় ৩মাহৰো অধিক দিন ধৰি ভৰিত আঘাতপ্ৰাপ্ত হৈ নাৰেঙ্গী সেনা শিবিৰৰ চৌহদৰ চাৰিসীমাৰ ভিতৰত আবদ্ধ হৈ আছে।


লক্ষণীয় কথা এই যে ভৰিত আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিন ধৰি যন্ত্ৰণাত চটফটাই থকাৰ পিছতো বনৰীয়া হাতীটোক বন বিভাগে উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আনকি পৰ্যাপ্ত পৰিমাণৰ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত কৃপণালি কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে। জানিব পৰা মতে হাতীটোৰ পিছফালৰ ঠেং এখন ফুলি যোৱা বাবে খোজকঢ়াত অসুবিধাৰ সৃষ্টি হৈছে।আনহাতে বন্যহস্তীটোৰ খাদ্যৰ ক্ষেত্ৰত যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে সেনা বাহিনীৰ সীমাৰ বেৰৰ ফাকেৰে হ'লেও কলগছ তথা খাদ্যবস্তু যোগান ধৰাৰ চেষ্টা কৰিছে। সম্প্ৰতি স্বাস্থ্যৰ কিছু অৱনতি ঘটা হাতীটোক উদ্ধাৰ কৰি উন্নত চিকিৎসা প্ৰদান কৰাৰ বাবে স্থানীয় ৰাইজে বন বিভাগক দাবী জনাইছে।