Logo
image

টকিঅ’ত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি জাপানত 'ৰোড শ্ব’ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ জাপানত প্ৰথম দিনৰ ৰোড শ্ব’ত ১৬০ গৰাকীতকৈ অধিক ঔদ্যোগিক আৰু ব্যৱসায়ীক নেতাৰ সৈতে  বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা৷ মঙলবাৰৰ নিশা দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি জাপানত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে দেশখনত উপস্থিত হোৱাৰ পাছত ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম-২.০ সন্মিলনৰ সন্দৰ্ভত বহুজাতিক সংস্থা, ব্যক্তিবিশেষ, বিষয়া-প্ৰতিনিধি, উদ্যোগপতিৰে সাক্ষাতত মিলিত হয়৷ জাপানত মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘শেহতীয়া বছৰবোৰত অসমে ৰাজ্যখনলৈ বৃহৎ পৰিসৰৰ বিনিয়োগ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে আৰু ৩ বিলিয়ন ডলাৰৰ উৎপাদন-সংযোজিত উদগনি আবণ্টন দিছে৷ মুখ্যমন্ত্ৰীয়ে অসমৰ বিকাশ আৰু উন্নয়নৰ এই ধাৰাত অধিক চামিল হ’বলৈ জাপানক আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমে তিনিটা বিশেষ মৌলিক ধাৰণা- সৰলতা, স্বচ্ছতা আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি ৰাজ্যত বিনিয়োগ কৰিবলৈ ব্যৱসায়ীসকলক আমন্ত্ৰণ জনাইছে৷ আমি এই নীতিসমূহ অনুসৰণ কৰিছোঁ আৰু নতুন যুগীয় উদ্যোগসমূহক তেওঁলোকৰ ভিত্তি স্থাপন কৰিবলৈ উৎসাহিত কৰিছোঁ৷ এডভাণ্টেজ আছাম জাপান ৰোড শ্ব’ৰ আৰম্ভণি কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টকিঅ’ত মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অসমৰ বিকাশ আৰু উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ জাপান ভ্ৰমণৰ ২২ জানুৱাৰী দিনটোত মুখ্যমন্ত্ৰীয়ে ৬খন বৈঠকত অংশগ্ৰহণ কৰে৷ অসমৰ অৰ্থনৈতিক উন্নয়নৰ খতিয়ান আৰু ‘ইজ অৱ ডুইং বিজনেছ’ৰ বিষয়ত ১৬০গৰাকীতকৈও অধিক জাপানী ব্যৱসায়িক নেতাৰ সৈতে মত বিনিময় কৰে৷ ২০১৪ চনৰ তুলনাত অসমে অহা বছৰৰ ভিতৰত ইয়াৰ অৰ্থনীতি তিনিগুণ কৰিবলৈ আগবাঢ়িছে– যি ১২.৪ শতাংশ অভূতপূৰ্ব নিৰন্তৰ বিকাশৰ হাৰ প্ৰতিনিধিত্ব কৰে৷ আমাৰ একক উইণ্ডো মেকানিজম আৰু ৩ বিলিয়ন আমেৰিকান ডলাৰৰ উৎপাদন সংযোজিত উদগনিয়ে অসমক বিনিয়োগৰ সুযোগৰ দিশত উজলাই তুলিছে৷ ভাৰত আৰু জাপানৰ মাজত শক্তিশালী অৰ্থনৈতিক বন্ধনৰ দিশত অসমে এক অনুপ্ৰেৰণামূলক প্ৰভাৱ সাব্যস্ত কৰি আগুৱাই যাবলৈ সক্ষম হ’ব৷


পৰৱৰ্তী সময়ত জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোগা য়ুইচিৰোৰ সৈতে সাক্ষাতত মিলিত হৈ জাপানী প্ৰতিষ্ঠানসমূহৰ প্ৰতি সমৰ্পিত এটা ব্যৱসায়িক ক্ষেত্ৰ স্থাপনৰ বাবে অসমৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে৷ লগতে জাপান চৰকাৰক কাৰিকৰী ইণ্টাৰ্ন প্ৰশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতা কৰ্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈও অনুৰোধ জনায়৷ যাৰ দ্বাৰা অসমৰ যুৱকসকলে জাপানত হ্ৰস্বম্যাদী কামৰ সুযোগ উন্নত কৰিব পাৰিব৷ পাছত মুখ্যমন্ত্ৰীয়ে জাপান বাহ্যিক বাণিজ্য সংস্থা (জেট্ৰ’) ৰ কাৰ্যবাহী উপাধ্যক্ষ কাজুয়া নাকাজোৰ সৈতেও সাক্ষাতত মিলিত হয়৷ ৰাজ্যৰ পাৰস্পৰিক বিকাশ সাধনৰ বাবে বাণিজ্য, ব্যৱসায় আৰু উদ্যোগ খণ্ডত জাপান-অসমৰ মাজত সহযোগিতা বৃদ্ধিয়ে উক্ত আলোচনাত স্থান পায়৷ টকিঅ’ত হিটাচিৰ উপাধ্যক্ষ হিৰোহিড়ে হিৰাইৰে সাক্ষাতত মিলিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানৰ আগশাৰীৰ ছেমিকণ্ডাক্টৰ নিৰ্মাতা ৰেনেছাছ ইলেক্টªনিকছৰ উপাধ্যক্ষ চাৰ্লছ কাৱাছিমাকো সাক্ষাৎ কৰে৷ উল্লেখ্য, অসম চৰকাৰে দাবী কৰি আহিছে যে অসমত ছেমিকণ্ডাক্টৰৰ যি প্ৰকল্প, সেই প্ৰকল্পত দৈনিক ৪৮ নিযুত চিপ উৎপাদনৰ লক্ষ্যৰে কাম কৰিব, যাৰ ফলত অসম চিপ যোগানৰ দিশত এক বিশ্বব্যাপী কেন্দ্ৰ হৈ পৰিব৷ মুখ্যমন্ত্ৰীয়ে ৰেনেছাছক ছেমিকণ্ডাক্টৰৰ দিশত অসমৰ বিকাশৰ কাহিনীৰ অংশীদাৰ হ’বলৈ আহ৩ান জনায়৷ টয়’ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ইজি হোছোইৰ সৈতে এক অন্তদৃৰ্ষ্টিপূৰ্ণ আলোচনাত মিলিত হৈ টয়’ৰ বিশাল অভিজ্ঞতা আৰু হাইড্ৰ’কাৰ্বন খণ্ডত অসমৰ অপৰিসীম ক্ষমতাৰ সমন্বয়েৰে ৰাজ্যৰ বিকাশৰ বাবে সুযোগ অন্বেষণ কৰিবলৈ আৰু অসমত তেখেতসকলৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰিবলৈ আহ৩ান জনায়৷ জাপানস্থিত প্ৰবাসী অসমীয়াসকলে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অসমৰ থলুৱা পিঠা-পনাৰে আপ্যায়ন কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম দিনৰ কাৰ্যসূচীত সাক্ষাতত মিলিত হোৱা আটাইকে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত উপস্থিত থাকিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জাপানত তিনিদিন উপস্থিত থাকি বিভিন্ন কাৰ্যসূচী সম্পাদন কৰিব৷