মুখৰ দুৰ্গন্ধ আঁতৰাবলৈ ব্যৱহাৰ কৰক ঘৰুৱা ‘মাউথৱাছ’
আমাৰ অসম বিশেষঃ স্বাস্থ্য ভালে ৰখাৰ সমান্তৰালভাৱে মুখৰ যত্ন লোৱাটো অতি জৰুৰী৷ অন্যথা মুখৰ পৰা দুৰ্গন্ধ, কেভিটি, প্লাক জমাহোৱা আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ ফলত কাৰোবাৰ সৈতে কথা পাতোতে মুখৰ দুৰ্গন্ধ হৈ পৰে অস্বস্তিৰ কাৰণ৷ সেয়ে দাঁত আৰু দাঁতৰ মাৰি সদায় পৰিষ্কাৰ কৰি ৰখাটো দৰকাৰ৷ দিনত অন্ততঃ দুবাৰকৈ দাঁত ব্ৰাছ কৰা আৰু জিভা পৰিষ্কাৰ কৰাটো সুস্বাস্থ্যৰ বাবে অতি জৰুৰী৷ পিছে কেৱল ব্ৰাছ কৰিলেই যে দাঁত সুৰক্ষিত হৈ থাকে এনে নহয়৷ দাঁত সুৰক্ষিত আৰু মুখগহ্বৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ প্ৰয়োজন উপযুক্ত ‘মাউথৱাছ’ৰ৷ মাউথৱাছে মুখৰ দুৰ্গন্ধ আঁতৰোৱাৰ লগতে দাঁতক কেভিটিৰ পৰা ৰক্ষা কৰে৷ বজাৰত বিভিন্ন ধৰণৰ মাউথৱাছ পোৱা যায়৷ কিন্তু আপুনি ঘৰতেই উৎকৃষ্ট মাউথৱাছ প্ৰস্তুত কৰি ল’ব পাৰে৷ আজি আগবঢ়োৱা হ’ল মাউথৱাছ ঘৰতে প্ৰস্তুত কৰাৰ সহজ পদ্ধতি–
[১] আধা চামুচ নিমখ কুহুমীয়া পানীৰ সৈতে মিহলাই গাৰ্গল্ কৰক৷ খাদ্য গ্ৰহণৰ পিছত এই মিশ্ৰণ ব্যৱহাৰ কৰক৷ নিমখ-পানী মাউথৱাছ হিচাপে অতি উৎকৃষ্ট৷ ই দাঁতৰ সমস্যা আঁতৰায়৷
[২] নাৰিকলৰ তেলো মাউথৱাছ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়৷ এই প্ৰক্ৰিয়াক ‘অইল কুলিং’ বুলি কোৱা হয়৷ ইয়াৰ বাবে এচামুচ নাৰিকলৰ তেল ব্যৱহাৰ কৰক৷ তেলখিনি মুখত লৈ কেইবাবাৰো লৰচৰ কৰি উলিয়াই পেলাওক৷ ইয়াৰ পিছত বিশুদ্ধ পানীৰে মুখ পখালি পেলাওক৷ এনে প্ৰক্ৰিয়াই মুখৰ দুৰ্গন্ধ আঁতৰোৱাত সহায় কৰে৷
[৩] বেকিং ছ’ডাৰেও মুখৰ দুৰ্গন্ধ আঁতৰাব পাৰি৷ বেকিং ছ’ডাই দুৰ্গন্ধ আঁতৰোৱাৰ লগতে মুখক বেক্টেৰিয়াৰ পৰা মুক্ত কৰে৷ বেকিং ছ’ডাই লেলাউটিৰ পি এইছ লেবেল বৃদ্ধি কৰে৷
[৪] ডালচেনি আৰু লঙৰ তেলেৰেও ঘৰতে মাউথৱাছ প্ৰস্তুত কৰি ল’ব পৰা যায়৷ ইয়াৰ বাবে একাপ ডিষ্টিল ৱাটাৰ, দহ ফটা লং আৰু দহ ফটা ডালচেনিৰ তেল মিহলাই লওক৷ এই উপাদানখিনি ভালদৰে মিশ্ৰণ কৰি ল’বলৈ নাপাহৰিব৷ এনে মিশ্ৰণ আপুনি বহুদিনলৈ সংৰক্ষিত কৰি ৰাখিব পাৰে৷ ডালচেনি, ডিষ্টিল ৱাটাৰ আৰু লঙৰ তেলৰ মিশ্ৰণেৰে মুখ ধুই পেলাওক৷ দেখিব মুখৰ দুৰ্গন্ধ নাইকিয়া হৈছে৷
[৫] এলোভেৰাৰ জুছেৰেও ঘৰতে মাউথৱাছ প্ৰস্তুত কৰিব পৰা যায়৷ আধাকাপ ডিষ্টিল ৱাটাৰৰ সৈতে আধাকাপ এলোভেৰা জুছৰ মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণেৰে গাৰ্গল্ কৰক৷ প্ৰতিবাৰ দাঁত ব্ৰাছ কৰাৰ পাছতে এই পদ্ধতিৰ সহায় লওক৷ এলোভেৰা জুছ আৰু ডিষ্টিল ৱাটাৰৰ মিশ্ৰণে দাঁতৰ মাৰিৰ ৰক্তপাত বন্ধ কৰাৰ লগতে মুখৰ দুৰ্গন্ধ সহজে আঁতৰায়৷