সাৱধান! পথৰ দাঁতিত গৰাকীবিহীন গাড়ী দেখিলেই উঠাই নিব মহানগৰ আৰক্ষীয়ে
'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ২১ জানুৱাৰী: সাৱধান হওক! পথৰ দাঁতিত গৰাকীবিহীন গাড়ী দেখিলেই উঠাই নিব মহানগৰ আৰক্ষীয়ে। পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত থকা গাড়ী-মটৰ উঠাই আনিব আৰক্ষীয়ে। ইয়াৰ বাবে মহানগৰ আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিছে। এই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত থকা গৰাকীবিহীন বাহন যাতে যান-জঁটৰ অন্যতম কাৰক হ'ব নোৱাৰে, সেই বিষয়টো আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈছে। সেই অনুসৰি এতিয়াৰে পৰা পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত থকা গৰাকীবিহীন বাহন আৰক্ষীয়ে উঠাই অনাৰ পদক্ষেপ লৈছে।
আনকি এই ক্ষেত্রত গুৱাহাটীবাসীৰ সহায়-সহযোগিতাও কামনা কৰিছে আৰক্ষীয়ে। মহানগৰখনৰ ভিন্ন স্থানৰ পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত গাড়ী-মটৰ দেখিলেই আৰক্ষীক খবৰ দিবলৈ কোৱা হৈছে। গুৱাহাটীত সুচল যাতায়াতৰ বাবে এই ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে যদিও পৰিত্যক্ত বাহনসমূহ যাতে আতংকৰ কাৰণ হ'ব নোৱাৰে সেই বিষয়ত আৰক্ষী সজাগ হৈছে। উল্লেখ নকৰি নোৱাৰি যে যোৱা স্বাধীনতা দিৱসত গুৱাহাটীসহ ৰাজ্যৰ কেইবাটাও স্থানত উগ্রপন্থীয়ে পথৰ দাঁতিৰ পৰিত্যক্ত বাহনত বিস্ফোৰক স্থাপন কৰিছিল। এই লৈ সেই সময়ত সৃষ্টি হৈছিল আতংকৰ। সেয়ে আগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে পথৰ দাঁতিৰ পৰিত্যক্ত বাহনৰ ওপৰত বিশেষ নজৰ দিয়া বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।