
ছঈফৰ পৰা কাঢ়ি নিয়া হ’ব ১৫,০০০ কোটি টকাৰ সম্পত্তি
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ জানুৱাৰীঃ ছঈফ আলী খানৰ দিন মুঠেই ভাল যোৱা নাই৷ বাংলাদেশী দুৰ্বৃত্ত মহম্মদ ছৰিফুল শ্বেহজাদৰ আক্ৰমণত আহত হৈ ৬ দিন হাস্পতালত কটাই ঘৰলৈ উভতিয়েই সম্পত্তি হানিৰ খবৰ পালে বলীউডৰ অভিনেতা ছঈফ আলী খানে৷ পাটাউডি ৰাজ পৰিয়ালৰ প্ৰায় ১৫,০০০ কোটি টকাৰ সম্পত্তি চৰকাৰক অধিগ্ৰহণ কৰাৰ নিৰ্দেশ দিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে৷ এই ঐতিহাসিক সম্পত্তি ৰক্ষা কৰাৰ বাবে ছঈফ আলী খানৰ অন্তিম বিকল্প আছে ‘এপিলেট ট্ৰাইবুনেল’ত আবেদন৷ মধ্যপ্ৰদেশৰ ভূপালত থকা এই ৰাজহাউলীতে ছঈফ আলী খানৰ শৈশৱ, কৈশোৰ অতিবাহিত হৈছিল৷ এই সম্পত্তিৰ ভিতৰত আছে নুৰ-উছ-ছাবাহ হাউলী, ডৰ-উছ-ছালাম, হাবিবি বাংলো, আহমেদাবাদ হাউলী, ক’হেফিজা সম্পত্তি আৰু ফ্লেগ ষ্টাফ হাউছ৷ কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনত এখন অধ্যাদেশৰ জৰিয়তে এই সম্পত্তিক ‘শত্ৰুৰ সম্পত্তি’ আইনত অন্তৰ্ভুক্ত কৰি ছঈফৰ পৰা হস্তগত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ ছঈফ আলী খানে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ বিৰুদ্ধে আদালতত যুঁজ কৰিলেও মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ পক্ষে ৰায়দান কৰে৷ এতিয়া ছঈফৰ ওচৰত কেৱল ‘এপিলেট ট্ৰাইবুনেল’ত আবেদন জনেৱাৰ বিকল্পহে বাকী আছে৷
১৯৪৭ চনত ভূপাল আছিল ‘প্ৰিন্সলি ষ্টেট’৷ তাৰ শেষজন নবাব আছিল নবাব হামিদুল্লা খান৷ তেওঁৰ তিনিগৰাকী কন্যা সন্তান আছিল৷ তাৰে ডাঙৰগৰাকী আবিদা ছুলতান ১৯৫০ চনত পাকিস্তানলৈ স্থায়ীভাৱে যায়৷ দ্বিতীয়গৰাকী কন্যা ছাজিদা ছুলতান ভাৰততে থাকে আৰু তেওঁ নবাব ইফটিকাৰ আলী খান পাটাউডিক বিয়া কৰে৷ তেওঁৰেই নাতি ছঈফ আলী খান৷ তাৎপৰ্যপূৰ্ণভাৱে, কেন্দ্ৰীয় চৰকাৰে ভাৰতত থকা পাটাউডি পৰিয়ালৰ আনসকলক ভ্ৰূক্ষেপ নকৰি এগৰাকী কন্যা পাকিস্তানলৈ স্থায়ীভাৱে যোৱাৰ বাবেই পাটাউডি পৰিয়ালৰ এই সম্পত্তি ‘এনিমি এপাৰ্টি’ আইনৰ অধীনলৈ আনে৷