
আতংকত ৰে’লৰ পৰা জঁপিয়াই নমা যাত্ৰীক মহটিয়ালে দ্ৰুতগামী এক্সপ্ৰেছে
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত এক অভাৱনীয় ৰে’ল দুৰ্ঘটনাত কমেও ১২ জন যাত্ৰী নিহত হৈছে৷ পৰান্দা ৰে’ল ষ্টেছনৰ সমীপত বিয়লি ৪.১৯ বজাত দুৰ্ঘটনাটো সংঘটিত হয়৷ এই দুৰ্ঘটনাত নিহতৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে৷ পুষ্পক এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ ভিতৰত জুই লগা বুলি প্ৰচাৰ হোৱা উৰাবাতৰিৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷ পুষ্পক এক্সপ্ৰেছত জুইলগা বুলি গুজব ওলোৱাত কোনো যাত্ৰীয়ে চেইন টানি ৰে’লখন ৰখাই দিয়ে৷ লগে লগে শতাধিক যাত্ৰীয়ে আতংকত ৰে’লৰ পৰা কাষৰ ৰে’লপথলৈ জপিয়াই নামে৷ সেই সময়তে বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী কৰ্ণাটক এক্সপ্ৰেছে ৰে’লপথৰ ওপৰত ৰৈ থকা শতাধিক যাত্ৰীক মহটিয়াই লৈ যায়৷ ফলত থিতাতে ১২ জন যাত্ৰীৰ মৃত্যু হয়৷ এই ঘটনাত বহু যাত্ৰী আহত হৈছে৷ কৰ্ণাটক এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ খুন্দাত পুষ্পক এক্সপ্ৰেছৰ যাত্ৰীৰ মৃতদেহ, শৰীৰৰ অংগ-প্ৰতংগ চৌদিশে সিচঁৰতি হৈ পৰে৷ ফলত কিমানজন যাত্ৰী প্ৰকৃততে নিহত হৈছে, সেয়া এতিয়াই নিৰ্ণয় কৰা কঠিন হৈছে৷
পুষ্পক এক্সপ্ৰেছ ৰে’লগাড়ীখন লক্ষ্ণৌৰ পৰা মুম্বাই অভিমুখে গৈ আছিল৷ আনহাতে, কৰ্ণাটক এক্সপ্ৰেছ বেংগালুৰুৰ পৰা দিল্লী অভিমুখে গৈছিল৷ এজন ৰে’ল বিষয়াই দাবী কৰা অনুসৰি পুষ্পক এক্সপ্ৰেছত জুই লগা নাছিল৷ সম্ভৱতঃ কোনো যাত্ৰীয়ে দুয়োটা দবাৰ সংযোগস্থলেৰে ‘হট এক্সেল’ বা ‘ব্লেক বাইণ্ডিঙ’ৰ সংঘৰ্ষত নিৰ্গত হোৱা জুইৰ ফিৰিঙতি দেখা পাই ভুলবশতঃ ৰে’লগাড়ীখনত জুই লগা বুলি খবৰ দিয়ে৷ লগে লগে কোনো যাত্ৰীয়ে চেইন টানি পুষ্পক এক্সপ্ৰেছখন ৰখাই দিয়ে আৰু জুই লগাৰ গুজব নিমিষতে ৰে’লগাড়ীৰ মাজত বিয়পি পৰে৷ ফলত আতংকিত বহু যাত্ৰী জপিয়াই কাষৰে ৰে’লপথত নামি দিয়ে৷ কিন্তু সেই সময়তে যে কাষৰ ৰে’লপথেৰে আন এখন ৰে’লগাড়ী বিপৰীত দিশৰ পৰা আহি আতংকিত যাত্ৰীক মহটিয়াই নিব, সেয়া কোনেও ভাবিব পৰা নাছিল৷